সদস্য:Borthakur123/বাল্য ভৱন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বাল্য ভৱন অসমযোৰহাট জিলাৰ এখন বিদ্যালয়। এই বিদ্যালয় এখন সহ-শিক্ষা প্ৰতিষ্ঠান। ১৯৫০ চনত যোৰহাট নগৰৰ মাজ-মজিয়াত ঐতিহাসিক ৰাজমাও পুখুৰীৰ সমীপত বাল্য ভৱন প্ৰ্তিষ্ঠিত হয়।

বিষয়সমূহ[সম্পাদনা কৰক]

বাল্য ভৱনত অসমীয়া, ইংৰাজী, হিন্দী, গণিত, উচ্চ গণিত, সংগীত, ভূগোল,বুৰঞ্জী, বিজ্ঞান, কম্পিউটাৰ আৰু সমাজ বিজ্ঞানৰ পাঠ আগবঢ়োৱা হয়।

ইতিহাস[সম্পাদনা কৰক]

১৯৫০ চনৰ ১০ নৱেম্বৰত সাতটি শিশুৰে যোৰহাটৰ চন্দ্ৰ্কান্ত সন্দিকৈ ভৱনত বাল্য ভৱনৰ শিক্ষা ৰ আৰম্ভনি হয়।শ্ৰীমতি অৱলা গোহাঁই ক বাল্য ভৱনৰ প্ৰ্থম অধ্যক্ষা

হিছাপে ১৯৫০ চনৰ ৭ নৱেম্বৰত নিযুক্তি দিয়া হয়।সেই সময়ত স্কুলৰ মাচুল আছিল মাহে ৬ টকা।মাদ্ৰাজৰ পৰা অনা মন্টেছৰী শিক্ষাৰ সঁজুলিবোৰৰ সহায়ত শিশুহঁতক শিক্ষাদান দিয়া হৈছিল।
১৯৫৪ চনত বাল্য ভৱন স্থায়ী ঘৰলৈ স্থানান্তৰিত কৰা হয়।লাহে লাহে বাল্যভৱনৰ ঘৰ-দুৱাৰে গঢ় লয়গৈ আৰু ১৯৬২ চনত এম.ই.শাখা খোলা হয়।১৯৬৬ চনত মাধ্যমিক শাখা খোলা হয়
১৯৬৭ চনত বাল্য ভৱনৰ এম.ই আৰু হাইস্কুল শাখা চৰকাৰী হয়।বাল্য ভৱনৰ প্ৰ্থম টো দল ১৯৭০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়। 
সম্প্ৰতি বাল্য ভৱনৰ মুঠ মাটিৰ পৰিমাণ ৮ বিঘা ৮ লোচা


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

  • [1] ফাইণ্ড দা বে'ষ্ট স্কুল
  • [2] বাল্য ভৱন উচ্চ মাধ্যমিক বিদ্যালয়