সদস্য বাৰ্তা:JBDVIJASDVI/বিভ্ৰাট (তৰ্কশাস্ত্ৰ)

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

প্ৰবন্ধটোত অনেক ইংৰাজী শব্দ বা বাক্যাংশক জোৰ কৰি অনুবাদ কৰা যেন দেখা হৈছে, সাৱলীল হোৱা নাই। মই অলপ-অচৰপ পোনাবলৈ যত্ন কৰিছিলোঁ, কিন্তু সংশ্লিষ্ট বিষয়ত যথোপযুক্ত কাৰিকৰী জ্ঞান নথকা হেতুকে বেছি সাহস নহল।

অনুবাদ খিনি ঘঁহা মজা কৰিব লাগে। মূল লিখক সদস্য:JBDVIJASDVI-ক অনুদিত কাৰিকৰী শব্দবোৰৰ লগতে বন্ধনীৰ ভিতৰত সংশ্লিষ্ট মূল ইংৰাজী শব্দটোও উল্লেখ কৰিবলৈ অনুৰোধ জনালোঁ।


প্রভাকৰ শৰ্মা নেওগ (talk) 08:08, 24 আগষ্ট 2014 (UTC)


সংশোধন প্ৰস্তাৱ[সম্পাদনা কৰক]

প্ৰবন্ধটোৰ সংশ্লীষ্ট অংশটো তলত দিয়ামতে লিখিব পৰা যায় নে কি?

বিযুক্তি সমূহ

  • ভিত্তিগত বিভ্ৰাট বা ভ্ৰান্ত ভিত্তিৰ ওপৰত আধাৰিত যুক্তি (Propositional fallacies)
  • আংকিক মানজনীত বিভ্ৰাট (Quantification fallacies)
  • চিৰন্তন অস্তিত্বমানক বিভ্ৰাট Existential fallacy
  • সমত্বমানক বিভ্ৰাট (Formal syllogistic fallacies)


প্রভাকৰ শৰ্মা নেওগ (talk) 05:56, 31 আগষ্ট 2014 (UTC)

কিছুমান শব্দ আগলৈ সলনি হব পাৰে। এতিয়া যিমান পাৰি সিমান অসমীয়াত প্ৰচলিত সাধাৰণ শব্দ অথবা জনপ্ৰিয় বাক্যাংশ ব্যৱহাৰ কৰি প্ৰৱন্ধটি আৰু তাৰ অনুসংলগ্ন প্ৰৱন্ধকেইটি টোপনি নধৰাকৈ পঢ়িব পৰা কৰিবলৈ চেষ্টা কৰিছো। লাহে লাহে সংলগ্ন কৰি আছো। বিযুক্তি সমূহৰ ওপৰত সদ্যহতে একো নিলিখো। কোনোবা তাত্বিক দাৰ্শণিকে সহায় কৰিব পাৰে। - user:JBDVIJASDVI‎
ওপৰত দিয়া সালসলনিখিনি প্ৰবন্ধটোত অন্তৰ্ভুক্ত কৰিলে প্ৰবন্ধটো অধিক সাৱলীল হ'ব যেন ভাব হয়। আপুনি লিখি থকা অবস্থাত হাত লগাবলৈ ইচ্ছা নকৰি সেয়ে মোৰ প্ৰস্তাৱিত অনুবাদখিনি ইয়াতে দিলোঁ, পাচত সময় পালে আৰু দিম। প্রভাকৰ শৰ্মা নেওগ (talk) 10:38, 31 আগষ্ট 2014 (UTC)
"এতিয়া যিমান পাৰি সিমান অসমীয়াত প্ৰচলিত সাধাৰণ শব্দ অথবা জনপ্ৰিয় বাক্যাংশ ব্যৱহাৰ কৰি প্ৰৱন্ধটি আৰু তাৰ অনুসংলগ্ন প্ৰৱন্ধকেইটি টোপনি নধৰাকৈ পঢ়িব পৰা কৰিবলৈ চেষ্টা কৰিছো"- কিন্তু ৱিকিপিডিয়াত নিজাববীয়াকৈ প্ৰতিশব্দৰ সৃষ্টি কৰা নহয়! দৰ্শনৰ কিতাপত উপযুক্ত প্ৰতিশব্দ নাই দিয়া যদি মূল শব্দবোৰেই ৰাখিব লাগিব! — গীতাৰ্থ বৰদলৈ (talk) 19:00, 31 আগষ্ট 2014 (UTC)
যুক্তিবিভ্ৰাট-ৰ অন্তৰ্গত কেইটামান বিভ্ৰাটৰ বিষয়ে একোটাকৈ প্ৰৱন্ধ আৰম্ভ কৰা হছে। সেইকেইটা এই প্ৰৱন্ধটোতে নিজ নিজ স্থানত সুমুৱালে ভাল হয়। আচলতে ইয়াত সমস্যাটো হৈছে যুক্তিবিভ্ৰাটৰ নামবিলাক পোনে পোনে অসমীয়া কৰা বাবে। কিন্তু সেইটো ঠিক ভুলো নহয়। একে সমস্যা মই যৌক্তিক ভ্ৰান্তি নামৰ সাহিত্য-ত প্ৰকাশিত প্ৰৱন্ধটো লিখোঁতেও পাইছিলো। পিছে, যিহেতু প্ৰথম সাতটা নিজে একোটা প্ৰৱন্ধ হ'ব পৰাকৈ স্বয়ংসম্পূণ নহয়, সেয়ে, সেইখিনি মূল 'বিভ্ৰাট সমূহৰ তালিকা'তে সুমুৱালে ভাল হয়। মাত্ৰ তালিকাটৌ গুচাই 'যুক্তি বিভ্ৰাট' বা 'যৌক্তিক ভ্ৰান্তি' যিটোৱে শুদ্ধ যেন লাগে, সেইটো নামতে প্ৰৱন্ধটো নামকৰণ কৰিলে হ'ল। সদ্যহতে নামটোৰ লগতে ইংৰাজী প্ৰতিশ্বদটোও বন্ধনীত উল্লেখ ৰাখিলে ভাল হ'ব। — উদ্দীপ তালুকদাৰ (talk) 2:23, 6 ছেপ্টেম্বৰ 2014 (UTC)
এই সম্পৰ্কীয় আলোচনা অলপ ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (নীতি)-ইয়াতো আহ্বান কৰা হৈছে। প্রভাকৰ শৰ্মা নেওগ (talk) 04:23, 13 ছেপ্টেম্বৰ 2014 (UTC)