শ্ৰীজা আকুলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰীজা আকুলা

২০১৯ চনৰ কমনৱেলথ টেবুল টেনিছ চেম্পিয়নশ্বিপত আকুলা
ব্যক্তিগত তথ্যাৱলী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
জন্ম ৩১ জুলাই, ১৯৯৮ (২৫ বছৰ)
হাইদৰাবাদ,[1] তেলঙ্গানা, ভাৰত

শ্ৰীজা আকুলা (ইংৰাজী: Sreeja Akula; জন্ম: ৩১ জুলাই ১৯৯৮)[2] এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ। ২০২২ চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱা ৮৩ সংখ্যক ছিনিয়ৰ নেচনেল আৰু আন্তঃৰাজ্যিক টেবুল টেনিছ চেম্পিয়নশ্বিপত তেওঁ মহিলাৰ একক আৰু ডাবলছ টেনিছৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় চেম্পিয়ন।[3] মণিকা বাত্ৰাৰ হাতত পৰাস্ত হৈ বিগত সংস্কৰণত ৰাষ্ট্ৰীয় মহিলা একক শাখাত তেওঁ ৰানাৰ্ছ আপ আছিল। ২০২২ চনৰ কমনৱেলথ গেমছতো ভাৰতীয় দলৰ অংশ আছিল য’ত শৰৎ কমলৰ সৈতে মিক্স ডাবলছ ইভেণ্টত সোণৰ পদক লাভ কৰিছিল। ২০১৯ চনৰ দক্ষিণ এছিয়ান গেমছত টেবুল টেনিছত মহিলা ডাবলছ আৰু মহিলা দলৰ ইভেণ্টৰ তেওঁ সোণৰ পদক বিজয়ী।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]