সদস্য বাৰ্তা:হিমাদ্ৰী হাজৰিকা বৰুৱা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

কলিতা জাতিৰ ইতিহাস[সম্পাদনা কৰক]

কলিতা সকলৰ প্ৰসঙ্গত কালিৰাম মেধিয়ে এষাৰ অতি গুৰুত্বপূৰ্ণ কথা কৈ থৈছে। মেধিৰ মতে, Assam is the home of the Kalitas and its civilisation is pre-eminently a Kalita civilisation.১ ইমানখিনি কৈও কলিতা সকলৰ আদি বাসস্থান সম্পৰ্কে মেধি স্পষ্ট নহয়। অথবা, কেতিয়া কি প্ৰক্ৰিয়াৰে কলিতা সকলে অসম ভূখণ্ডটোত বসতি কৰিবলৈ ল'লেহি, তাৰ নিশ্চিতি দিব পৰাকৈ তথ্য নাই। অসমৰ সমাজ-সংস্কৃতিত কলিতা সকল ইমান গভীৰভাৱে শিপন লৈ আছে যে তেওঁলোকক বাদ দি অসমীয়া সভ্যতাৰ কথা কল্পনাই কৰিব নোৱাৰি। ইয়াৰ বিপৰীতে কলিতাৰ ইতিহাস বৰ্তমান পৰ্য্যন্ত ৰহস্যাবৃত। বাণীকান্ত কাকতিয়ে কলিতা জাতিৰ ইতিবৃত্ত গ্ৰন্থত দ্বিতীয়ৰ পৰা পঞ্চম শতিকাত কলিতা সকল অসম ভূখণ্ডলৈ আহিছিল বুলি ধাৰণা দিব খোজে। তেখেতে কলিতাৰ উৎপত্তি সম্পৰ্কে দিয়া ধাৰণাও স্পষ্ট নহয়। পাশ্চাত্য পণ্ডিত বডেন প'ৱেলে দিয়া মত অনুসৰি কলিতা সকল পুৰাতন কালত অসম ভূখণ্ডৰ পূবৰ পাৰ্বত্য অঞ্চলত বসতি কৰিছিল।২ বাণীকান্ত কাকতিয়েও সেই মত গ্ৰহণ কৰিছিল। স্বাভাৱিকতে এনেবোৰ ধাৰণাই কলিতা সকলক পাহাৰীয়া অঞ্চলত বসতি কৰা জনগোষ্ঠী ৰূপেই প্ৰতিষ্ঠা কৰে।

কলিতা সকল সম্পৰ্কে থকা সকলো প্ৰচলিত ধাৰণাৰ বিপৰীতে যুক্তিসন্মত বিচাৰ আৰু বৈজ্ঞানিক দৃষ্টিদৰ্শনেৰে অধ্যাপক মাধুৰ্য্যমণ্ডিত বৰুৱাই লিখি উলিয়াইছে কলিতা জাতিৰ ইতিহাস নামৰ গ্ৰন্থখন। ২৭২ পৃষ্ঠাৰ এই গ্ৰন্থখন প্ৰকাশ কৰিছে গুৱাহাটীৰ ৰেখা প্ৰকাশনে। ২০২০ চনত প্ৰকাশ হোৱা কলিতা জাতিৰ ইতিহাস নামৰ গ্ৰন্থখনত কলিতা সকলক লেখকে জাতিৰূপে স্বীকৃতি দিছে। গ্ৰন্থখনত কলিতা সকলৰ উৎপত্তি, প্ৰাচীন কুলুত ৰাজ্য, প্ৰাচীন অসমত শৈৱ সাধনা কৰিবলৈ অহা ৰজা জল্প, নৰক-ভগদত্তৰ পৰা ভাস্কৰবৰ্মা-দুৰ্ল্লভনাৰায়ণলৈকে আলোচনা কৰিছে। কলিতা সকলৰ ভাষা আৰু ক্ৰমবিৱৰ্তনত গঢ় লোৱা কলিতা সভ্যতাৰো দীঘলীয়া আলোচনা গ্ৰন্থখনত আছে। কলিতা জাতিৰ ইতিহাস গ্ৰন্থত ৮ খন প্ৰাচীন মানচিত্ৰৰ উপৰি কলিতা ৰাজবংশৰ ৰজা সকলৰ তালিকাও লেখকে দিছে। কলিতা জাতিৰ ইতিহাস গ্ৰন্থখনৰ মূল্য ৩০০ টকা।

কলিতা জাতিৰ ইতিহাস গ্ৰন্থখনৰ বিষয়ে প্ৰসিদ্ধ পণ্ডিত, সাহিত্যিক ডঃ নগেন শইকীয়াই 'গৰীয়সী' আলোচনীত কৰা এটা আলোচনাত 'কিছু বছৰৰ ভিতৰত কৰা গৱেষণাকৰ্মৰ ভিতৰত এই গ্ৰন্থখন নিঃসন্দেহে উল্লেখ্যযোগ্য গৱেষণা গ্ৰন্থ হৈ থাকিব' বুলি মন্তব্য কৰিছে।৩

১ Kaliram Medhi I Assamese Grammar and Origin of the Assamese Language I page 27

২ B H Baden Powell I The Indian Village Community I page 135

৩ নগেন শইকীয়া I গৰীয়সী I ডিচেম্বৰ, ২০২০ I পৃষ্ঠা ১৫ হিমাদ্ৰী হাজৰিকা বৰুৱা (বাৰ্তা) 14:56, 1 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মাধুৰ্যমণ্ডিত বৰুৱা[সম্পাদনা কৰক]

নমস্কাৰ। অসমীয়া ৱিকিপিডিয়ালৈ দেখুওৱা আগ্ৰহৰ বাবে পোনপ্ৰথমেই আপোনালৈ ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ‌। আপুনি শেহতীয়াকৈ সৃষ্টি কৰা মাধুৰ্যমণ্ডিত বৰুৱা নামৰ প্ৰবন্ধটো ৱিকিপিডিয়াৰ নিৰপেক্ষ লেখনশৈলী অনুসৰি সালসলনি কৰা হৈছে। এবাৰ চকু ফুৰাব বুলি আশা কৰিলোঁ। ইয়াৰ লগতে উক্ত ব্যক্তিগৰাকীৰ বিষয়ে সন্নিৱিষ্ট কৰা তথ্যসমূহৰ নিৰ্ভৰযোগ্য সমল থাকিলে অনুগ্ৰহ কৰি প্ৰবন্ধটোত যোগ কৰিব। তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধ ৱিকিপিডিয়াৰ নিয়ম অনুসৰি বিলোপ কৰা হ'ব পাৰে। শুভেচ্ছাৰে। --𝕮𝖍𝖆𝖓𝖉𝖆𝖓 𝕮𝖍𝖎𝖗𝖎𝖓𝖌 𝕻𝖍𝖚𝖐𝖔𝖓Let's Talk 17:55, 1 August 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]