সন্ধিয়াৰ সাধু
সন্ধিয়াৰ সাধু | |
---|---|
লেখক | ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানী |
দেশ | অসম, ভাৰত |
ভাষা | অসমীয়া |
বিষয় | সাধু |
প্ৰকাশক | অসম প্ৰকাশন পৰিষদ |
প্ৰকাশ | ডিচেম্বৰ, ২০০৩ (প্ৰথম প্ৰকাশ-১৯৩৭) |
মিডিয়া প্ৰকাৰ | মুদ্ৰণ |
পৃষ্ঠা সংখ্যা | ১৩৪ |
সন্ধিয়াৰ সাধু (ইংৰাজী: Sandhiyar Sadhu) ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানীৰ দ্বাৰা লিখিত এখনি সাধুকথাৰ পুথি৷ পুথিখন পোনপ্ৰথমবাৰৰ বাবে ১৯৩৭ চনত প্ৰকাশিত হৈছিল৷ পুথিখনত মুঠতে ২২টা সাধু আছে৷ [1]
লেখিকাৰ বিষয়ে
[সম্পাদনা কৰক]১৮৭৫ চনত ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানীৰ জন্ম হৈছিল৷ তেখেতৰ দেউতাক প্ৰথম অসমীয়া ‘ৰায়বাহাদুৰ’ পূৰ্ণানন্দ বৰুৱা ৰসৰাজ বেজবৰুৱাৰ বংশৰ আছিল৷ মাতৃ মুক্তাৱলী দেৱী৷ ১৮৮৮ চনত ১৩ বছৰ বয়সত ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানীৰ অগ্ৰণী চাহ-খেতিয়ক তথা উজনি অসমৰ প্ৰথম স্নাতক জগন্নাথ বৰুৱাৰ লগত বিবাহ সম্পন্ন হয় আৰু তেওঁলোক বালিগাঁৱৰ ৰজাহাউলিলৈ আহে৷ পৰৱৰ্তী সময়ত ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানীয়ে উক্ত ‘বৰপাত্ৰ কটেজ’ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ বাবে দান দিয়ে৷ লিখা-মেলাৰ উপৰি ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানীয়ে নিজৰ সাঁচতীয়া ধন বিদ্যালয়লৈ দান দিয়া, স্ত্ৰী-শিক্ষাৰ বাবে মাত মতা আদি কল্যাণকামী কামত জড়িত হৈছিল৷ মহাত্মা গান্ধী যেতিয়া যোৰহাটলৈ আহিছিল, তেতিয়া স্বাধীনতা সংগ্ৰামী ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানীৰ ঘৰতে আছিল৷ ব্ৰিটিছ উপায়ুক্তই এই কথাত অসন্তুষ্টি প্ৰকাশ কৰিছিল যদিও বৰুৱানীয়ে তালৈ গুৰুত্ব নিদি মহাত্মা গান্ধীক স্ব-গৃহত ঠাই দিয়ে৷ স্বাধীনতা সংগ্ৰামতো বৰুৱানীয়ে সক্ৰিয়ভাৱে অংশ লৈছিল৷ [2]
ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানীৰ জীৱনৰ দুটি উল্লেখনীয় সাহিত্য-কীৰ্তি হৈছে তেখেতৰ দ্বাৰা লিখিত দুখনি সাধুকথাৰ পুথি: ‘সাধুকথা’ আৰু ‘সন্ধিয়াৰ সাধু’৷ লক্ষ্মীনাথ তামূলীৰ নেতৃত্বত অসম প্ৰকাশন পৰিষদে তেখেতৰ দুয়োখন কিতাপৰেই ২০০৩ চনত নৱ-সংস্কৰণ যুগুত কৰে৷ ‘সন্ধিয়াৰ সাধু’ ১৯৩৭ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশিত হৈছিল৷
সাধুপুথিখনৰ চমু পৰিচিতি
[সম্পাদনা কৰক]সাধুকথাৰ পুথিখনত সন্নিৱিষ্ট সাধুকেইটা হৈছে-
- এবেগেতীয়া
- পকা মিঠে
- ৰামধন
- গাধা পিটি মানুহ কৰা
- দৰ্পচূৰ্ণ
- এজনী ৰাজকন্যাৰ কথা
- দুজন কৃপণ
- শিয়াল তামুলী
- তিতকুজীৰ কটকী
- চকুচৰহা
- পিঠা খোৱা বুঢ়া
- থুপৰী
- জালোৱাৰ গুৰু ভক্তি
- লুভুনী
- কুলক্ষণী তিৰোতা
- চাৰিজন মূৰ্খৰ কথা
- সোৰোপা তিৰোতা
- ধনীৰামৰ ধন
- মিহিৰ
- ভানুমতী
- স-সে-মি-বা
- হাঁহিচম্পা
মন্তব্য
[সম্পাদনা কৰক]সাধুকথাৰ পুথিখনৰ বিষয়ে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছে- "১৮৩৩ শঁকত এই পাতনি লেখকে সাধু-কথাৰ দুখন কিতাপ লেখি ছপায়;- এখনৰ নাম "বুঢ়ী আইৰ সাধু", আনখনৰ নাম "ককা-দেউতা আৰু নাতি ল'ৰা৷" আজি ১৮৫৯ শকত ককাদেউতাকত নাতিনীয়েকেও দুখন সাধুকথাৰ কিতাপ লেখি ককাদেউতাকৰ নাম ৰাখিলে৷" [1]
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 ত্ৰৈলোক্যেশ্বৰী দেৱী বৰুৱানী (২০০৩ (প্ৰথম প্ৰকাশ-১৯৩৭)). সন্ধিয়াৰ সাধু. অসম প্ৰকাশন পৰিষদ.
- ↑ অঞ্জলি শৰ্মা (২০০৩). সন্ধিয়াৰ সাধু. অসম প্ৰকাশন পৰিষদ.