সাঁচ:আজিৰ আপুনি জানেনে-৭

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰথম বিশ্বযুদ্ধত ব্যৱহৃত HMS Dreadnought (১৯০৬) নামৰ ব্ৰিটেইনৰ যুদ্ধ-জাহাজ।
  • ...যে ১৯১৪ চনৰ ছেপ্টেম্বৰ মাহত জাৰ্মান দাৰ্শনিক আৰ্ণষ্ট হেকেলে প্ৰথমবাৰৰ বাবে প্ৰথম বিশ্বযুদ্ধক এই নামেৰে নামাকৰণ কৰিছিল?
  • ...যে ৱিলিয়াম শ্বেইকছপীয়েৰে ওঠৰ বছৰ বয়সতে নিজতকৈ আঠ বছৰে ডাঙৰ এন হাথাৱেক বিয়া কৰাইছিল?
  • ...যে দেওহাঁহ অসমৰ জাতীয় চৰাই আৰু ইয়াৰ বিশেষ ধৰণৰ বিকট মাতৰ বাবে অসমীয়াতত ইয়াক ‘দেওহাঁহ’ বুলি কোৱা হয়?
  • ...যে জয়ন্ত হাজৰিকাই ১৯৭৭ চনত গোলাঘটীয়া ৰাইজৰ সহযোগত 'সুৰ-বাহিনী' নামে এটা অনুষ্ঠান গঠন কৰি অসমৰ বানপীড়িত লোকৰ সাহায্যাৰ্থে বাটত গান পৰিবেশন কৰি ধন আহৰণ কৰিছিল?
  • ...যে কৃষ্ণগহ্বৰ হৈছে মহাকাশৰ একো একোটা বিশেষ অঞ্চল, য'ৰ পৰা একোয়েই, আনকি পোহৰো ওলাই যাব নোৱাৰে?