লিংগ বৈষম্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

লিংগৰ ভিত্তিত মানুহক সম-ব্যৱহাৰ নকৰা সামাজিক পৰিঘটনাটোৱেই হৈছে লিংগ বৈষম্য (ইংৰাজী: Gender inequality)। জীৱবিজ্ঞান, মনোবিজ্ঞান বা সমাজত প্ৰচলিত সাংস্কৃতিক নীতি-নিয়মৰ সম্পৰ্কীয় পাৰ্থক্যৰ পৰাই এই বৈষম্যৰ নিৰ্মূল হ’ব পাৰে। এই পাৰ্থক্যসমূহৰ কিছুমান অভিজ্ঞতাৰ ভিত্তিত গঢ় লৈ উঠিছে, আনহাতে আন কিছুমান সামাজিক গঠন যেন লাগে। সমগ্ৰ বিশ্বতে বৰ্তমানৰ নীতিয়ে ব্যক্তিৰ মাজত বৈষম্যৰ সৃষ্টি কৰিলেও মহিলাসকলৰ ওপৰতহে ইয়াৰ আটাইতকৈ বেছি প্ৰভাৱ পৰে। লিংগ বৈষম্যই মহিলাসকলক স্বাস্থ্য, শিক্ষা আৰু ব্যৱসায়িক জীৱনৰ দৰে বহু ক্ষেত্ৰত দুৰ্বল কৰি তোলে।[1]অধ্যয়নসমূহে শিক্ষা, আয়ুস, ব্যক্তিত্ব, আগ্ৰহ, পাৰিবাৰিক জীৱন, কেৰিয়াৰ, আৰু ৰাজনৈতিক সংযোগকে ধৰি বহু ক্ষেত্ৰত লিংগৰ বিভিন্ন দিশ দেখুৱাইছে। লিংগ বৈষম্য বিভিন্ন সংস্কৃতিত ভিন্ন আৰু ই অ-বাইনাৰী লোককো প্ৰভাৱিত কৰে।

লৈংগিক পাৰ্থক্য[সম্পাদনা কৰক]

জীৱবিজ্ঞান[সম্পাদনা কৰক]

জৈৱিক আৰু শাৰীৰিক কাৰকৰ ওপৰত ভিত্তি কৰি লিংগৰ মাজত প্ৰাকৃতিক পাৰ্থক্য থাকে৷ বেছিভাগৰেই প্ৰজনন ভূমিকা বেলেগ বেলেগ। এই জৈৱিক পাৰ্থক্যসমূহৰ ভিতৰত ক্ৰম'জম আৰু হৰম'নৰ পাৰ্থক্য আদি অন্তৰ্ভুক্ত।[2]লিংগৰ আপেক্ষিক শাৰীৰিক শক্তিৰ (গড়ে)ও স্বাভাৱিক পাৰ্থক্য দেখা যায়৷ শৰীৰৰ তলৰ অংশ আৰু অধিক স্পষ্টভাৱে শৰীৰৰ ওপৰৰ অংশ দুয়োটাতে পাৰ্থক্য বিদ্যমান৷ অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে কোনো পুৰুষ কোনো মহিলাতকৈ শক্তিশালী।[3][4] পুৰুষ গড়ে মহিলাতকৈ অধিক ওখ হয়, যিয়ে তেওঁলোকৰ বাবে সুবিধা আৰু অসুবিধা দুয়োটাই সৃষ্টি কৰে।[5]মহিলাসকলে গড়ে পুৰুষতকৈ যথেষ্ট বেছি দিন জীয়াই থাকে৷[6] পুৰুষৰ হাওঁফাওঁৰ আয়তন বেছি আৰু ৰক্তকণিকাত অধিক চলাচল হয়৷ আনহাতে মহিলাৰ শ্বেত ৰক্তকণিকা বেছি চলাচল কৰে আৰু এণ্টিবডি দ্ৰুতভাৱে উৎপন্ন হয়।[7] এই ধৰণৰ পাৰ্থক্যক যৌন বিশেষীকৰণৰ অনুমতি দিয়া অভিযোজন বুলি অনুমান কৰা হয়।[8]

মনোবিজ্ঞান[সম্পাদনা কৰক]

প্ৰসৱৰ পূৰ্বে হৰম'নৰ সংস্পৰ্শই এজন ব্যক্তিয়ে সাধাৰণ পুৰুষ বা নাৰীসুলভ বৈশিষ্ট্য প্ৰদৰ্শনৰ পৰিসৰক প্ৰভাৱিত কৰে।[9][10]সাধাৰণ বুদ্ধিমত্তাত পুৰুষ আৰু মহিলাৰ মাজত পাৰ্থক্য নগণ্য।[11] পুৰুষতকৈ মহিলাসকলে ৰিস্ক লোৱাৰ সম্ভাৱনা যথেষ্ট কম।[12] পুৰুষতকৈও মহিলাতকৈ আক্ৰমণাত্মক হোৱাৰ সম্ভাৱনা বেছি, যিটো বৈশিষ্ট্য প্ৰসৱৰ পূৰ্বে আৰু সম্ভৱতঃ এণ্ড্ৰজেনৰ সংস্পৰ্শৰ দ্বাৰা প্ৰভাৱিত।[13][14]তত্ত্বৰ মতে, এই পাৰ্থক্যসমূহ শাৰীৰিক পাৰ্থক্যৰ সৈতে মিলি যৌন শ্ৰম বিভাজনক প্ৰতিনিধিত্ব কৰা এক অভিযোজন।[8]দ্বিতীয়টো তত্ত্বই প্ৰস্তাৱ কৰে যে আন্তঃগোট আক্ৰমণাত্মকতাত লিংগৰ পাৰ্থক্যই পুৰুষৰ আক্ৰমণাত্মকতাৰ অভিযোজনক প্ৰতিনিধিত্ব কৰে যাতে ভূখণ্ড, সম্পদ আৰু সংগী আহৰণৰ সুবিধা হয়।[7]মহিলাসকল (গড়ে) পুৰুষতকৈ অধিক সহানুভূতিশীল৷ অৱশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে কোনো মহিলা কোনো পুৰুষতকৈ অধিক সহানুভূতিশীল।[15] পুৰুষ আৰু মহিলাৰ দৃশ্য-স্থানীয় আৰু মৌখিক স্মৃতিশক্তি ক্ৰমে ভাল। এই পৰিৱৰ্তনসমূহ পুৰুষৰ যৌন হৰম'ন টেষ্টষ্টেৰনৰ দ্বাৰা প্ৰভাৱিত হয়, যিয়ে প্ৰয়োগ কৰাৰ সময়ত দুয়োটা লিংগৰ দৃষ্টিস্থানীয় স্মৃতিশক্তি বৃদ্ধি কৰে।[16]

জন্মৰ পৰাই পুৰুষ আৰু মহিলাৰ সামাজিকতা বেলেগ বেলেগ হয় আৰু তেওঁলোকে জীৱনৰ বিভিন্ন পৰিৱেশৰ অভিজ্ঞতা লাভ কৰে। সমাজৰ প্ৰভাৱৰ বাবে লিংগই প্ৰায়ে জীৱনৰ বহুতো প্ৰধান বৈশিষ্ট্যক বহু পৰিমাণে প্ৰভাৱিত কৰে।[17] লিংগ ভূমিকাৰ আশা আৰু লিংগ ভূমিকাৰ কু-সংস্কাৰৰ প্ৰভাৱৰ বাবে পুৰুষ আৰু মহিলাক প্ৰায়ে নিজৰ বাবে বাছি ল’ব পৰাৰ আগতেই বিভিন্ন পথত নেতৃত্ব দিয়া হয়। উদাহৰণস্বৰূপে, পশ্চিমীয়া সমাজত নীলা আৰু গোলাপী ৰং সাধাৰণতে ক্ৰমে ল’ৰা-ছোৱালীৰ লগত জড়িত (যদিও ২০ শতিকাৰ আগতে এনেকুৱা নাছিল)। ল’ৰাক প্ৰায়ে পৰম্পৰাগত পুৰুষসুলভ ভূমিকাৰ সৈতে জড়িত খেলনা দিয়া হয়, যেনে: মেচিন আৰু ট্ৰাক। ছোৱালীক প্ৰায়ে পৰম্পৰাগত নাৰীসুলভ ভূমিকাৰ সৈতে জড়িত খেলনা, যেনে: পুতলা, পোছাক, পুতলা ঘৰ আদি দিয়া হয়। পিতৃ-মাতৃ বা শিশুৰ জীৱনৰ অন্যান্য প্ৰাপ্তবয়স্ক ব্যক্তিৰ এই প্ৰভাৱে তেওঁলোকক এই ভূমিকাসমূহৰ লগত খাপ খুৱাবলৈ উৎসাহিত কৰে।[18] ইয়াৰ ফলত ব্যক্তিত্ব, কেৰিয়াৰৰ পথ বা সম্পৰ্কত প্ৰভাৱ পৰাৰ প্ৰৱণতা থাকে। সামগ্ৰিকভাৱে তেওঁলোকে জীৱনত মতা আৰু মাইকী দুটা অতি ভিন্ন প্ৰজাতি হিচাপে বিবেচিত হয়; যাৰ ব্যক্তিত্ব অতি বেলেগ আৰু পৃথক বুলি ভবা হয়।[19]

প্ৰভাৱ আৰু প্ৰতিকাৰ[সম্পাদনা কৰক]

লিংগ বৈষম্য আৰু বৈষম্যই সামগ্ৰিকভাৱে সমাজত দৰিদ্ৰতা আৰু দুৰ্বলতাৰ সৃষ্টি কৰে৷ অথবা এইবোৰক স্থায়ী কৰি ৰাখে।[20]ঘৰুৱা আৰু ঘৰৰ ভিতৰৰ জ্ঞান আৰু সম্পদসমূহ ব্যক্তিৰ বাহ্যিক জীৱিকাৰ সুযোগৰ সুবিধা লোৱা বা ভাবুকিৰ প্ৰতি উপযুক্ত সঁহাৰি জনোৱাৰ ক্ষমতাৰ মূল প্ৰভাৱ।[20] উচ্চ শিক্ষাৰ স্তৰ আৰু সামাজিক সংহতিৰ ফলত পৰিয়ালৰ সকলো সদস্যৰ উৎপাদনশীলতা যথেষ্ট উন্নত হয় আৰু সমগ্ৰ সমাজত সমতা বৃদ্ধি পায়। লিংগ সমতা সূচকাংকই দৰিদ্ৰতাৰ এই বৈশিষ্ট্য প্ৰদৰ্শন কৰা সঁজুলিসমূহ প্ৰদান কৰিব বিচাৰে।[20]

Overseas Development Instituteৰ গৱেষকসকলে লিংগ বৈষম্য হ্ৰাসৰ বাবে সামাজিক সুৰক্ষাৰ ক্ষেত্ৰত তলত দিয়া বিষয়সমূহৰ বিকাশৰ প্ৰয়োজনীয়তা আছে বুলি জনায়:[20]

  • মহিলাসকলক কৰ্মসংস্থাপন বিচৰাৰ অধিক সুযোগ দিবলৈ সামূহিক শিশুৰ যত্ন
  • যত্নৰ খৰচৰ সৈতে অভিভাৱকসকলক সহায় কৰা (যেনে: দক্ষিণ আফ্ৰিকাৰ শিশু/অক্ষমতা অনুদান)
  • ছোৱালীৰ বাবে শিক্ষাৰ জলপানি (যেনে: বাংলাদেশৰ ছোৱালী শিক্ষা ষ্টাইপেণ্ড আঁচনি)
  • লিংগভিত্তিক হিংসাৰ সম্পৰ্কে সজাগতা বৃদ্ধি, যি শেহতীয়া বছৰবোৰত বিশ্বজুৰি বৃদ্ধি পাইছে,[21][22] আৰু অন্যান্য প্ৰতিৰোধমূলক ব্যৱস্থা, যেনে: নিৰ্যাতনমূলক পৰিৱেশৰ পৰা পলায়ন কৰা মহিলা আৰু শিশুসকলৰ বাবে আৰ্থিক সহায় (যেনে: ঘানাত এন জি অ'ৰ পাইলট পদক্ষেপ)
  • সামাজিক সুৰক্ষা কাৰ্যসূচী প্ৰস্তুতি আৰু মূল্যায়নত কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক (মহিলা আৰু পুৰুষ) অন্তৰ্ভুক্ত কৰা
  • কাৰ্যসূচীৰ কৰ্মচাৰীসকলৰ বাবে লিংগ-সজাগতা আৰু বিশ্লেষণ প্ৰশিক্ষণ
  • সমন্বিত যত্ন আৰু সেৱাৰ সুবিধাসমূহৰ তথ্য সংগ্ৰহ আৰু বিতৰণ কৰা (যেনে: মহিলাসকলৰ বাবে ক্ষুদ্ৰ ঋণ আৰু ক্ষুদ্ৰ উদ্যোগীকৰণ প্ৰশিক্ষণৰ সুবিধা)
  • লিংগ-বিভাজিত তথ্য অন্তৰ্ভুক্ত কৰা নিৰীক্ষণ আৰু মূল্যায়ন ব্যৱস্থা বিকশিত কৰা

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. DEMIRGOZ BAL, Meltem. "TOPLUMSAL CİNSİYET EŞİTSİZLİĞİNE GENEL BAKIŞ". https://dergipark.org.tr/tr/download/article-file/207491. 
  2. Wood, Julia. Gendered Lives. 6th. Belmont, CA: Wadsworth/Thomson Learning, 2005.
  3. "Strength and cross-sectional area of human skeletal muscle". The Journal of Physiology খণ্ড 338 (1): 37–49. 1983. doi:10.1113/jphysiol.1983.sp014658. PMID 6875963. 
  4. Frontera, WR; Hughes, VA; Lutz, KJ; Evans, WJ (1991). "A cross-sectional study of muscle strength and mass in 45- to 78-yr-old men and women". J Appl Physiol খণ্ড 71 (2): 644–50. doi:10.1152/jappl.1991.71.2.644. PMID 1938738. 
  5. Samaras, Thomas (2007). Human body size and the laws of scaling. প্ৰকাশক New York: Nova Science. পৃষ্ঠা. 33–61. ISBN 978-1-60021-408-0. https://books.google.com/books?id=PCU0RwDI6c4C. 
  6. "Life expectancy at birth, Country Comparison to the World". US Central Intelligence AgencyCIA World Factbook. n.d.. Archived from the original on 28 May 2014. https://web.archive.org/web/20140528191952/https://www.cia.gov/library/publications/the-world-factbook/fields/2102.html। আহৰণ কৰা হৈছে: 12 January 2011. 
  7. 7.0 7.1 Alfred Glucksman (1981). Sexual Dimorphism in Human and Mammalian Biology and Pathology. Academic Press. পৃষ্ঠা. 66–75. ISBN 978-0-12-286960-0. OCLC 7831448. 
  8. 8.0 8.1 Puts, David A. (2010). "Beauty and the beast: Mechanisms of sexual selection in humans". Evolution and Human Behavior খণ্ড 31 (3): 157–175. doi:10.1016/j.evolhumbehav.2010.02.005. 
  9. Simerly, Richard B. (1 February 2005). "Wired on hormones: endocrine regulation of hypothalamic development". Current Opinion in Neurobiology খণ্ড 15 (1): 81–85. doi:10.1016/j.conb.2005.01.013. ISSN 0959-4388. PMID 15721748. 
  10. Reinisch, June Machover; Ziemba-Davis, Mary; Sanders, Stephanie A. (1 January 1991). "Hormonal contributions to sexually dimorphic behavioral development in humans". Psychoneuroendocrinology খণ্ড 16 (1–3): 213–278. doi:10.1016/0306-4530(91)90080-D. PMID 1961841. 
  11. Colom, Roberto; Juan-Espinosa, Manuel; Abad, Francisco; García, Luís F (February 2000). "Negligible Sex Differences in General Intelligence" (en ভাষাত). Intelligence খণ্ড 28 (1): 57–68. doi:10.1016/S0160-2896(99)00035-5. https://www.researchgate.net/publication/222534750. 
  12. Byrnes, James P.; Miller, David C.; Schafer, William D. (1999). "Gender differences in risk taking: A meta-analysis" (en ভাষাত). Psychological Bulletin খণ্ড 125 (3): 367–383. doi:10.1037/0033-2909.125.3.367. https://www.researchgate.net/publication/232541633. 
  13. Carlson, N. 'Hormonal Control of Aggressive Behavior' Chapter 11 in [Physiology of Behavior],2013, Pearson Education Inc.
  14. Card, Noel A.; Stucky, Brian D.; Sawalani, Gita M.; Little, Todd D. (1 October 2008). "Direct and indirect aggression during childhood and adolescence: a meta-analytic review of gender differences, intercorrelations, and relations to maladjustment". Child Development খণ্ড 79 (5): 1185–1229. doi:10.1111/j.1467-8624.2008.01184.x. ISSN 1467-8624. PMID 18826521. 
  15. Christov-Moore, Leonardo; Simpson, Elizabeth A.; Coudé, Gino; Grigaityte, Kristina; Iacoboni, Marco; Ferrari, Pier Francesco (1 October 2014). "Empathy: gender effects in brain and behavior". Neuroscience and Biobehavioral Reviews খণ্ড 46 (4): 604–627. doi:10.1016/j.neubiorev.2014.09.001. ISSN 1873-7528. PMID 25236781. 
  16. Celec, Peter; Ostatníková, Daniela; Hodosy, Július (17 February 2015). "On the effects of testosterone on brain behavioral functions". Frontiers in Neuroscience খণ্ড 9: 12. doi:10.3389/fnins.2015.00012. ISSN 1662-4548. PMID 25741229. 
  17. Eliot, Lise. Pink Brain, Blue Brain. 
  18. Cordier, B (2012). "Gender, betwixt biology and society". European Journal of Sexology and Sexual Health. 
  19. Brescoll, V (2013). "The effects of system-justifying motives on endorsement of essentialist explanations for gender differences". Journal of Personality and Social Psychology খণ্ড 105 (6): 891–908. doi:10.1037/a0034701. PMID 24295379. 
  20. 20.0 20.1 20.2 20.3 Nicola Jones, Rebecca Holmes, Jessica Espey 2008. Gender and the MDGs: A gender lens is vital for pro-poor results. London: Overseas Development Institute Archived 10 March 2011 at the Wayback Machine
  21. "The Number of Women Murdered by a Partner Is Rising | Psychology Today" (en ভাষাত). www.psychologytoday.com. https://www.psychologytoday.com/us/blog/mind-games/201909/the-number-women-murdered-partner-is-rising। আহৰণ কৰা হৈছে: 24 August 2021. 
  22. Gupta, Alisha Haridasani (4 December 2019). "Across the Globe, a 'Serious Backlash Against Women's Rights'" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2019/12/04/us/domestic-violence-international.html.