সমললৈ যাওক

শংকৰ জ্যোতি বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শংকৰ জ্যোতি বৰুৱা
সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক
কাৰ্যকাল
২০২৩ – ছেপ্তেম্বৰ, ২০২৪
পূৰ্বসূৰী লুৰিনজ্যোতি গগৈ
উত্তৰসূৰী চৰ্জুন হান্সে
ব্যক্তিগত তথ্য
জন্ম দুলীয়াজান
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা স্নাতক (অৰ্থনীতি)
স্নাতকোত্তৰ (সমাজ কৰ্ম)
স্নাতকোত্তৰ (গণসংযোগ আৰু সাংবাদিকতা)
শিক্ষানুষ্ঠান দুলীয়াজান মহাবিদ্যালয়
ডিব্ৰুগড় বিশ্ববিদ্যালয়

শংকৰ জ্যোতি বৰুৱা(ইংৰাজী: Sankar Jyoti Baruah) অসমৰ ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী ৰাজনীতিবিদ। তেওঁ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আছিল।[1] ২০২৪ ছেপ্তেম্বৰত এটি বিতৰ্কৰ পিছত তেওঁ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰাত চৰ্জুন হান্সেক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পন কৰে।[2][3]

বৰুৱাই দুলীয়াজানতে বিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰি, দুলীয়াজান মহাবিদ্যালয়ৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী গ্ৰহণ কৰে। তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজ কৰ্ম আৰু গণসংযোগ ও সাংবাদিকতা বিভাগত দুবাৰকৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ বৰ্তমান মেঘালয়ৰ USTM -ৰ এজন গৱেষক ছাত্ৰ।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]