সমললৈ যাওক

শংকৰী সংস্কৃতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শংকৰী সংস্কৃতি বুলিলে সামগ্ৰিকভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ সামাজিক, ধাৰ্মিক, সাহিত্যিক, সামাজিক, সাংস্কৃতিক আদি দিশত আগবঢ়োৱা অৱদান সমূহকে বুজা যায়। পঞ্চদশ ষোড়শ শতিকাৰ মহাপুৰুষ শ্ৰীশংকৰদেৱে অসমত যি নৱ-বৈষ্ণৱ ধৰ্মৰ সোঁত বোৱালে তাৰ ফলত অসমৰ জাতীয় জীৱনৰ এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিল। ভক্তিধৰ্মক কেন্দ্ৰ কৰি অসমৰ ধৰ্ম, সমাজ, সাহিত্য, কলা আদি বিভিন্ন ক্ষেত্ৰত মহাপুৰুষে যি বহুমুখী দান দিলে তাৰ ফলত অসমত এক নতুন যুগৰ সূচনা হ'ল। এই যুগটোৱেই আমাৰ সাহিত্যত শংকৰী যুগ। আমাৰ ধৰ্মজীৱন, সামাজিক জীৱন, সাহিত্য, সঙ্গীত, আদি সংস্কৃতিৰ ঘাই উপাদানবোৰৰ ওপৰত মহাপুৰুষ শংকৰদেৱৰ প্ৰভাৱ অপৰিসীম। এক শংকৰী সংস্কৃতিয়েই অসমীয়া সংস্কৃতিৰ বৰঘৰ পোহৰ কৰিছে।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি সময়ত জন্ম গ্ৰহণ কৰিছিল সেই সময়ত অসম কেইবাটাও ৰাজকীয় শক্তিত বিভক্ত হৈ আছিল। পূবফালে চুতীয়াসকলে, দক্ষিণ-পূবে কছাৰীসকলে,চুতীয়াৰ পশ্চিমফালে বাৰভূঞাসকলে, পশ্চিমফালে কমতা ৰাজ্যৰ কোচসকলে আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত আহোমসকলে ৰাজত্ব কৰিছিল। এনে ৰাজনৈতিক অৰিয়া-অৰিৰ সময়ত শ্ৰীশংকৰদেৱ আৱিৰ্ভাৱ হৈ সকলো সম্প্ৰদায়কে সামৰা এটা ধৰ্ম আৰু এটা উমৈহতীয়া জাতীয় ভাষাৰে জাতীয় ঐক্য সাধন কৰি সৰ্বভাৰতীয় মহাজাতীয় চৈতন্যৰ লগত অসমৰ জাতীয় জীৱনৰ ঐক্যভাব স্থাপন কৰে। মহাপুৰুষ শ্ৰীশংকৰদেৱে ভাগৱত পুৰাণৰপৰা সৎসঙ্গ, গীতাৰপৰা একশৰণ আৰু পদ্মপুৰাণৰ সহস্ৰ নামখণ্ডৰপৰা নামধৰ্ম লৈ অসম, কামৰূপ আৰু কোচবেহাৰত যি ভক্তিধৰ্ম তথা একশৰণ নামধৰ্ম প্ৰচাৰ কৰিলে তাৰ ফলত নানান ধৰ্ম, নানান আচাৰ পদ্ধতি, নানান জাতি-উপজাতি আৰু ভাষা আদিৰে বহুধা বিভক্ত হৈ থকা অসমৰ জনসাধাৰণ এডাল সূতাৰে গ্ৰথিত হৈ বৃহৎ অসমীয়া জাতি গঠিত হ’ল।

শংকৰদেৱৰ একেশ্বৰবাদী মত

[সম্পাদনা কৰক]

শ্ৰীমদ্ভগৱদগীতাৰ দাস্য ভক্তি আৰু হনুমন্তীকাস্থাৰ ওপৰত প্ৰতিষ্ঠিত একশৰণ ধৰ্মই শ্ৰীশংকৰদেৱৰ মত। যি কামৰূপত একালত দলগত বিভিন্ন পূজা-পাতল আৰু বৌদ্ধতান্ত্ৰিক পদ্ধতিৰ ব্যভিচাৰী পন্থা বিৰাজমান আছিল সেই দেশৰে ধৰ্ম সংস্কাৰকৰ শিক্ষা পদ্ধতিৰ যোগেদি উপনিষদৰ একেশ্বৰবাদীৰ মত প্ৰতিধ্বনিত হৈ উঠিছিল। তেওঁ ৰাম আৰু কৃষ্ণৰ ভিতৰত কোনো প্ৰভেদ কৰা নাছিল, কিয়নো দুয়ো এক ব্ৰহ্মৰ চিহ্নস্বৰূপ। শ্ৰীশংকৰদেৱে নামধৰ্মৰ উপদেশাৱলীক স্থায়ী ভেটিৰ ওপৰত প্ৰতিষ্ঠিত কৰিবৰ কাৰণে এক ধৰ্ম-সাহিত্যৰ সৃষ্টি কৰিলে।

কীৰ্তন ঘোষা

[সম্পাদনা কৰক]

ভাগৱতৰ প্ৰথম, দ্বিতীয়, দশম (আদি), একাদশ আৰুদ্বাদশ স্কন্ধ অনুবাদ কৰাৰ উপৰিও তেৰাৰ ধৰ্মৰ্মতৰ বোল দি ভাগৱত আৰু পুৰাণৰপৰা কিছুমান কাহিনী সংগ্ৰহ কৰি পাঠকৰ আগত দাঙি ধৰিলে। এইখনেই হ’ল কীৰ্তন-ঘোষা যি অসমীয়াৰ মৌ-চাক স্বৰূপ আৰু যিখনি পুথিয়ে আমাৰ জাতীয় জীৱনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছে। এই পুথিতেই সংক্ষেপে শ্ৰীশংকৰদেৱৰ প্ৰায় সকলোখিনি ধৰ্মমত পোৱা যায়।

তেওঁৰ বৰগীত ৰচনাৱলী আমাৰ শিৰৰ ভূষণস্বৰূপ। নৱ-বৈষ্ণৱ ধৰ্ম বৰগীত আৰু নাটে বিশেষভাৱে সহায় কৰে আৰু নামঘৰবোৰেই ধৰ্ম প্ৰচাৰ, লোকৰঞ্জন আৰু লোকসংগ্ৰহৰ কেন্দ্ৰ। শংকৰী সংস্কৃতিৰ উৎকৃষ্ট নিদৰ্শন হৈছে এই গীত আৰু নাটবোৰ। জাতীয় উদ্বাধনৰ ভাব প্ৰচাৰ কৰাত’ গীত আৰু নাট তথা ভাওনাৰ স্থান সকলোৰে ওপৰত। নৱ-বৈষ্ণৱ আন্দোলনৰ ফলত ভাৰতৰ বিভিন্ন প্ৰদেশৰ দৰে অসমতো গীতিকবিতা বা লিৰিকৰ জন্ম হয়। শ্ৰীকৃষ্ণৰ জীৱন আৰু কাৰ্যকলাপক কেন্দ্ৰ কৰি আৰু ভক্তিৰ পৱিত্ৰতাক প্ৰস্ফুটিত কৰি শ্ৰীশংকৰদেৱে ভালেখিনি লোকপ্ৰিয় ধৰ্মসঙ্গীত ৰচনা কৰিলে। এই বৰগীতেই আমাৰ ধ্ৰুপদ বা ক্লাছিকেল সঙ্গীত। বিষয়বস্তুৰ মহত্ত্ব, ৰচনাভঙ্গীৰ সৌন্দৰ্য, সুৰৰ গাম্ভীৰ্য আৰু প্ৰকাশৰ সংযমে বৰগীতক অন্যান্য গীতৰপৰা পৃথক কৰিছে। ইয়াৰ ভাষা ব্ৰজাৱলী। বৰগীতত শ্ৰীকৃষ্ণৰ বিশাল পুৰুষত্ব ফুটি’ওলাইছে। গীতবোৰত শান্ত, বাৎসল্য আৰু দাস্য ভাবৰ প্ৰাধান্য দেখা যায়। অতি প্ৰাচীন কালৰেপৰা কামৰূপত সঙ্গীত আদি কলাৰ সূক্ষ্ম চৰ্চা থাকিলেও শ্ৰীশংকৰদেৱৰ বৰগীতে শাস্ত্ৰীয় সঙ্গীতৰ এটা নতুন অধ্যায়ৰ সূচনা কৰিলে। প্ৰাকবৈষ্ণৱ কবি হৰিহৰ বিপ্ৰৰ বব্ৰুবাহনৰ যুদ্ধত বাদ্যত ঢাক, ঢোল, ভেৰী টোকাৰী, বীণা,কৰতাল, ডম্বৰু, খুমুচি আদি আৰু মাধৱ কন্দলিৰ ৰামায়ণত নট-নটীৰ উল্লেখ থকাৰ উপৰিও বাঁহী, ঢোল, ডগৰ, ঝামৰ, ভেমচ, মৰ্দল, ভেমচি, খুমুচি আদি বাদ্যযন্ত্ৰৰ উল্লেখ আছে। বৈষ্ণৱ যুগৰ অবৈষ্ণৱ কবি দুৰ্গাবৰ কায়স্থৰ গীতি ৰামায়ণ আৰু মনসা-গীতত ৰাগ-সঙ্গীতৰ উল্লেখ আছে। সঙ্গীত শাস্ত্ৰৰ বিধান মতে বৰগীতবোৰ পূৰ্ণ পৰ্যায়ৰ গীত, কিন্তু নাটৰ আটাইবোৰ গীত পূৰ্ণ পৰ্যায়ৰ নহয়। শ্ৰীশংকৰদেৱৰ বৰগীত আৰু নাটৰ গীতত উল্লেখ আছে। মহাপুৰুষদ্বয়ৰ বৰগীতত কেৱল ৰাগৰ উল্লেখ আছে, ৰাগিণীৰ উল্লেখ নাই। শ্ৰীশংকৰদেৱৰ সঙ্গীতৰ ওপৰত। হিন্দুস্তানী বা উত্তৰ ভাৰতীয় আৰু কানাড়ী আৰু আশোৱাৰী তথা দক্ষিণ ভাৰতীয় সঙ্গীত। মহাপুৰুযে সুদীৰ্ঘ ১২ বছৰ তীৰ্থ ভ্ৰমণ কৰি যি অভিজ্ঞতা লাভ কৰিলে তাৰ ফলত বৰগীতত শাস্ত্ৰীয় সঙ্গীতৰ প্ৰভাৱ পৰিব পাৰে। শ্ৰীশংকৰদেৱ বিৰচিত গীতবোৰে কেনেকৈ ঘাই ঘাই শিষ্যসকলক তেওঁৰ ওচৰলৈ আকৰ্ষণ কৰি আনিছিল তাক চৰিত পুথিত পোৱা যায়। যি নৱ-বৈষ্ণৱ ধৰ্মৰ আন্দোলনে গোটেই উত্তৰ ভাৰতত যি খলক লগাইছিল, শ্ৰীশংকৰদেৱ আৰু শ্ৰীমাধৱদেৱৰ বৰগীতবোৰো সেই খলকৰ প্ৰতিধ্বনি মাথোঁন। সাহিত্য কলা আৰু সঙ্গীত কলা উভয় দিশৰপৰা বৰগীতৰ এক বিশেষ আবেদন আছে। খোল, তাল, মৃদং আদিয়ে গোৱা বৰগীত আৰু অঙ্কৰ গীততে অসমীয়া সঙ্গীতৰ পূৰ্ণ যৌৱনৰ পয়োভৰ। [1]

অংকীয়া নাট

[সম্পাদনা কৰক]

শ্ৰীশংকৰদেৱৰ নাট্য সাহিত্য শংকৰী সংস্কৃতিৰ এক গুৰুত্বপূৰ্ণ উপাদান। মহাপুৰুষৰ পূৰ্বে এই দেশত ওজাপালি, পুতলা নাচ আদি নাটকীয় গুণ বিশিষ্ট অনুষ্ঠানৰ প্ৰচলন আছিল। এইবোৰক ভিত্তি কৰি সংস্কৃত নাটকৰ আৰ্হিত স্বকীয় প্ৰতিভাৰে শ্ৰীশংকৰদেৱে যি নাট ৰচনা কৰিলে সি আমাৰ সাহিত্যৰ এক অমূল্য সম্পদ। অঙ্কীয়া নাট আৰুভাওনা অসমীয়া সংস্কৃতিলৈ মহাপুৰুষৰ এক অভিনৱ অৱদান। প্ৰথমবাৰ তীৰ্থৰপৰা ঘূৰি আহি শ্ৰীশংকৰদেৱে বৰদোৱাত সংলাপ-বিহীন আঙ্গিক অভিনয় চিহ্নযাত্ৰা ভাওনা কৰে। এই ভাওনাত গুৰুজনে সাত বৈকুণ্ঠৰ চিত্ৰ তুলাপাতত হেঙুল-হাইল বোলাই ছগৰাকীলক্ষ্মীসহ সাত বৈকুণ্ঠৰ প্ৰৱেশ দেখুৱাইছিল।

এই চিহ্নযাত্ৰাৰ অভিনয়ে অসমীয়া সঙ্গীত, নাট আৰু চিত্ৰকলাৰ এটা নতুন অধ্যায়ৰ আৰু তীৰ্থ ভ্ৰমণত লাভ কৰা অভিজ্ঞতা সমলস্বৰূপে লৈ সংস্কৃত নাট্যশাস্ত্ৰৰ আৰ্হিত সূচনা কৰিলে। থলুৱা নৃত্য-সঙ্গীত (যেনে- পুতলা-নাচ, ওজাপালি, দেওধনী নাচ ইত্যাদি) আদিৰ পৰিৱৰ্তে শংকৰদেৱে এক শ্ৰেণীৰ নাট ৰচনা কৰিলে আৰু এইনাটৰ নিৰ্মাণ-কৌশল প্ৰকৃততে অভিনৱ। নান্দী,সূত্ৰধাৰ, প্ৰৰোচনা, প্ৰস্তাৱনা, শোক আৰু মুক্তিমঙ্গল সংস্কৃত নাট্যশাস্ত্ৰ অনুসৃত হলেও মহাপুৰুষৰ যাদু-স্পৰ্শত ব্ৰজাৱলী ভাষাই এনে সুন্দৰ আৰু সুঠাম গঢ় লৈছে উঠা এই ভক্তিপ্ৰধান নাটে জনসাধাৰণৰ হৃদয় জয় কৰিব পাৰিছে। গীত শ্লোক আৰু পয়াৰৰ ব্যৱহাৰ,সূত্ৰধাৰৰ অভিনৱ কল্পনা, লয়যুক্ত গদ্যৰ ব্যৱহাৰ আৰু ব্ৰজাৱলী ভাষাৰ প্ৰয়োগে অঙ্কীয়া নাটক সংস্কৃত বা অন্যান্য নাটকৰপৰা পৃথক কৰিছে। জনসাধাৰণৰ লোকৰুচি আৰু স্থানীয় আৱশ্যকতালৈ লক্ষ্য ৰাখি শ্ৰীশংকৰদেৱে পত্নীপ্ৰসাদ, কালি-দমন, কেলি-গোপাল, পাৰিজাত-হৰণ,ৰুক্মিণী হৰণ আৰু ৰাম-বিজয় নাট ৰচনা কৰে। শ্ৰীকৃষ্ণ চৰিত্ৰকেই কেন্দ্ৰ কৰি অসমীয়া নাটত ৰামৰ কথা কওঁতে শ্ৰীকৃষ্ণৰ ৰূপটো মহাপুৰুষৰ দৃষ্টিৰ আঁৰ হোৱা নাই। পত্নী-প্ৰসাদ,বৈষ্ণৰ সাহিত্য বৰ্তি আছে আৰু নাটসমূহৰ ক্ষেত্ৰটো এই কথাই প্ৰযোজ্য। কিন্তু ৰাম-বিজয়,কালীয়-দমন, কেলি-গোপাল আৰু ৰুক্মিণী-হৰণৰ বিষয়বস্তু ভাগৱতৰ দশম স্কন্ধৰপৰা লোৱা হৈছে, পাৰিজাত-হৰণ নাটৰ বিষয়বস্তু বিষ্ণুপুৰাণ আৰু হৰিবংশৰপৰা আৰু ৰাম-বিজয় নাটৰ বিষয়বস্তু আদিকাণ্ড ৰামায়ণৰপৰা লোৱা হৈছে। ধৰ্মভাৱ উদ্ৰেক কৰিবৰ কাৰণে শ্ৰীশংকৰদেৱে সংস্কৃত নাটকৰ দৰে অঙ্কীয়া নাটত বিভিন্ন ৰস জাগ্ৰত কৰিছে। পত্নী-প্ৰসাদত অদ্ভুত ৰস,কালীয়-দমনত ঘাইকৈ ভয়ানক আৰু কৰুণৰস, কেলি-গোপালত শৃঙ্গাৰাত্মক ভক্তিস, পাৰিজাত-হৰণ, ৰুক্মিণী-হৰণ আৰুৰাম-বিজয় নাটত শৃঙ্গাত্মক ভক্তিৰস,—এইদৰে বিভিন্ন ৰসৰ সঞ্চাৰ হৈছে।[2] [3]

চিত্ৰকলা আৰু মূৰ্তিকলা

[সম্পাদনা কৰক]

অসমীয়া নাট আৰু ভাওনাৰ লগত চিত্ৰকলা আৰু মূৰ্তিকলা ওচৰ সম্বন্ধ। চিহ্ন-যাত্ৰাৰ অভিনয় প্ৰসঙ্গত শ্ৰীশংকৰদেৱে বৈকুণ্ঠৰ পট অঁকাৰ কথা ওপৰত উল্লেখ কৰা হৈছে। মহাপুৰুষৰ সময়ত চিত্ৰকলাই কেনে প্ৰসাৰতা লাভ কৰিছিল তাক বৈকুণ্ঠৰ পট অঁকা প্ৰসঙ্গৰ এটা কথালৈ আঙুলিয়াব পাৰি। শ্ৰীশংকৰদেৱে চিহ্নযাত্ৰাৰ পটখন আঁকি প্ৰায় শেষ কৰিছে কিন্তু কল্পতৰু বৃক্ষজোপা ঠিক ঠাইত বহুৱাব নোৱাৰি থোতামোজা খাইছে। “কল্পতৰু যেহেন দিবাক নজানন্ত। অবাক স্বৰূপে দুয়োজন ৰহিলন্ত॥”১৩৭৪ [ৰামচৰণ ঠাকুৰ] এনেতে তেওঁৰ গৃহদাসী চন্দৰী বুঢ়ীয়ে হাতত মাৰ্জনী লৈ সেই ঠাইত উপস্থিত হৈ পটখন চাই বুলিলে, “দেখো ডেকাগিৰী কল্পতৰু বৃক্ষ নাই।”তাই হাতত মাৰ্জনী লৈ দেখুৱাই ক'লে, “ঐত লাগে ডেকাগিৰী সিটো বৃক্ষইৰ। তেতিয়া শ্ৰীশংকৰদেৱে বুঢ়ীক ক'লে, “আসিয়া এঠাক আই বৰ কৈলি কাম। তঞি হেন উপকাৰী আৰো ক'ত পাম॥”[ৰামচৰণ ঠাকুৰ] মহাৰাজ নৰনাৰায়ণক বৃন্দাবনৰ আভাস দিবৰ কাৰণে শ্ৰীশংকৰদেৱে পাটবাউসীত তাঁতীৰ হতুৱাই পটসহ বৃন্দাবনীয়া কাপোেৰ বোৱাৰ আখ্যানতো অসমৰ প্ৰাচীন চিত্ৰকলাৰ নিদৰ্শন পাব পাৰি। ভাৱৰীয়াৰ সাজপাৰ, মুখা আদিত চিত্ৰ আৰু মূৰ্ত্তিৰ প্ৰভাৱ মন কৰিবলগীয়া। নামঘৰৰ সিংহাসন, গৰুড় পক্ষী, পদুমফুলৰ প্ৰতীক আদিত চিন আৰু মূৰ্ত্তিকলাৰ প্ৰভাৱ কিমানদূৰ পৰিছে সেইটো শিল্পীসকলৰ আলোচনাৰ বিষয়। কিন্তু সেই কালত চিত্ৰকলাই বিকাশৰ যথেষ্ট সুবিধা পোৱা নাছিল আৰু ৰজাঘৰীয়া পৃষ্ঠপোষকতাৰ অভাৱ হৈছিল যেন লাগে। তথাপি আজিকোপতি সত্ৰসমূহে এই চাৰুকলা জীয়াই ৰাখিছে।

নামঘৰ নামধৰ্মৰ কেন্দ্ৰ হ'লেও ই জাতীয় জীৱনৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। এই নামঘৰকেই অসমীয়া জাতীয় সংস্কৃতিৰ যাদুঘৰ বুলিব পাৰি। আমাৰ সামাজিক, ধাৰ্মিক আৰু সাংস্কৃতিক জীৱনত নামঘৰৰ বৰঙণি উল্লেখযোগ্য। নামঘৰৰ কাৰ্যাৱলীৰ মাজেদি গণতান্ত্ৰিক চিন্তাধাৰা প্ৰকাশ পাইছে। আমাৰ সত্ৰানুষ্ঠানৰ লগত বৌদ্ধ মঠৰ কিছু সাদৃশ্য পৰিলক্ষিত হয়। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই প্ৰসঙ্গত মন্তব্য কৰিছে, “নামঘৰত মণিকূট সাজি সত্ৰপাতি নাম-কীৰ্ত্তন কৰি থাকি ধৰ্মপ্ৰচাৰ কৰাটোও তেওঁ পশ্চিমত আৰু বেহাৰত আগৰ কালত প্ৰচলিত বৌদ্ধ বিহাৰৰপৰা পোৱাটো অনুমান হয়।” নামঘৰৰ ‘টুপ’ শব্দটো ‘প’ শব্দৰপৰা আৰু মণিকূট শব্দটো সুবৰ্ণ’ বঙ্গগৃহৰপৰা আহিব পাৰে। নাৰীক শৰণ নিদিয়া কথাটোৱে বুদ্ধদেৱে নাৰীক সংযত স্থান নিদিয়াৰ কথাৰহে ইঙ্গিত নিয়ে। অসমৰ গ্ৰাম্য জীৱনৰ সাংস্কৃতিক ৰুচিবোধৰ পৰিপুষ্ট সাধনত নামঘৰৰ পৰিকল্পনা বৈশিষ্ট্যপূৰ্ণ। এই নামঘৰে যি দৰে জাতীয় ঐক্য সাধন কৰিছে সেইদৰে ই জনসাধাৰণৰ কলাসুলভ জীৱন-চেতনাৰ সঞ্চাৰ কৰি জাতীয় জীৱনত সঞ্জীৱনী সুধা ঢালিছে। নামঘৰে সুস্থিৰ প্ৰগতিমূলক সামাজিক জীৱনৰ স্বাক্ষৰ বহন কৰে। মহাপুৰুষে যি দৰে নৃত্য, গীত আৰু সংলাপেৰে নাটবোৰ সম্পূৰ্ণ কৰিলে সেই দৰে নামঘৰ স্থাপন কৰি তেওঁ অসমীয়া জাতিৰ ৰঙ্গমঞ্চ বা ৰঙ্গালয়ৰ সূচনা কৰিলে। সেই কাৰণে নামঘৰক জাতীয় ৰঙ্গমঞ্চ ভাওনা ঘৰ বোলে। এই নামঘৰ আমাৰ কীৰ্ত্তন-ঘৰ আৰু প্ৰেক্ষাগৃহ। ভাওনাৰ লগত সম্বন্ধ থকা গায়ন-বায়ন ঢুলীয়া-খুলীয়া, নটুৱা সূত্ৰধাৰ আদিৰ বাছনিৰ ক্ষেত্ৰত পাৰ্গত লোকসকলকহে বিষয়বাব দিয়া হয়। ভাৱৰীয়াৰ ক্ষেত্ৰটো একে কথাই প্ৰযোজ্য। গাঁৱৰ ল'ৰাবিলাকক এই নামঘৰতেই নৃত্য-গীত আৰু চাৰুশিল্পৰ উৎকৰ্ষ সাধন কৰি আমাৰ সামাজিক জীৱনত অৱসৰ বিনোদনৰ কাৰণে বিচিত্ৰ সমল যোগাইছে। ইয়াৰ উপৰি নামঘৰবোৰ আমাৰ বিচাৰালয়ে। অসমৰ সত্ৰ আৰু সত্ৰৰ নামঘৰে অসমৰ প্ৰাচীন কলা কৃষ্টি ৰক্ষা কৰি আহিছে। [4]

সামৰণিত প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ ভাষাৰে ক'ব পাৰি, “সাহিত্যৰ গুৰু শংকৰ, সাহিত্য ৰাজ্যৰ ৰজা শংকৰ, সমাজ গঢ়েতা শংকৰ, সমাজৰ নেতা শংকৰ।” মুঠৰ ওপৰত অসমৰ কলা-সংস্কৃতিৰ গুৰু শ্ৰীমন্তশংকৰদেৱে ধৰ্ম, সমাজ, সাহিত্য, সঙ্গীত আদি বিভিন্ন ক্ষেত্ৰত বহুমূলীয়া অৱদান দি আমাৰ জাতীয় জীৱনক উন্নত আৰু মহীয়ান কৰিছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. নেওগ হৰিপ্ৰসাদ, গগৈ লীলা, সংকলন আৰু সম্পাদনা (১৯৬৭). অসমীয়া সংস্কৃতি. অসম সাহিত্য সভা, বনলতা. 
  2. সম্পাদক: অজিৎ শইকীয়া (দ্বিতীয় প্ৰকাশ নৱেম্বৰ, ২০১৪). ছশ বছৰৰ অসমীয়া নাটক পৰম্পৰা আৰু পৰিৱৰ্তন. পথাৰ. পৃষ্ঠা. ২৬-৪৪. 
  3. বৰা মহিম (১৯৮৯). শংকৰদেৱৰ নাট. অসম প্ৰকাশন পৰিষদ. 
  4. "নামঘৰ". https://as.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BE%E0%A6%AE%E0%A6%98%E0%A7%B0। আহৰণ কৰা হৈছে: 15 মে' 2021.