লে-লাডাখ (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
লে-লাডাখ  
লেখক সৌম্যদ্বীপ দত্ত
দেশ ভাৰতভাৰত
ভাষা অসমীয়া
প্ৰকাৰ ভ্ৰমণ সাহিত্য
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ১৫০

লে-লাডাখ হিমালয় ভ্ৰমণক কেন্দ্ৰ কৰি ৰচনা কৰা এখন ভ্ৰমণ বিষয়ক গ্ৰন্থ৷ লিখক- সৌম্যদ্বীপ দত্ত৷ গ্ৰন্থখনত হিমালয় আৰু কাৰাকোৰাম অঞ্চলৰ দুৰ্গম পথেৰে কৰা যাত্ৰাৰ সৰস বৰ্ণনা থকাৰ লগতে আৰু হিমালয়ৰ আশে-পাশে থকা সৰু বৰ অসংখ্য পাহাৰ ভ্ৰমণৰ সময়ত লাভ কৰা বাস্তৱ অভিজ্ঞতা, সেই পাহাৰ-পৰ্বতবোৰৰ সম্পৰ্কে বিশদ সামাজিক-সাংস্কৃতিক তথ্য আৰু সমগ্ৰ হিমালয়ৰ ভৌগোলিক বিৱৰণ, বৈশিষ্ট্য, লাডাখৰ বিভিন্ন অঞ্চলত বসবাস কৰা লোকসকলৰ জীৱন নিৰ্বাহৰপদ্ধতি, তেওঁলোকে পালন কৰি অহা ধৰ্ম, ৰীতি-নীতি, পৰম্পৰা আদি সম্পৰ্কে বৰ্ণনা কৰা হৈছে৷[1] এই ভ্ৰমণৰ মাজেৰে লিখকে হিমালয়ৰ সভ্যতা-সংস্কৃতিৰ প্ৰাচীনতা আৰু আধুনিকতা সম্পৰ্কে বিচাৰ-বিশ্লেষণ কৰাৰ লগতে হিমালয় ভ্ৰমণক ইতিহাস অধ্যয়ন আৰু বৌদ্ধ ধৰ্ম সম্পৰ্কীয় অধ্যয়নৰ আধাৰ ৰূপতো গ্ৰহণ কৰিছে৷ [2]

গ্ৰন্থখনৰ বিষয়বস্তু[সম্পাদনা কৰক]

সৌম্যদ্বীপ দত্তই ভ্ৰমণ বিষয়ক এই গ্ৰন্থখনত লিখিছে যে- লাডাখ ভ্ৰমণ তেখেতৰ বাবে কিছু ব্যতিক্ৰম আৰু ইয়াৰ প্ৰতিকূল অৱস্থান আৰু উচ্ছতাৰ দিশটোৱে দত্তক প্ৰথমৰপৰাই লাডাখ ভ্ৰমণ সম্পৰ্কে অনিশ্চয়তাত ৰাখিছে৷ এনে এক দুৰ্গম অঞ্চলত নিজৰ পৰিয়ালটোৰ সৈতে কৰা যাত্ৰা এফালে যিদৰে ৰোমাঞ্চকৰ হৈ পৰিছে, সেইদৰে সময়ে সময়ে প্ৰত্যাহ্বানো আহি পৰিছে৷ গ্ৰন্থখনত সৰ্বমুঠ সাতটা অধ্যায় আছে৷ অধ্যায়কেইটাৰ শিৰোনাম কেইটা হৈছে– ‘ৰোটাং-বাৰালাচা-নাকিলা আৰু লাচুংলাৰ মাজেৰে’, ‘লেৰ পৰা হেমিচলৈ’, ‘বৌদ্ধমঠ ষ্টাকনা আৰু থিকচেৰ পৰা লাডাখী ৰাজপ্ৰসাদৰ অভ্যন্তৰত’, ‘খাৰদুং গিৰিপথেৰে নুব্ৰা উপত্যকালৈ’, হুণ্ডাৰৰ পৰা প্যাংগং হ্ৰদলৈ’, ‘লামাউৰু-লিকিৰ-আলচি’ আৰু ‘লাডাখৰ বন্যপ্ৰাণী’৷

প্ৰথম অধ্যায়টোতে দত্তই লাডাখ ভ্ৰমণ কৰিবলৈ যোৱাৰ অন্তৰালৰ মানসিক তাগিদা আৰু তাৰ বাবে হাতত লোৱা প্ৰচেষ্টা, পৰিকল্পনাৰ কথা উল্লেখ কৰিছে৷ এই ভ্ৰমণক তেওঁৰ জীৱনৰ শ্ৰেষ্ঠতম ভ্ৰমণযাত্ৰা বুলিও উল্লেখ কৰিছে৷ প্ৰাচীন ভাৰতৰ মহাযান বৌদ্ধ সভ্যতা সম্পৰ্কে গ্ৰন্থখনত বিশেষভাৱে আলোচনা কৰা হৈছে৷ গ্ৰন্থখনৰ প্ৰতিটো অধ্যায়ত দত্তই লাডাখ ভ্ৰমণৰ বাবে প্ৰয়োজন হোৱা প্ৰাৰম্ভিক যা-যোগাৰৰ লগতে সম্পূৰ্ণ ভ্ৰমণৰত দিনকেইটিত প্ৰয়োজন হোৱা নানা ধৰণৰ তথ্য-পাতি, এজন পৰ্যটকৰ মানসিক শক্তি আৰু যাত্ৰাপথত প্ৰয়োজন হোৱা সমলবোৰৰ বিষয়েও লিখিছে৷ [1]

দ্বিতীয় অধ্যায়ত সিন্ধু সভ্যতা আৰু ভাৰত আৰু তিব্বতৰ বৌদ্ধ ধৰ্মৰ বিষয়ে যথেষ্টখিনি গৱেষণাধৰ্মী তথ্য আছে৷ লাডাখৰ প্ৰশাসনিক কেন্দ্ৰ হিচাপে লে চহৰৰ ভূমিকা আৰু ইয়াৰ বৰ্ণিল প্ৰাকৃতিক পৰিৱেশটোৰ কথা এই অধ্যায়ত আছে৷ সেইদৰে খ্ৰীষ্টান ধৰ্মত বৌদ্ধ ধৰ্মৰ প্ৰভাৱৰ বিষয়েওযথেষ্টখিনি আলোচনা কৰা হৈছে৷ তৃতীয় অধ্যায়ত লে চহৰৰ অপৰূপ প্ৰাকৃতিক পৰিৱেশটোৰ কথা বৰ্ণনা কৰা হৈছে৷ ষ্টাকনা গোম্‌ফা নামৰ বৌদ্ধ মঠ, লাডাখৰ জনমানৱহীন অঞ্চলবোৰৰ কথা, সিন্ধু সভ্যতাৰ ঐতিহাসিক বিচাৰ-বিশ্লেষণ, পৰ্যটক হিচাপে স্থানীয় আহাৰ গ্ৰহণৰ প্ৰৱণতা, আৰ্য সভ্যতা আৰু সিন্ধু উপত্যকাত আৰ্যসকলৰ প্ৰভাৱ, শ্যে প্ৰাসাদ (লাডাখৰ ৰজাৰ প্ৰাচীন প্ৰাসাদ) ভ্ৰমণ, লে বজাৰ ভ্ৰমণ, লাডাখৰ হুণ্ডাৰ নামৰ ঠাইত তম্বু ভাড়া কৰি ৰাতি কটোৱাৰ অভিজ্ঞতা আদি বিভিন্ন বিষয় সম্পৰ্কে এই অধ্যায়টোত আলোচনা কৰা হৈছে৷

চতুৰ্থ অধ্যায়ত হুণ্ডাৰৰপৰা প্যাংগং হ্ৰদলৈ যোৱাৰ বৰ্ণনা আছে৷ চীন ৰাষ্ট্ৰৰপৰা নিৰ্বাসিত তিব্বতীসকলৰ জীৱন ধাৰণৰ পদ্ধতি আৰু তিব্বতৰ সৈতে চীনৰ ৰাজনৈতিক সংঘাতৰ বিষয়বোৰ, দালাই লামা সহিতে প্ৰায় ৮৫,০০০ হাজাৰ তিব্বতী মানুহ কি প্ৰেক্ষাপটত ভাৰতলৈ আহি ৰাজনৈতিক শৰণাৰ্থী হিচাপে থাকিবলগীয়া হ’ল, সেই কথা-বাৰ্তাবোৰ এইটো অধ্যায়ত আলোচনা কৰা হৈছে৷ পঞ্চম অধ্যায়টোত লে চহৰত ভ্ৰমণ কৰাৰ কথাৰে আৰম্ভ হৈছে৷ দত্ত আৰু তেওঁ পৰিয়ালে লে চহৰৰ বহুবোৰ ঠাই ভ্ৰমণ কৰাৰ বিষয়ে ইয়াত লিখিছে৷ ‘লে-পেলেচ’, ‘লামাউৰু বৌদ্ধবিহাৰ’, ‘মেগনেটিক হিল’ৰ বৰ্ণনা অতি সুন্দৰকৈ কৰা হৈছে৷[1]

ষষ্ঠ অধ্যায়টোৰ শিৰোণাম– ‘লাডাখৰ বন্যপ্ৰাণী’৷ এই অধ্যায়ত লাডাখৰ অৰণ্য অঞ্চল আৰু তাত পোৱা জীৱ-জন্তুসমূহৰ বৰ্ণনা আছে৷ লাডাখত থকা প্ৰধান তিনিটা হ্ৰদ ক্ৰমে– ‘চোকাৰ হ্ৰদ’, ‘চোমোৰিৰি হ্ৰদ’ আৰু ‘প্যাংগং হ্ৰদ’ৰ লগতে বিখ্যাত অভয়াৰণ্য ‘হেমিচ ৰাষ্ট্ৰীয় উদ্যান’ৰ কথা উল্লেখ আছে৷ এই উদ্যানত পোৱা লুুপ্তপ্ৰায় তুষাৰফুটুকী (এবিধ বনৰীয়া মেকুৰী)ৰ বৰ্ণনাৰ লগতে লাডাখত পোৱা অন্যান্য বন্যপ্ৰাণীসমূহৰ বিষয়ে লিখিছে৷ গণপতি প্ৰকাশনে প্ৰকাশ কৰা গ্ৰন্থখনৰ মূল্য– ৩০০ টকা আৰু পৃষ্ঠা সংখ্যা–১৫০ ৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 সাতসৰী. প্ৰকাশক গুৱাহাটী: সাদিন প্ৰিণ্টাৰ্চ. ২০২২, ডিচেম্বৰ. পৃষ্ঠা. ১২২. 
  2. সৌম্যদ্বীপ দত্ত (২০২০). লে-লাডাখ. প্ৰকাশক গুৱাহাটী: গণপতি প্ৰকাশন.