শিৱ তাণ্ডৱ স্তোত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৈলাস পৰ্বত দাঙি ধৰোঁতে ৰাৱণে শিৱ তাণ্ডৱ স্ত্ৰোত পাঠ কৰিছে।

শিৱ তাণ্ডৱ স্তোত্ৰ (সংস্কৃত: शिवताण्डवस्तोत्र) হৈছে হিন্দু দেৱতা শিৱৰ গুণ-গৰিমা বৰ্ণনা কৰা এক সংস্কৃত স্তোত্ৰ। পৰম্পৰাগতভাৱে পৰম শিৱভক্ত লংকেশ্বৰ ৰাৱণক এই স্তোত্ৰ ৰচনাৰ কৃতিত্ব দিয়া হয়।[1] জনবিশ্বাস অনুসৰি ৰাৱণে মোক্ষপ্ৰাপ্তিৰ বাবে শিৱক বন্দনা কৰি এই শ্লোক ৰচনা কৰিছিল।[2]

গঠন[সম্পাদনা কৰক]

স্তোত্ৰটোৰ চাৰিটা শাৰীৰ একোটা স্তম্ভত প্ৰতিটো শাৰীত ১৬টা স্বৰ বা আখৰ থাকে। এইসমূহ পৰ্যায়ক্ৰমে লঘু (হ্ৰস্ব স্বৰ) আৰু গুৰু (দীৰ্ঘ স্বৰ)। ইয়াত মুঠ ১৬টা চতুৰ্থী বা চাৰিশৰীয়া স্তৱক আছে।[3]

এই স্তোত্ৰৰ নৱম আৰু দশম চতুৰ্থী দুটাৰ শেষত শিৱৰ উপনামসমূহক ধ্বংসকাৰী, আনকি মৃত্যুৰো নাশক হিচাপে তালিকাভুক্ত কৰা হৈছে।[4]

শেষৰ চতুৰ্থীত ভাগৰি পৰাৰ পিছত ৰাৱণে সুধিছে, "মই কেতিয়া সুখী হ'ম?" প্ৰাৰ্থনা আৰু ঘোৰ তপস্যাৰ বাবে ৰাৱণে শিৱৰ পৰা শক্তি আৰু চন্দ্ৰহাস নামৰ এখন অলৌকিক তৰোৱাল লাভ কৰিছিল।[5][6][7]

আখ্যান[সম্পাদনা কৰক]

হিন্দু মহাকাব্য ৰামায়ণৰ উত্তৰা কাণ্ডৰ বৰ্ণনা অনুসৰি দশানন, বিংশ অস্ত্ৰধাৰী শক্তিশালী ৰজা ৰাৱণে কৈলাস পৰ্বতৰ ওচৰত অৱস্থিত তেওঁৰ সতীয়া ভাতৃ আৰু ধনৰ দেৱতা কুবেৰৰ নগৰ অলকাক জয় কৰি লুট কৰিছিল। বিজয়ৰ পিছত ৰাৱণে পুষ্পক বিমানত (কুবেৰৰ পৰা চুৰি কৰা আকাশী ৰথ) লৈ লংকালৈ উভতি আহিছিল। বাটতে তেওঁ এখন ধুনীয়া ঠাই দেখা পালে। কিন্তু তাৰ ওপৰেৰে ৰথখন উৰিব পৰা নাছিল। ৰাৱণে সেই ঠাইতে শিৱৰ ম’হমুখী বামন পৰিচাৰক নন্দীক (নন্দীশ, নন্দীকেশ্বৰ) লগ কৰি তেওঁৰ ৰথখনে সেই ঠাইৰ ওপৰেৰে পাৰ হ’ব নোৱাৰাৰ আঁৰৰ কাৰণ সুধিলে। নন্দীয়ে ৰাৱণক জনালে যে ভগৱান শিৱ আৰু পাৰ্বতীয়ে পাহাৰত প্ৰমোদ-বিহাৰ কৰি আছে আৰু সেয়ে ইয়াৰ ওপৰেদি কাকো পাৰ হ’বলৈ দিয়া হোৱা নাই। ৰাৱণে শিৱ আৰু নন্দীক ঠাট্টা কৰে। নিজ প্ৰভুক কৰা অপমানত ক্ষুব্ধ হৈ নন্দীয়ে ৰাৱণক অভিশাপ দিয়ে যে বান্দৰেই তেওঁৰ সৰ্বনাশ কৰিব। পাছলৈ ৰাৱণে নন্দীৰ অভিশাপ পাই আৰু আগুৱাই যাব নোৱাৰাত ক্ষুব্ধ হৈ কৈলাসক উভালি পেলোৱাৰ সিদ্ধান্ত লয়। তেওঁ কৈলাসৰ তলত বিশখন হাত থৈ পৰ্বতটো ওপৰলৈ তুলিবলৈ ধৰিলে। কৈলাস কঁপিবলৈ ধৰাৰ লগে লগে আতংকিত হৈ পাৰ্বতীয়ে শিৱক সাৱটি ধৰিলে। কিন্তু সৰ্বজ্ঞানী শিৱই এই কাৰ্যৰ আঁৰত ৰাৱণ বুলি উপলব্ধি কৰি ভৰিৰ বুঢ়া আঙুলিৰে কৈলাসক হেঁচা মাৰি ধৰি ৰাৱণক তাৰ তলত আৱদ্ধ কৰি পেলালে। যন্ত্ৰণাত ৰাৱনে এটা জোৰেৰে চিৎকাৰ কৰিবলৈ লাগিল। মন্ত্ৰীসকলৰ পৰামৰ্শত ৰাৱণে হাজাৰ বছৰ ধৰি শিৱৰ গুণানুকীৰ্তন কৰিছিল। অৱশেষত শিৱই ৰাৱণক ক্ষমা কৰাৰ লগতে চন্দ্ৰহাস নামৰ এখন অজেয় তৰোৱালো প্ৰদান কৰে। ৰাৱণে গোৱা পদ্যসমূহৰ সংগ্ৰহ শিৱ তাণ্ডৱ স্তোত্ৰ নামেৰে জনাজাত হৈ পৰে।[8]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Vālmīki; Menon, Ramesh (2004-05-26) (en ভাষাত). The Ramayana: A Modern Retelling of the Great Indian Epic. Macmillan. ISBN 978-0-86547-695-0. https://books.google.com/books?id=aWFEAQAAQBAJ&q=ramayan+ramesh+menon. 
  2. Ayres, Elizabeth (2005) (en ভাষাত). Know the Way: A Journey in Poetry and Prose. Infinity Publishing. পৃষ্ঠা. 18. ISBN 9780741428257. https://books.google.com/books?id=1VfceO-Y7ukC&pg=PA18. 
  3. "Shivatandavastotra". Full text at Wikisource. https://sa.m.wikisource.org/wiki/%E0%A4%B6%E0%A4%BF%E0%A4%B5%E0%A4%A4%E0%A4%BE%E0%A4%A3%E0%A5%8D%E0%A4%A1%E0%A4%B5%E0%A4%B8%E0%A5%8D%E0%A4%A4%E0%A5%8B%E0%A4%A4%E0%A5%8D%E0%A4%B0। আহৰণ কৰা হৈছে: 20 November 2018. 
  4. Ramachander, P. R.. "Shiva Thandava Stotram". saivism.net. https://www.saivism.net/prayers/tandava.asp। আহৰণ কৰা হৈছে: 25 July 2018. 
  5. Bennett, James (7 June 2017). Beneath the Winds: Masterpieces of Southeast Asian Art from the Art Gallery of South Australia. প্ৰকাশক Australia: Art Gallery of South Australia. পৃষ্ঠা. 251. ISBN 978-1921668074. https://books.google.com/books?id=DvbcshlOzYIC&q=%22once+gifted+to+Ravana+by+the+god+Siva%22. 
  6. Cakrabartī, Bishṇupada (24 July 2008). The Penguin Companion to the Ramayana. Penguin. পৃষ্ঠা. 91. ISBN 978-0143100461. https://books.google.com/books?id=FCAqAAAAYAAJ&q=%22Shiva+gave+him+a+very+powerful+scimitar+called+Chandrahas.%22। আহৰণ কৰা হৈছে: 24 July 2018. 
  7. Social, Daily. "12 Of The Most Powerful Divine Weapons From Hindu Mythology". Daily Social. Archived from the original on 24 July 2018. https://web.archive.org/web/20180724154156/https://daily.social/12-most-powerful-divine-weapons-from-hindu-mythology/। আহৰণ কৰা হৈছে: 24 July 2018. 
  8. "Shiv Tandav Stotra". newstrend.news. 15 October 2018. https://www.newstrend.news/175682/shiv-tandav-strot-ke-labh/। আহৰণ কৰা হৈছে: 29 April 2020. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]