সঞ্জু চেমচন
২০২৪ চনত সঞ্জু | ||||||||||||||||
ব্যক্তিগত তথ্য | ||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
সম্পূৰ্ণ নাম | সঞ্জু বিশ্বনাথ চেমচন | |||||||||||||||
জন্ম | ১১ নৱেম্বৰ, ১৯৯৪ (৩০ বছৰ) পুল্লুভিলা, থিৰুৱনন্তপুৰুম, কেৰেলা, ভাৰত | |||||||||||||||
বেটিং শৈলী | সোঁহতীয়া | |||||||||||||||
বলিং শৈলী | সোঁহতীয়া অফব্ৰেক[1] | |||||||||||||||
ভূমিকা | উইকেট কীপাৰ বেটাৰ | |||||||||||||||
আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||||||||||||||
জাতীয় দল | India | |||||||||||||||
অ'ডিআই অভিষেক (কেপ ২৪১) | ২৩ জুলাই ২০২১ বনাম শ্ৰীলংকা | |||||||||||||||
অন্তিম অ'ডিআই | ২১ ডিচেম্বৰ ২০২৩ v দক্ষিণ আফ্ৰিকা | |||||||||||||||
অ'ডিআই চোলা নং. | ৯ | |||||||||||||||
টি২০ অভিষেক (কেপ ৫৫) | ১৯ জুলাই ২০১৫ বনাম জিম্বাবৱে | |||||||||||||||
অন্তিম আন্তৰ্জাতিক টি২০ | ১৪ জুলাই ২০২৪ বনাম জিম্বাবৱে | |||||||||||||||
টি২০ চোলা নং. | ৯ (পূৰ্বতে ১৪) | |||||||||||||||
ঘৰুৱা দলৰ তথ্য | ||||||||||||||||
বছৰ | দল | |||||||||||||||
২০১১–বৰ্তমানলৈকে | কেৰেলা (squad no. ৯) | |||||||||||||||
২০১৩–২০১৫ | ৰাজস্থান ৰয়েলছ (squad no. ৮) | |||||||||||||||
২০১৬–২০১৭ | দিল্লী ডেয়াৰডেভিলছ (squad no. ৮) | |||||||||||||||
২০১৮–বৰ্তমানলৈকে | ৰাজস্থান ৰয়েলছ (squad no. ১১) | |||||||||||||||
কেৰিয়াৰ পৰিসংখ্যা | ||||||||||||||||
প্ৰতিযোগিতা | এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় | টি২০ আন্ত:ৰাষ্ট্ৰীয় | প্ৰথম শ্ৰেণীৰ ক্ৰিকেট | টি২০ ক্ৰিকেট | ||||||||||||
মুঠ খেল | ১৬ | ২৭ | ৫৮ | ২৫৬ | ||||||||||||
ৰাণ | ৫১০ | ৪৪৪ | ৩,৪৪৬ | ৬,১৯০ | ||||||||||||
বেটিং গড় | ৫৬.৬৬ | ২১.১৪ | ৩৮.৭১ | ২৮.৩৯ | ||||||||||||
শতক/অৰ্ধশতক | ১/৩ | ০/২ | ১০/১৫ | ৩/৪০ | ||||||||||||
সৰ্বোচ্চ ৰাণ | ১০৮ | ৭৭ | ২১১ | ১১৯ | ||||||||||||
কেচ্চ/ষ্টাম্পিং | ৯/২ | ১৬/৩ | ৭৯/৭ | ১২৯/২৮ | ||||||||||||
পদক অভিলেখ
| ||||||||||||||||
উৎস: https://www.espncricinfo.com/cricketers/sanju-samson-425943 ESPNCricinfo, 21 December ২০২৩ |
সঞ্জু বিশ্বনাথ চেমচন (ইংৰাজী: Sanju Viswanath Samson জন্ম:১১ নৱেম্বৰ ১৯৯৪) এজন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ, যি ঘৰুৱা ক্ৰিকেটত কেৰালা আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ অধিনায়ক হিচাপে খেলে৷ তেওঁ উইকেট কীপাৰ বেটছমেন হিচাপেও এই খেলসমূহত নিজৰ ভূমিকা পালন কৰিছে৷ পূৰ্বে কেৰালা প্ৰিমিয়াৰ লীগ (প্ৰেচিডেণ্টছ কাপ টি-২০)ত কেচিএ ৰয়েলছ দলৰ অধিনায়ক হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। সঞ্জু ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয় কৰা ভাৰতীয় দলৰ অংশ আছিল যদিও প্ৰতিযোগিতাখনৰ কোনো এখন মেচতে তেওঁ অংশগ্ৰহণ কৰা নাছিল।
সঞ্জু চেমচন সোঁহতীয়া উইকেট কীপাৰ বেটছমেন৷ তেওঁ ২০১৪ চনৰ ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপৰ ভাৰতীয় ১৯ বছৰৰ অনুৰ্ধ দলৰ উপ-অধিনায়ক আছিল। ২০১৫ চনত জিম্বাবুৱেৰ বিৰুদ্ধে বিদেশী টি-২০ আন্তঃৰাষ্ট্ৰীয় খেলত তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অভিষেক ঘটায়। ২০২১ চনত শ্ৰীলংকাৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত অভিষেক ঘটায়।
দিল্লীত ক্ৰিকেট কেৰিয়াৰ আৰম্ভ কৰা চেমছন পিছলৈ কেৰালালৈ গুচি যায়। জুনিয়ৰ ক্ৰিকেটত সফলতাৰে খেলাৰ পিছত ২০১১ চনত কেৰালাৰ হৈ তেওঁ প্ৰথম শ্ৰেণীৰ অভিষেক ঘটায়। ২০১৩ চনত ৰাজস্থান ৰয়েলছৰ হৈ তেওঁ প্ৰিমিয়াৰ লীগত অভিষেক ঘটাই বছৰৰ উদীয়মান খেলুৱৈৰ সন্মান লাভ কৰে। ২০১৯–২০ বিজয় হাজাৰে ট্ৰফীত তেওঁ অপৰাজিত ২১২ ৰান সংগ্ৰহ কৰিছিল, যিটো হৈছে ষষ্ঠবাৰৰ বাবে কোনো ভাৰতীয়ই লিষ্ট এ ক্ৰিকেটত কৰা দ্বৈত শতক৷ যি এইটো প্ৰকাৰৰ ক্ৰিকেটত দ্বিতীয় দ্ৰুততম দ্বৈত শতকো। ২০২৩ চনৰ ২১ ডিচেম্বৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন মেচৰ শৃংখলাত তৃতীয়খন এদিনীয়াত ছাঞ্জুৱে প্ৰথম এদিনীয়া শতক অৰ্জন কৰে।[2][3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Sanju Samson – Wisden profile". Wisden India. https://wisden.com/players/sanju-samson.
- ↑ "South Africa vs India: When the door was closing on him, Sanju Samson kicks it open with maiden ODI ton in series decider". Indian Express. 21 December 2023. https://indianexpress.com/article/sports/cricket/sa-vs-ind-sanju-samson-first-odi-hundred-paarl-9078173। আহৰণ কৰা হৈছে: 21 December 2023.
- ↑ "Samson century lifts India to 296". Cric Buzz. https://m.cricbuzz.com/cricket-news/128894/samson-century-lifts-india-to-296। আহৰণ কৰা হৈছে: 21 December 2023.