সমললৈ যাওক

শশীকান্ত গগৈ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

শশীকান্ত গগৈ অসমীয়া সাহিত্যৰ আৱাহন যুগৰ এজন জনপ্ৰিয় সাহিত্যিক আছিল [উদ্ধৃতিৰ প্ৰয়োজন]। বিশেষকৈ কবি হিচাবে পৰিচিত হ'লেও তেখেতে সাহিত্যৰ অন্যবিলাক ক্ষেত্ৰতো চৰ্চা চলাইছিল। ইয়াৰ ওপৰি শশীকান্ত গগৈ আছিল এজন নিৰ্ভীক মুক্তিযোদ্ধা [উদ্ধৃতিৰ প্ৰয়োজন]। পেচাত শিক্ষক হ'লেও তেখেত আছিল সমাজবাদী আদৰ্শত বিশ্বাসী এজন সমাজকৰ্মী [উদ্ধৃতিৰ প্ৰয়োজন]। শিক্ষাক সমাজ পৰিবৰ্তনৰ আহিলা হিচাবে লৈ তেখেতে উজনি অসমৰ বিভিন্ন ঠাইত শিক্ষানুষ্ঠান স্থাপনত আগভাগ লৈছিল [উদ্ধৃতিৰ প্ৰয়োজন]। শশীকান্ত গগৈৰ হয় জন্ম ১৯১৬ চনত শিৱসাগৰৰ পৰা প্ৰায় ৬ কিলোমিটাৰ আতৰৰ বানমুখ পাত্ৰ-চেতিয়া গাঁৱত।

শিক্ষা আৰু জীৱন

[সম্পাদনা কৰক]

শশীকান্ত গগৈৰ পিতৃৰ নাম হেমকান্ত গগৈ আৰু মাতৃৰ নাম আছিল হেমাংগিনী গগৈ। বিদ্যাৰম্ভ জন্মস্থানৰ ১৯ নং জখিনি প্ৰাথমিক বিদ্যালয়ত বুলি জনা যায় যদিও পিতৃ চাকৰি সূত্ৰে ডিব্ৰুগড়ৰ লাহোৱাললৈ বদলি হোৱাৰ পিচত লহোৱালতে তেখেতৰ বিদ্যাৰম্ভ বুলিও বহুতে ক'ব বিচাৰে। গগৈয়ে হাইস্কুলীয়া শিক্ষা শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত গ্ৰহন কৰিছিল। অষ্টম মান শ্ৰেণীত পঢ়ি থকা অৱস্থাতে তেখেতৰ মাতৃৰ মৃত্যু হয়। ১৯৩৪ চনত শশীকান্ত গগৈয়ে সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয় আৰু কটন মহাবিদ্যালয়ত নাম ভৰ্ত্তি কৰে। কটন মহাবিদ্যালয়ত পঢ়ি থকা সময়তে তেখেতৰ পিতৃ-বিয়োগ ঘটে। ১৯৩৮ চনত তেখেতে কটন মহাবিদ্যলয়ৰ পৰা সুখ্যাতিৰে কলা বিভাগত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু শিক্ষকতাৰ জীৱন আৰম্ভ কৰে। ওৰে জীৱন শিক্ষকতাকে বৃত্তি হিচাবে লোৱা শশীকান্ত গগৈ পৰবৰ্ত্তী সময়চোৱাত বি টি পাচ কৰে। তীব্ৰ আৰ্থিক সংকটত শৈক্ষিক জীৱন অনিচ্ছা স্বত্বেও ত্যাগ কৰিব লগা হোৱাত পৰবৰ্ত্তি সময়চোৱাত তেখেতে অনগ্ৰসৰ অঞ্চলত শিক্ষাৰ প্ৰচাৰত ব্ৰতী হয় আৰু জীৱনৰ শেষ বয়সলৈকে শিক্ষকতাকে সেৱাৰ ৰূপত গ্ৰহন কৰে। ১৯৮৯ চনত শশীকান্ত গগৈৰ পৰলোকপ্ৰাপ্তি ঘটে।[উদ্ধৃতিৰ প্ৰয়োজন]

সাহিত্য-কৰ্ম

[সম্পাদনা কৰক]

সৰুৰে পৰা অসমীয়া সাহিত্যৰ প্ৰতি আসক্ত শশীকান্ত গগৈয়ে নিচেই সৰুৰে পৰা কবিতা লিখা আৰম্ভ কৰিছিল। শিৱসাগৰ চৰকাৰী বহুমুখী বিদ্যালয়ত সেই সময়ত সাহিত্য-চৰ্চাৰ পৰিবেশ এটা গঢ় লৈ উঠিছিল আৰু সাহিত্যৰ প্ৰতি আকৃষ্ট ছাত্ৰসকলে কেইবাখনো হাতে-লিখা আলোচনী প্ৰকাশ কৰিছিল। সেই সময়ত শশীকান্ত গগৈৰ সহপাঠী আছিল প্ৰাচ্যতত্ববিদ্ পণ্ডিত ৺মহেশ্বৰ নেওগ। ড০ নেওগ মহোদয়ৰ মতে আলোচনীবোৰৰ কবিতাবোৰ ঘাইকৈ লিখিছিল শশীকান্ত গগৈয়ে। শিৱসাগৰ চৰকাৰী বহুমুখী বিদ্যালয়ৰ হাতে লিখা আলোচনীবোৰৰ এখন আছিল ' নিজৰা'। কটন কলেজত পঢ়ি থকা সময়চোৱাত শশীকান্ত গগৈৰ কবিতা সমূহ ঘাইকৈ আছিল ৰোমান্তিক শৈলীৰ। পাঠক সমাজত সেই কবিতাসমূহে ব্যাপক আদৰ লাভ কৰিছিল। স্বাধীনতা আন্দোলনত জড়িত হৈ পৰাত কবিতাবোৰতো আন্দোলনৰ প্ৰভাব পৰে। দেহ-গংগা, নিয়ৰ, সুৰৰ পোহাৰ, অনন্ত বেদনা,শেষ সুৰ আদি শশীকান্ত গগৈৰ কবিতাৰ পুথি [উদ্ধৃতিৰ প্ৰয়োজন]। সংকলিত ৰূপত ১৯৯০ চনত এই কবিতাসমূহ প্ৰকাশ পায় [উদ্ধৃতিৰ প্ৰয়োজন]। আৱাহন, জোনাকী, বাঁহী, জয়ন্তী আদি আলোচনীত বিভিন্ন সময়ত প্ৰকাশ পোৱা গগৈৰ কবিতাবোৰ পাঠক সমাজত সমাদৃত হৈছিল [উদ্ধৃতিৰ প্ৰয়োজন]

স্বাধীনতা আন্দোলন আৰু ৰাজনীতি

[সম্পাদনা কৰক]

শশীকান্ত গগৈ ভাৰতীয় স্বাধীনতা আন্দোলনৰ এজন নিষ্ঠাবান সৈনিক আছিল। [উদ্ধৃতিৰ প্ৰয়োজন] ১৯৪২ চনৰ পৰা ১৯৪৪ চনৰ সময়চোৱাত তেখেতে কেইবাবাৰো কাৰাবৰণ কৰিব লগা হৈছিল। আৱাৰ ইনষ্টিটিউশ্যনত শিক্ষকতা কৰি থকা সময়চোৱাত এদিন মাজনিশা তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু অন্য সামগ্ৰীৰ লগতে তেখেতৰ বহু সাহিত্যিক সৃষ্টি নষ্ট কৰি পেলোৱা হৈছিল বুলি জনা যায়। এইবিষয়ে মহেশ্বৰ নেওগদেৱৰ দ্বাৰা সম্পাদিত ' সঞ্চয়ণ'ৰ কবি-পৰিচিতিত উল্লেখ কৰা হৈছে। ১৯৯০ চনত শশীকান্ত গগৈৰ কাব্য-সংকলন উন্মোচনীয়ে প্ৰকাশ কৰা কবিজনৰ জীৱনী পুথি আৰু ড০ নেওগদেৱৰ লিখাতো এই কথা বিতংভাবে উল্লেখ আছে। স্বাধীনোত্তৰ ভাৰতত কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা তেখেতক মুক্তিযোদ্ধাৰ তাম্ৰ-পত্ৰ প্ৰদান কৰা হৈছিল [উদ্ধৃতিৰ প্ৰয়োজন]

শিক্ষকতা আৰু সমাজসেৱা

[সম্পাদনা কৰক]

শিক্ষকতা শশীকান্ত গগৈৰ বৃত্তি আছিল যদিও তেখেতে মুলতঃ অনগ্ৰসৰ ভিতৰুৱা অঞ্চল শিক্ষাৰ সম্প্ৰসাৰনক সেৱা হিচাবে গ্ৰহন কৰিছিল [উদ্ধৃতিৰ প্ৰয়োজন]। নিম্নোক্ত শিক্ষনুষ্ঠান বিলাকত তেখেতে প্ৰধান শিক্ষক হিচাবে শিক্ষকতা কৰিছিল-

১। টিংখাং উচ্চ-মাধ্যমিক বিদ্যালয়,ডিব্ৰুগড়, ২। মিৰি-জীয়ৰি উচ্চ মাধ্যমিক বিদ্যলয়, মাজুলি, ৩। আৱাৰ ইনষ্টিটিউশ্যন, টিফুক, শিৱসাগৰ,৪। নামতি হাইস্কুল, শিৱসাগৰ, ৫। জোকতলি হাইস্কুল, নাজিৰা, ৬। পলিটেকনিক হাইস্কুল, শিৱসাগৰ, ৭। বান্মুখ মাধ্যমিক বিদ্যালয়, শিৱসাগৰ, ৮। মেছাগড় হাইস্কুল, শিৱসাগৰ, ৯। চামগুৰি গুৰু ট্ৰেইনিং ইনষ্টিটিউত, নগাওঁ শিক্ষকতাৰ মাজে মাজে গ্ৰাম্যাঞ্চলত সমাজ সংগঠন আৰু গান্ধীজীৰ আদৰ্শৰে কুটিৰ শিল্প প্ৰতিস্থাৰ বাবে উদ্যোগ হাতত লৈছিল। শিৱসাগৰৰ নিজাঘৰতে এটা সূতা-কটা আৰু বয়ন-শিল্পকেন্দ্ৰ স্থাপন কৰিছিল। সমাজকৰ্মী মুক্তিযোদ্ধা কৰুনা কান্ত গগৈয়ে স্থাপন কৰা আৱাৰ ইনষ্টিটিউশ্যন আৰু ভূবন গগৈয়ে স্থাপন কৰা শিৱসাগৰ টেকনিকেল স্কুল আছিল সেই সময়তেই কাৰিকৰী শিক্ষাক মুখ্য-ধাৰাৰ শিক্ষাৰ সমানে গুৰুত্ব প্ৰদান কৰা প্ৰথম শিক্ষানুষ্ঠান [উদ্ধৃতিৰ প্ৰয়োজন]