শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনা
শংকৰদেৱ শিশু নিকেতন ঢকুৱাখনা শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনা | |
অৱস্থান | |
---|---|
নৱকাঠৰবাৰী, ঢকুৱাখনা লখিমপুৰ অসম ভাৰতবৰ্ষ ৭৮৭০৫৫ | |
প্ৰাথমিক তথ্যসমূহ | |
প্ৰকাৰ | উচ্চ মাধ্যমিক |
নীতি | স্বয়মেৱ মৃগেন্দ্ৰতা |
প্ৰতিষ্ঠাকাল | ১৯৯৭/০১/০৫ |
বিদ্যালয় সমিতি | ছেবা |
বিদ্যালয়ৰ বিভাগ | লখিমপুৰ |
অধ্যক্ষ | বনমালী সূত |
ফেকাল্টী | ২৭ |
শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনা[1] ১৯৯৭ চনত বিদ্যা ভাৰতীৰ অধীনত মেগামিক্স প্ৰকৃতি সংঘ, ঢকুৱাখনাত স্থাপিত হৈছিল আৰু পাছত ঢকুৱাখনাৰ নৱকাঠৰবাৰী গাঁৱলৈ স্থায়ীভাৱে স্থানান্তৰ কৰা হৈছিল। এই বিদ্যালয়খনে ইতিমধ্যে ২০১৪ চনলৈকে একাধাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০০% উত্তীৰ্ণৰ হাৰ অটুট ৰখাৰ লগতে ২০০৯ চনত অষ্টম স্থান আৰু ২০১১ চনত একাদশ স্থান দখলেৰে ঢকুৱাখনাৰ ৬৫ বছৰীয়া ইতিহাস ভংগ কৰে।[2].
অৱস্থিতি[সম্পাদনা কৰক]
নৱকাঠৰবাৰী গাঁও, ঢকুৱাখনা, লখিমপুৰ অসম
শিক্ষক আৰু কৰ্মচাৰী[সম্পাদনা কৰক]
৩৫জন শিক্ষক, ৪জন সহায়ক, ৯০০ ৰো অধিক ছাত্ৰ ছাত্ৰী
শংকৰদেৱ শিশু কুঞ্জ[সম্পাদনা কৰক]
প্ৰাক প্ৰাথমিক শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিদ্যালয়খনত পৃথককৈ "শংকৰদেৱ শিশু কুঞ্জ" নামেৰে এটি চৌহদৰ ব্যৱস্থা আছে। এই চৌহদটি ২০১৪ চনৰ ১০ জানুৱাৰী তাৰিখে শুভ উদ্বোধন কৰা হৈছিল।[3]
সুবিধাসমূহ[সম্পাদনা কৰক]
ডিজিটেল শ্ৰেণীকোঠা, সাংগণনিক ব্যৱহাৰিক কোঠা, গ্ৰন্থাগাৰ, বিজ্ঞান ব্যৱহাৰিক কোঠা, প্ৰাক প্ৰাথমিক শাখাৰ বাবে সংগ্ৰহালয়, শিশু উদ্যান, VIPNET বিজ্ঞান সংঘ, বাৰ্ষিক মুখপত্ৰ "ভাৰতী"
ডিজিটেল শ্ৰেণীকোঠা[সম্পাদনা কৰক]
বিদ্যালয়খনত বিজ্ঞানৰ বিভিন্নধৰণৰ ভিডিঅ তথা বিশিষ্ট ব্যক্তিসকলৰ ভাষণ প্ৰদৰ্শন কৰিবলৈ এটি ডিজিটেল শ্ৰেণীকোঠাৰ সুব্যৱস্থা আছে।
গ্ৰন্থাগাৰ[সম্পাদনা কৰক]
কৃষ্ণকান্ত সন্দিকৈৰ স্মৃতিত বিদ্যালয়খনত থকা পুথিভঁৰালটিত প্ৰায় ৪০০০ ৰো অধিক গ্ৰন্থ, সংবাদ পত্ৰ, হাতে লিখা আলোচনী উপলব্ধ।
Vipnet বিজ্ঞান সংঘ[সম্পাদনা কৰক]
বিদ্যালয়খনত Vipnet বিজ্ঞান সংঘ শীৰ্ষক এটি বিজ্ঞান সংঘ আছে। ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিজ্ঞানৰ প্ৰকল্প, আলোচনা ইত্যাদি অনুষ্ঠিত কৰা হয়।[4]
বাৰ্ষিক মুখপত্ৰ ভাৰতী[সম্পাদনা কৰক]
বিদ্যালয়খনৰ বাৰ্ষিক মুখপত্ৰখন হৈছে "ভাৰতী' যত ছাত্ৰ ছাত্ৰীসকলৰ চিন্তা প্ৰকাশ পায়। ইয়াৰোপৰিও প্ৰত্যেকটো শ্ৰেণীৰ পৰা প্ৰত্যেক বছৰে একোখনকৈ হাতেলিখা আলোচনী প্ৰকাশ পায় আৰু বছৰি দুবাৰকৈ প্ৰাচীৰ পত্ৰিকা " ঋক্ষ" প্ৰকাশ কৰা হয়।
ৱেবছাইট[সম্পাদনা কৰক]
শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনাৰ ৱেবছাইট www.ssndk.com[সংযোগবিহীন উৎস] ২০১৪ চনৰ ১০ জানুৱাৰী তাৰিখে উন্মোচন কৰা হয়।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Govt. of Assam permitted and registered institution Reg. No AS 07/HS/29 under Non-Govt. Education regulation and management Act – 2006
- ↑ "Lakhimpur Online: HSLC and AHM Toppers 2011". http://lakhipuronline.blogspot.in/2011/05/hslc-and-ahm-exams-toppers.html.
- ↑ "SSNDK News". Sankardev Shishhu Niketon Dhakuakhana. http://www.ssndk.com/2014/01/new-building-sankardev-shishu-niketon.html.
- ↑ http://www.vigyanprasar.gov.in/vipnet/vipnetnew/State.aspx?st=Assam