লাৱণ্য প্ৰভা ঘোষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লাৱণ্য প্ৰভা ঘোষ
জন্ম ১৪ আগষ্ট, ১৮৯৭[1][2]
মৃত্যু ১১ এপ্ৰিল, ২০০৩[3]
শিল্পাশ্ৰম ,পুৰুলিয়া, পশ্চিম বঙ্গ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
অন্য নাম মনভুম জননী[2]
জনা যায় স্বাধীনতা সেনানী[1]
সন্তান অৰুণ চন্দ্ৰ ঘোষ
উৰ্ম্মিলা মজুমদাৰ[3]
অমল চন্দ্ৰ ঘোষ


লাৱণ্য প্ৰভা ঘোষ (ইংৰাজী: Labanya Prabha Ghosh; ১৮৯৭ – ২০০৩) বা লাৱণ্য দেৱী[4] এগৰাকী গান্ধীবাদী নেত্ৰী[5] তথা পশ্চিম বংগৰ, পুৰুলিয়া জিলা নিবাসী ভাৰতীয় স্বাধীনতা আন্দোলনৰ এগৰাকী বিশিষ্ট ব্যক্তি।[1] তেওঁ প্ৰায় ১০৬ বছৰ জীয়াই আছিল আৰু জীৱনৰ শেষ সময়ছোৱাত, এক দৰিদ্ৰ-পীড়িত আশ্ৰমত জীৱন নিৰ্বাহ কৰিবলৈ তেওঁক বাধ্য কৰা হৈছিল। স্বাধীনতা সেনানী সকলক প্ৰদান কৰা পেঞ্চনৰ টকাকেইটাই আছিল তেওঁৰ একমাত্ৰ উপাৰ্জন। [1] ভাৰতৰ স্বাধীনতা লাভৰ আগৰ আৰু পিছৰ, তেওঁৰ সুদীৰ্ঘ জীৱনৰ এই গোটেই সময়ছোৱা তেওঁ সৰ্বসাধাৰণ মানুহৰ ন্যায়ৰ বাবে যুঁজি পাৰ কৰিছিল।

প্ৰাৰম্ভিক জীৱন আৰু স্বাধীনতাৰ যুঁজ[সম্পাদনা কৰক]

১৮৯৭ চনৰ ১৪ আগষ্ট তাৰিখে লাৱণ্য প্ৰভাৰ জন্ম হৈছিল। তেওঁৰ জনপ্ৰিয় নাম আছিল মনভুম জননী(মনভুম জিলাৰ মাতৃ)। ১৯০৮ চনত, ১১ বছৰ বয়সত লাৱণ্য প্ৰভাৰ অতুল চন্দ্ৰ ঘোষৰ সৈতে বিয়া হয়। অতুল চন্দ্ৰ ঘোষো পুৰুলিয়া জিলাৰ পৰা স্বাধীনতা যুঁজত অংশগ্ৰহণ কৰা এগৰাকী অগ্ৰণী স্বাধীনতা সেনানী আছিল। লাৱণ্য কেতিয়াও স্কুললৈ যোৱা নাছিল, বৰঞ্চ তেওঁক ঘৰতে দেউতাকে পঢ়াইছিল। তেওঁৰ দেউতাক ঋষি নৱৰুণ চন্দ্ৰ[1]ও এগৰাকী স্বাধীনতা যুঁজাৰু আছিল। নৱৰুণ চন্দ্ৰই তেওঁৰ জোঁৱায়েকৰ লগ-লাগি পুৰুলিয়াৰ টেল্কালপাৰাত শিল্পাশ্ৰম প্ৰতিষ্ঠা কৰিছিল। টেল্কালপাৰাত সুভাষ চন্দ্ৰ বসু, চিত্ৰৰঞ্জন দাস আদিকে ধৰি বহুজন অগ্ৰণী স্বাধীনতা যুঁজাৰু গোট খাইছিল আৰু কোনো কোনো উপলক্ষত মহাত্মা গান্ধীও শিল্পাশ্ৰমলৈ আহিছিল।[3] লাৱণ্য প্ৰভা পুৰুলিয়াৰ প্ৰথম গৰাকী মহিলা বিধায়ক আছিল।[3] তেওঁ ‘লোক সেৱক সংঘ’ক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ শিল্পাশ্ৰমৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল আৰু শিল্পাশ্ৰম আছিল ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা লোৱা মনভুম অঞ্চলৰ এটি গুৰুত্বপূৰ্ণ কেন্দ্ৰ। লাৱণ্য প্ৰভাই, তেওঁৰ স্বামীয়ে পুৰুলিয়াৰ পৰা প্ৰকাশ কৰা সাপ্তাহিক বাৰ্তালোচনী মুক্তিত ভালেখিনি প্ৰৱন্ধ লিখিছিল আৰু ১৯৬১ চনত স্বামীৰ মৃত্যুৰ পাছত সাপ্তাহিকীখনৰ সম্পাদকৰ ভাৰ লৈছিল।[6] ব্ৰিটিছ শাসনৰ সময়ত পুৰুলিয়াত হোৱা বহুবোৰ প্ৰতিবাদৰ তেওঁৰ নেতৃত্ব লৈছিল[4] আৰু সেই অঞ্চলটোৰ এগৰাকী উল্লেখনীয় স্বাধীনতা সেনানী ৰূপে স্বীকৃত হৈছিল। লাৱণ্য প্ৰভাৰ পুত্ৰ অৰুণ চন্দ্ৰ ঘোষ আৰু জীয়ৰী উৰ্ম্মিলা মজুমদাৰেও স্বাধীনতা আন্দোলনত ভাগ লৈছিল আৰু মাকৰ সৈতে পুৰুলিয়াৰ শিল্পাশ্ৰমত আছিল।[1]

লোণ আইন অমান্য আন্দোলন[সম্পাদনা কৰক]

তেওঁ লোণ সত্যাগ্ৰহ (১৯৩০) আৰু পতাকা সত্যাগ্ৰহ (১৯৪৫)ত মুখ্য ভূমিকা পালন কৰিছিল আৰু ব্ৰিটিছ চৰকাৰে তেওঁক কেইবাবাৰো গ্ৰেপ্তাৰ কৰিছিল।[2][7] তেওঁ ব্যক্তিগত সত্যাগ্ৰহও হাতত লৈছিল আৰু ১৯৪১ চনত ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গ্ৰেপ্তাৰ হৈছিল।[7] ১৯৪২ চনত মহাত্মা গান্ধীয়ে আহ্বান কৰা ভাৰত ত্যাগ আন্দোলনৰ অংশ হিচাপে লাৱণ্য প্ৰভা ঘোষে তেওঁৰ জীয়ৰী কমলা ঘোষৰ সৈতে পুৰুলিয়াৰ শিল্পা আশ্ৰমত প্ৰতিবাদৰ আয়োজন কৰিছিল আৰু দুয়োকে গ্ৰেপ্তাৰ কৰা হৈছিল।[8]

ভাৰতৰ স্বাধীনতাৰ পিছত, তেওঁ বিহাৰৰ ভাষা আন্দোলনত অংশ গ্ৰহণ কৰিছিল, যাৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু পিছত, এই আন্দোলনৰ বাবে, পুৰুলিয়া বিহাৰৰ পৰা পৃথক হৈছিল আৰু ভাষিক ভিত্তিত পশ্চিম বংগৰ সৈতে একত্ৰিত হৈছিল।[2] আকৌ জৰুৰী কালীন অৱস্থাত তেওঁক ১৯৭৫ চনত গ্ৰেপ্তাৰ কৰা হৈছিল।[2]

২০০৩ চনৰ ১১ এপ্ৰিলত[3] ১০৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

স্বীকৃতি[সম্পাদনা কৰক]

  • ২০০৩ চনৰ ফেব্ৰুৱাৰী মাহত ভাষা আন্দোলনলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাষা ছহিদ স্মাৰক সমিতিৰ হৈ সুনীল গঙ্গোপাধ্যায়ৰ দ্বাৰা তেওঁক সম্বৰ্ধনা জনোৱা হৈছিল।[5]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 Chakraborty, Debajyoti (24 July 2001). "No freedom from poverty". The Times of India. Archived from the original on 4 January 2013. https://archive.today/20130104104526/http://articles.timesofindia.indiatimes.com/2001-07-24/kolkata/27223916_1_freedom-fighter-purulia-ghosh. 
  2. 2.0 2.1 2.2 2.3 2.4 "INFORMATION & CULTURE : PURULIA,FAMOUS PERSONALITIES,Labanya Prabha Ghosh". purulia.gov.in.(govt.owned website). http://purulia.gov.in/distAdmin/departments/dico/per4.html। আহৰণ কৰা হৈছে: 22 September 2012. 
  3. 3.0 3.1 3.2 3.3 3.4 "Suffering in the land of martyrs". The Statesman. Asia Africa Intelligence wire. 4 July 2003. http://www.accessmylibrary.com/coms2/summary_0286-23711387_ITM. 
  4. 4.0 4.1 Ghosh, Niranjan (1988). Role of women in the freedom movement in Bengal, 1919-1947: Midnapore, Bankura, and Purulia district. Tamralipta Prakashini. পৃষ্ঠা. 291, 308, 310. ISBN 9780836424287. https://books.google.com/books?id=xYtAAAAAMAAJ&q=%22Labanya+Prabha+Ghosh%22. 
  5. 5.0 5.1 "Purulia pioneer passes away". The Telegraph. 12 April 2003. http://www.telegraphindia.com/1030413/asp/bengal/story_1868853.asp। আহৰণ কৰা হৈছে: 24 September 2012. 
  6. Dr. Rajendra Prasad, Correspondence and Select Documents Vol 10. 10. প্ৰকাশক New Delhi: Allied Publishers. 1984. পৃষ্ঠা. 134. ISBN 9788170230021. https://books.google.com/books?id=QfqUPmd1nvQC&dq=Labanya+Ghosh&pg=PA134। আহৰণ কৰা হৈছে: 24 September 2012. 
  7. 7.0 7.1 Kumari, Saroj (2005). Role of women in the freedom movement in Bihar, 1912-1947. প্ৰকাশক Patna: Janaki Prakashan. পৃষ্ঠা. 138, 179. https://books.google.com/books?id=23cwAQAAIAAJ&q=%22Labanya+Prabha+Ghosh%22। আহৰণ কৰা হৈছে: 24 September 2012. 
  8. Thakur, Bharti (2006). Women in Gandhi's Mass Movements. Deep and Deep Publications. পৃষ্ঠা. 164. ISBN 9788176298186. https://books.google.com/books?id=7qJesClv4z4C&dq=Lavanya+Prabha+Ghosh&pg=PA164। আহৰণ কৰা হৈছে: 24 September 2012.