লুংলেই জিলা
লুংলেই জিলা | |
---|---|
![]() মিজোৰামত লুংলে জিলাৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | মিজোৰাম |
চহৰ | লুংলে |
চৰকাৰ | |
• লোকসভা কেন্দ্ৰ | মিজোৰাম লোকসভা কেন্দ্ৰ |
কালি | |
• মুঠ |
৪,৫৩৬ বৰ্গকিমি (১,৭৫১ বৰ্গমাইল) |
জনসংখ্যা (২০১১) | |
• মুঠ |
১,৬১,৪২৮ |
• ঘনত্ব | ৩৬/km২ (৯২/sq mi) |
ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত লুংলেই জিলা (ইংৰাজী: Lunglei district) এখন। ২০১১ চনৰ হিচাপত ই আইজলৰ পিছতে ৰাজ্যখনৰ দ্বিতীয় জনবহুল জিলা। ইয়াৰ উপৰিও ৪,৫৭২ বৰ্গ কিলোমিটাৰ (১,৭৬৫ বৰ্গ মাইল) আয়তনেৰে ই মিজোৰামৰ সৰ্ববৃহৎ জিলা।[2]
নামৰ উৎপত্তি
[সম্পাদনা কৰক]এই জিলাৰ নামকৰণ কৰা হয়, ইয়াৰ সদৰ লুংলেৰ নামত। লুংলে, কেতিয়াবা কেতিয়াবা লুংলেই বুলিও কোৱা হয়। মিজো ভাষাত লুংলে মানে হৈছে এটি শিলৰ সেতু। তাওয়াং নদীৰ উপনদী ঘাসি নদীৰ গতিপথত প্ৰাপ্ত এটি সেতুৰ নিচিনা শিলৰ নামৰ পৰাই এই জিলাখনৰ নামকৰণ কৰা হৈছে।
ভৌগোলিক অৱস্থান
[সম্পাদনা কৰক]লুংলে জিলাৰ উত্তৰে মামিত আৰু আইজল জিলা, পশ্চিমে বাংলাদেশ, দক্ষিণে লঙট্লাই জিলা, দক্ষিণ-পূবে ছাইহা জিলা, পূবে ম্যানমাৰ আৰু উত্তৰ-পূবে চাৰছিপ জিলা। জিলাখনৰ মাটিকালি হৈছে ৪৫৭৮ বৰ্গ কিলোমিটাৰ। ক্ষেত্ৰফলৰ ফালৰ পৰা ই মিজোৰামৰ সৰ্ববৃহৎ জিলা। লুংলে টাউন হল জিলাখনৰ প্ৰশাসনিক মুখ্য কাৰ্যালয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Lunglei District : Census 2011 data". census2011.co.in. https://www.census2011.co.in/census/district/391-lunglei.html.
- ↑ "About District". lunglei.nic.in. https://lunglei.nic.in/about-district/.