শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা

শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা (ইংৰাজী: Gurdwara Sri Guru Tegh Bahadur Sahib) অসমৰ ধুবুৰী জিলাব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এখন শিখ সকলৰ গুৰুদ্বাৰা।[1] শিখ সকলৰ প্ৰথম গুৰু, গুৰু নানক দেৱ ১৫০৫ খ্ৰীষ্টাব্দত ঢাকাৰ পৰা অসমলৈ আহোঁতে এই স্থানত তেওঁ শ্ৰীমন্ত শংকৰদেৱক লগ পাইছিল। পিছলৈ ১৭শ শতিকাত শিখ সকলৰ নৱম গুৰু, গুৰু টেগ বাহাদুৰ এটা গুৰুদ্বাৰা স্থাপন কৰে। গুৰু টেগ বাহাদুৰৰ শ্বহীদ দিৱস উপলক্ষে প্ৰতি বছৰে ডিচেম্বৰ মাহত এই ঐতিহাসিক ঠাইলৈ প্ৰায় ৫০,০০০ দেশী-বিদেশী হিন্দু, শিখ , মুছলিম আৰু অন্যান্য তীৰ্থযাত্ৰী আহে। এই উৎসৱ প্ৰতি বছৰে ৩ ডিচেম্বৰত অনুষ্ঠিত হয়। শিখ সকলে এই উৎসৱক শ্বহীদী গুৰু পৰ্ব বোলে।

ইতিহাস[সম্পাদনা কৰক]

১৬৭০ চনত গুৰু টেগ বাহাদুৰ অসমলৈ আহিছিল। তেওঁৰ লগত সম্ৰাট ঔৰংজেৱে আহোম ৰজা চক্ৰধ্বজ সিংহক দমন কৰিবলৈ পঠিওৱা অম্বৰৰ ৰজা ৰাম সিঙো আহিছিল। তেতিয়া অসম এখন দুৰ্গম ঠাই আৰু ইয়াৰ মানুহবোৰ সাহসী তথা স্বাধীনপ্ৰিয় বুলি জনাজাত আছিল। ৰাম সিঙৰ বাবে এই কাম এক প্ৰকাৰৰ শাস্ত্ৰীয়ে আছিল। কাৰণ তেওঁৰ দায়িত্বত থাকোঁতে বিখ্যাত মাৰাঠা ৰজা শিৱাজী আৰু তেওঁৰ পুত্ৰ সকল পলায়ন কৰিছিল। সেয়ে গুৰু টেগ বাহাদুৰৰ উপস্থিতিয়ে তেওঁ আৰু তেওঁৰ লগত যোৱা সৈন্য সকলক মানসিক শক্তি যোগাইছিল। কিন্তু পিছলৈ গুৰুৰ উপস্থিতিয়ে অকল মানসিক শক্তিয়ে নহয় আন জৰুৰী কামো সমাধা কৰিছিল। আহোম আৰু মোগলৰ মাজত শান্তিৰ চুক্তি ৰূপায়ন কৰাত গুৰু টেগ বাহাদুৰে অহোপুৰুষাৰ্থ কৰিছিল।

গুৰু টেগ বাহাদুৰলৈ মাৰি পঠিওৱা ঐতিহাসিক শিলা

শান্তি প্ৰতিষ্ঠা কৰাৰ সময়ত সকলো সৈন্যই ৫ ঢাল মাটি যোগ দি এটা বৃহৎ মাটিৰ ঢিপ সাজিলে। এই ঢিপ ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নদীৰ সোঁ পাৰত এতিয়াও অৱস্থিত আৰু ইয়াক মানুহে পবিত্ৰ বুলি গণ্য কৰিব ধৰিলে। ইয়াৰ লগতে গুৰু টেগ বাহাদুৰে থকা আৰু শান্তি প্ৰতিষ্ঠা কৰা ঠাই খনত এটা গুৰুদ্ধাৰা নিৰ্মাণ কৰা হল। উদাসী পুৰোহিতে এই গুৰুদ্বাৰ চোৱা-চিতা কৰিছিল। ১৮৯৬-৯৭ ত হোৱা প্ৰৱল ভূমিকম্পৰ এই গুৰুদ্বাৰা ধংশ হয়। পিছত ১৯০১ চনত ভাই ৰাম সিঙে এই গুৰুদ্বাৰা পুনৰ নিৰ্মাণ কৰে। মহন্ত সকলে এই গুৰুদ্বাৰাৰ মাটিৰ বাবে মোগলৰ অনুমোদন লাভ কৰিছিল। ১৯০২-০৩ চনত মহন্ত জয় সিঙে এই অনুমোদন পত্ৰ লৈ গুৰুদ্বাৰাৰ ভৱন পুনৰ নিৰ্মাণৰ বাবে অৰ্থৰ যোগান কৰিবলৈ পাঞ্জাবলৈ গৈছিল। দুৰ্ভাগ্যবশতঃ ভাই জয় সিং অমৃতসৰৰ ওচৰত স্বৰ্গগামী হয় আৰু এই অনুমোদন পত্ৰ হেৰাই যায়।

এই স্থানত দুটা গুৰুদ্বাৰা আছে:

  • ঠাৰা চাহিব গুৰুদ্বাৰা বা দামদামা চাহিব গুৰুদ্বাৰা: ১৯৬৬ চনত এটা সৰু অষ্টভূজী জুপুৰিৰে এটা গুৰুদ্বাৰা সজা হয়। লগতে মাটিৰ ঢিপৰ ওপৰতো চালৰ ব্যৱস্থা কৰা কৰা হয়। ইয়াক ঠাৰা চাহিব গুৰুদ্বাৰা বা দামদামা চাহিব গুৰুদ্বাৰা বুলি কোৱা হয়।
  • শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা: এটা বৰ্গাকাৰ গৃহ, কাঠৰ বেৰ আৰু হেলনীয়া চালেৰে আনটো গুৰুদ্বাৰা সজা হয়। শিখ প্ৰতিনিধি বৰ্ড পূৰ্বাঞ্চল শাখা আৰু স্থানীয় কমিটিয়ে গুৰুদ্বাৰাৰ চোৱা-চিতা আৰু উন্নয়নমুকল কাম কাজ কৰে।

যাতায়ত[সম্পাদনা কৰক]

ধুবুৰীলৈ ছিলিগুৰি আৰু কাতিহাৰৰ পৰা ৰেলেৰে যোৱাৰ ব্যৱস্থা আছে। ফকিৰাগ্ৰাম জংচনৰ পৰা ৰেলৰ দিশ সলনি কৰিব লগীয়া হয়। এই ঠাই তাৰ পৰা প্ৰায় ৭০ কি.মি. দূৰত অৱস্থিত। ধুবুৰী চহৰৰ পৰা এই ঠাই লৈ নিয়মিত বাছ চলাচল কৰে।

উল্লেখযোগ্য তীৰ্থযাত্ৰী[সম্পাদনা কৰক]

১৯৮৩ চনত ভাৰতৰ প্ৰাপ্তন ৰাষ্ট্ৰপতি জ্ঞানী জেইল সিং এই পৱিত্ৰ স্থান দৰ্শন কৰিছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. গুৰুদ্বাৰা মানে গুৰুৰ দ্বাৰ, শিখ ধৰ্মাৱলম্বী সকলৰ মুখ্য উপাসনাস্থলী।
  2. Sharma, B. K.; The Telegraph, India, 29 May 2008.
  3. Rashid, P. The Tribune Windows, India, April 19, 2003