শ্বাহ চুলতান ৰুমী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্বাহ চুলতান

শ্বাহ চুলআন কামাৰ আদ-দীন ৰুমী
Qamar ad-Din Rumi

মদনপুৰৰ শ্বাহ চুলতান ৰুমীৰ মন্দিৰ
অন্যান্য নাম কামাৰুদ্দিন
ব্যক্তিগত
মৃত্যু ১০৭৫ খ্ৰী:পূ:
মদনপুৰ, নেট্ৰ'কনা সদৰ উপ-জিলা
ধৰ্ম চুন্নী ইছলাম
অন্য নাম কামাৰুদ্দিন
জ্যেষ্ঠ বিষয়বাব
কাৰ্যালয়ত সময় ১১ শতিকাৰ প্ৰাৰম্ভণিত৬

শ্বাহ চুলআন কামাৰ আদ-দীন ৰুমী (বঙালী: শাহ সুলতান কমর উদ্দিন রুমী,Shāh Sulṭān Qamar ad-Dīn Rumī) আছিল একাদশ শতিকাৰ এগৰাকী চুফী মুছলমান ব্যক্তি; যিয়ে পৰম্পৰা অনুসৰি প্ৰথম চুফী ভ্ৰমণ কৰাৰ লগতে বসতি স্থাপন কৰিছিল বুলি বিশ্বাস কৰা হয়।[1] তেওঁৰ নামটো জড়িত হৈ আছে নেট্ৰ’ক’নালৈ ইছলামৰ প্ৰসাৰৰ সৈতে; যি হৈছে তেওঁৰ মধ্যপ্ৰাচ্য,মধ্য এছিয়া আৰু দক্ষিণ এছিয়াৰ মাজৰ দীৰ্ঘ ভ্ৰমণ-ইতিহাসৰ অংশ।[2][3]

সংক্ষিপ্ত জীৱনী[সম্পাদনা কৰক]

তেওঁৰ মন্দিৰৰ গাতে লাগি থকা মদনপুৰৰ শ্বাহ চুলতান জামে মছজিদ।

পূৰ্বৰ নথি-পত্ৰত প্ৰকাশ পাইছে যে ৰুমীয়ে ১০৫৩ খ্ৰীষ্টাব্দত (৪৪৫ হিজৰী) তেওঁৰ গুৰু চৈয়দ শ্বাহ সুৰখুল আন্তিয়া আৰু দহজন শিষ্যৰ সৈতে বংগত উপস্থিত হৈছিল। এইটো আছিল মুছলমান সেনাপতি বখতিয়াৰ খিলজীৰ আগমনৰ এশ বছৰ আগৰ আৰু ১৩০৩ খ্ৰীষ্টাব্দত শ্বাহ জালালে চিলেট বিজয়ৰ ২৫০ বছৰ আগৰ কথা। এইদৰে বিজয়ৰ আগতেই ৰুমী বংগত উপস্থিত হয়।[4][5]

ৰুমী আৰু তেওঁৰ সতীৰ্থসকলে আধুনিক নেট্ৰ’ক’নাত বসতি স্থাপন কৰে, যিটো অঞ্চলত মুছলমান জনসংখ্যা নথকা আৰু গণেশ নামৰ কোচ ৰজাৰ শাসিত। ইছলামৰ বাৰ্তা স্থানীয় বাসিন্দাসকলৰ মাজলৈ গৈছিল, যাৰ বহুতেই ইছলাম গ্ৰহণ কৰিছিল।[6][7] যেতিয়া ৰজাৰ ওচৰলৈ ধৰ্মান্তৰিত হোৱাৰ খবৰ আহিল, তেতিয়া ৰুমীক ৰাজদৰবাৰলৈ মাতি অনা হ’ল। কোৱা হয় যে ৰুমীয়ে দাবী কৰিছিল যে ঈশ্বৰে তেওঁক আধ্যাত্মিক শক্তি প্ৰদান কৰিছে, আৰু সেয়েহে তেওঁ নতুন এক অধ্যায়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁক বিষ আগবঢ়োৱা হৈছিল আৰু বিশ্বাস কৰা মতে বিষ খোৱাৰ পিছতো তেওঁ নিৰাপদ আৰু সুস্থ আছিল। সেই স্থানত উপস্থিত থকা সকলোৱে ইছলাম ধৰ্ম গ্ৰহণ কৰিলে আৰু ৰজাই তেওঁক মদনপুৰ গাঁওখনৰ লগতে ওচৰৰ কিছুমান গাঁওকো অনুমোদন দিলে, আৰু ইয়াক ভাড়া-মুক্ত অঞ্চল হিচাপে গঢ়ি তুলিলে৷[8][9]

মৃত্যু আৰু উত্তৰাধিকাৰ[সম্পাদনা কৰক]

অনুমান কৰা হৈছে যে শ্বাহ চুলতান ৰুমীৰ মৃত্যু হৈছিল ১০৭৫ খ্ৰীষ্টাব্দত (৪৭৫ হিজৰী)। মদনপুৰ গাঁৱত এটা মন্দিৰ নিৰ্মাণ কৰা হয় যিটোলৈ দৰ্শন এতিয়াও অব্যাহত আছে। মন্দিৰ প্ৰাংগণৰ কাষতে এটা মছজিদ নিৰ্মাণ কৰা হৈছিল।[10]

বংগৰ ঔপনিৱেশিক কালত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৮২৯ চনত এই মন্দিৰ বাগিচাখন দখল কৰিবলৈ চেষ্টা কৰিছিল। এই বিষয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল মন্দিৰৰ ৰক্ষকসকলে, যিয়ে ১০৮২ খ্ৰীষ্টাব্দৰ পৰা এখন পুৰণি পাৰ্চী নথি প্ৰদান কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে চৰকাৰে পৰিকল্পনা ত্যাগ কৰি নথি-পত্ৰধাৰী চৈয়দ জালালুদ্দিনক বাগিচাখন প্ৰদান কৰিলে।[8][5]

ৰুমীৰ নামেৰে নামকৰণ কৰা কিছুসংখ্যক প্ৰতিষ্ঠান হৈছে:

  • শ্বাহ চুলতান জামে মছজিদ, মদনপুৰ
  • শ্বাহ চুলতান ডিগ্ৰী কলেজ
  • শ্বাহ চুলতান হাইস্কুল, মদনপুৰ
  • শ্বাহ চুলতান ডিজিটেল ইনষ্টিটিউট
  • শ্বাহ চুলতান ডায়েগনষ্টিক চেণ্টাৰ

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Sufi influence in Bengal". 2013-08-01. https://www.thedailystar.net/news/sufi-influence-in-bengal. 
  2. Sarwar Alam (15 February 2018). Perceptions of Self, Power, & Gender Among Muslim Women: Narratives from a Rural Community in Bangladesh. Springer. পৃষ্ঠা. 9. 
  3. Abdul Matin (2018). Socio-religious reform and Sufism in 20th century Bengal: A study of the role of Pir Abu Bakr of Furfura Sharif, India (SACS Special Issue). পৃষ্ঠা. 26. 
  4. Shah Noorur Rahman (1995). "Islam and its Early Introduction in Bengal". Proceedings of the Indian History Congress খণ্ড 56: 425–434. 
  5. 5.0 5.1 N. Hanif (2000). Biographical encyclopaedia of Sufis: South Asia. Sarup & Sons. পৃষ্ঠা. 325. 
  6. Dr. Md. Yousuf Ali; Abu Sadat Nurullah (Dec 2007). "Challenges of Islamic Da'wah in Bangladesh: The Christian Missions and Their Evangelization". IIUC Studies খণ্ড 4: 87–108. ISSN 1813-7733. 
  7. Afia Dil (2012). "Impact of Arabic on Bengali Literature and Culture". Journal of the Asiatic Society of Bangladesh (Hum.) খণ্ড 57 (1): 101–152. 
  8. 8.0 8.1 Abdul Karim (2012). "Shah Sultan Rumi (R)". In ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ. বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 23 April 2024. 
  9. "A Short Walk to the History of Islam in Bengal (Part II) Mohammad Al Amin" (en-US ভাষাত). Perspective. 2019-02-15. Archived from the original on 2019-11-28. https://web.archive.org/web/20191128181351/https://perspectivebd.com/archives/2751। আহৰণ কৰা হৈছে: 2019-11-28. 
  10. ছিৰাজুল ইছলাম; মিয়া, শ্বাহজাহান; খানম, মাহফুজা; আহমেদ, শ্বব্বীৰ, eds. (2012). "Sufism". বাংলাপিডিয়া: বাংলাদেশৰ ৰাষ্ট্ৰীয় বিশ্বকোষ (অনলাইন ed.). ঢাকা, বাংলাদেশ: বাংলাপিডিয়া ট্ৰাষ্ট, এছিয়াটিক চচাইটি অফ বাংলাদেশ. ISBN 984-32-0576-6. OCLC 52727562. Retrieved 23 April 2024.