সমললৈ যাওক

শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়
Salbari Higher Secondary school
অৱস্থান
শালবাৰী, বাক্সা জিলা, অসম, ৭৮১৩১৮
ভাৰতবৰ্ষ
স্থানাঙ্ক 26°38′31″N 91°05′37″E / 26.6419288°N 91.0935664°E / 26.6419288; 91.0935664স্থানাংক: 26°38′31″N 91°05′37″E / 26.6419288°N 91.0935664°E / 26.6419288; 91.0935664
প্ৰাথমিক তথ্যসমূহ
প্ৰকাৰ উচ্চ প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক, ৰাজহুৱা [1]
নীতি Unity and spread of education
প্ৰতিষ্ঠাকাল ২০ মাৰ্চ ১৯৫৫ (1955-03-20)
বিদ্যালয়ৰ বিভাগ বাক্সা, জালাহ খণ্ড
কৰ্তৃপক্ষ অসম চৰকাৰ
শ্ৰেণী ৬-১২[1]
অধ্যক্ষ কৃষ্ণন বসুমতাৰী (ভাৰপ্ৰাপ্ত)
প্ৰধান শিক্ষক [2]
ফেকাল্টী প্ৰায় ৫০ জন[3]
Enrollment প্ৰায় ১১০০ৰ অধিক[3]
মাধ্যম বড়ো, অসমীয়া, ইংৰাজী[4]
কেম্পাছৰ আকাৰ প্ৰায় ১৬টা শ্ৰেণীকোঠা
ৱেবছাইট

শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় (ইংৰাজী: Salbari Higher Secondary School) অসমৰ বাক্সা জিলাৰ শালবাৰী মহকুমা অন্তৰ্গত এখন পুৰণি আৰু জনপ্ৰিয় শিক্ষানুষ্ঠান (সাধাৰণতে শালবাৰী মডেল এইচ.এছ. স্কুল বুলি কোৱা হয়)। বিদ্যাল়য়খন শালবাৰী অঞ্চলৰ উলুবাৰী গাঁও আৰু শালবাৰী বজাৰৰ মাজত অৱস্থিত। ১৯৫৫ চনত বাক্সা জিলাৰ গ্ৰাম্য আৰু আৰ্থিকভাৱে পিছপৰা শিশুসকলক বড়ো আৰু অসমীয়া মাধ্যমত মাধ্যমিক শিক্ষা প্ৰদানৰ উদ্দেশ্যে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়।[5]

অৱস্থান

[সম্পাদনা কৰক]

অসমৰ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত শালবাৰী বজাৰৰ নিচেই কাষত বিদ্যালয়খন অৱস্থিত। এই অঞ্চলটো ভূটান সীমান্তৰ ওচৰত মানস ৰাষ্ট্ৰীয় উদ্যানৰ কাষত অৱস্থিত, আৰু দ্ৰুতগতিত চহৰ হোৱাৰ দিশে আগবাঢ়িছে।

স্থানীয় সমাজকৰ্মী আৰু শুভাকাংক্ষীসকলৰ উদ্যোগত ১৯৫৫ চনত হাইস্কুল হিচাপে বিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰে। ভাৰতীয় শিক্ষা ব্যৱস্থাৰ বিজ্ঞান আৰু কলা শাখাৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ধাৰা প্ৰৱৰ্তনৰ জৰিয়তে পৰৱৰ্ত্তীকালত বিদ্যালয়খনক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হৈছে।

ব্যৱস্থাপনা

[সম্পাদনা কৰক]

অধ্যক্ষ, উপাধ্যক্ষ আৰু জ্যেষ্ঠ শিক্ষকসকলে বিদ্যালয়খন পৰিচালনা কৰে। বিদ্যালয়খনৰ কিছুমান প্ৰশাসনিক কাম-কাজ আৰু উন্নয়নমূলক দিশৰ তদাৰক কৰা এখন শাসক পৰিষদ আছে। বিদ্যালয়খনৰ কামৰ সময় ৰাতিপুৱা ৯:০০ বজাৰ পৰা বিয়লি ৩ বজালৈ।

বিদ্যালয়খনে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ (১০ + ২) কলা আৰু বিজ্ঞানৰ ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ মানলৈকে শিক্ষা প্ৰদান কৰে, যাৰ ফলত প্ৰমাণপত্ৰ (HSLC, HSSLC) পোৱা যায়। বহনক্ষম উন্নয়ন শিক্ষাৰ বাবে এইখন আদৰ্শ বিদ্যালয়। ২০১৩ চনত শালবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ক ডব্লিউ ডব্লিউ এফ-ইণ্ডিয়া(WWF,I)ই তেওঁলোকৰ বহনক্ষম উন্নয়নৰ বাবে শিক্ষা প্ৰকল্পৰ আৰ্হি বিদ্যালয় হিচাপে নিৰ্বাচিত কৰে। [5][6][7]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Salbari H.S. School, Salbari, Baksa - Assam" (en ভাষাত). iCBSE. http://www.icbse.com/schools/salbari-h-s-school/18240413904 আহৰণ কৰা হৈছে: 19 February 2017.
  2. "All Bathou Mahasabha conference begins today". The Assam Tribune Online. 6 February 2014. Archived from the original on 19 February 2017. https://web.archive.org/web/20170219172752/http://www.assamtribune.com/scripts/detailsnew.asp?id=feb0614/state07 আহৰণ কৰা হৈছে: 19 February 2017.
  3. 1 2 "Salbari Higher Secondary School in Barpeta, Assam" (en-in ভাষাত). schools.findthebest.in. http://schools.findthebest.in/l/100145/Salbari-Higher-Secondary-School-in-Barpeta-Assam আহৰণ কৰা হৈছে: 19 February 2017.[সংযোগবিহীন উৎস]
  4. "Salbari H.S. School, Salbari (Baksa)". studyapt.com. Archived from the original on 19 February 2017. https://web.archive.org/web/20170219170456/https://www.studyapt.com/school-salbari-h-s-school-baksa আহৰণ কৰা হৈছে: 19 February 2017.
  5. 1 2 "4 Assam schools show way to protect nature". The Times of India. TNN (Guwahati). 27 October 2013. http://timesofindia.indiatimes.com/city/guwahati/4-Assam-schools-show-way-to-protect-nature/articleshow/24769440.cms আহৰণ কৰা হৈছে: 26 February 2017.
  6. Banga Chhokar, Kiran (2014). "Whole School Approach Approach Manual Manual". WWF-Indiawwfindia.org. পৃষ্ঠা: 59. http://awsassets.wwfindia.org/downloads/wsam_english.pdf আহৰণ কৰা হৈছে: 24 February 2017.
  7. Goswami, Roopak (24 January 2013). "Conservation lessons for students". The Telegraph (Guwahati). https://www.telegraphindia.com/1130124/jsp/northeast/story_16479093.jsp আহৰণ কৰা হৈছে: 24 February 2017.