সাঁচ বাৰ্তা:পোখালি

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


NE Tv, Prafulla Kumar Mahanta ইত্যাদিৰ দৰে একেবাৰে সৰু সৰু প্ৰবন্ধবোৰত কেইবাটাও সাঁচ লগোৱাটো ঠিক হয় জানো? অম্লান্নে মোক অনুৰুধ জনোৱা বাবে সাঁচ টেগ প্ৰবন্ধৰ শেষতহে যোগ কৰিছো| দেখাটো বেয়া নহবৰ বাবে এনে সৰু প্ৰবন্ধত পোখালি সাঁচটোকেই দিয়া সমীচিন দেখো, আৰু যদি তাত কিবা পৰিস্কাৰ কৰিবলগীয়া কথা থাকে তেন্তে এটা বা দুটা শাৰী অলপ নিজেই ইফাল সিফাল কৰি দিলেই লেঠা শেষ| নহয় জানো? বিষ্ণু শ‍ইকীয়া বাৰ্তা 08:16, 4 মাৰ্চ 2012 (UTC)

সেই প্রবন্থটো মোৰ একেবাৰে পছন্দ হোৱা নাই। এডভাৰ্টাইজমেন্ট যেন দেখা গৈছে। তুমি "multiple issues" বা তাতকৈয়ো ষ্ট্রং টেগ এটা লগাই দিয়াঁ। মই নতুন লিখকক নিৰাশ কৰিবলৈ নিবিচাৰোঁ বাবে পাতল টেগ লগালোঁ। বিবেচনা তোমাৰ আৰু অম্লানৰ (অম্লানে "পোখালি"বোৰ চাই থাকে) ওপৰত এৰিলোঁ। তোমালোকৰ বিবেচনাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু সমৰ্থন কৰিম। প্রভাকৰ শৰ্মা নেওগ (talk) 11:33, 4 মাৰ্চ 2012 (UTC)
অম্লানকো এই সম্পৰ্কে সোধপোছ, কৰি চাওঁ, তেওঁবা কি কয়? বিষ্ণু শ‍ইকীয়া বাৰ্তা 14:59, 4 মাৰ্চ 2012 (UTC)

Edit request on 26 ছেপ্টেম্বৰ 2013[সম্পাদনা কৰক]

পোখালী সাঁচৰ কথাখিনিত অলপ ভুল আছে। মই ইয়াক শুধৰাব পৰা নাই কাৰণ ইয়াক অৰ্ধ সুৰক্ষিত কৰি ৰখা হৈছে। কোনো সক্ৰিয় সদস্য বা প্ৰশাসকে সুধৰাই দিয়ে যেন। Jyoti Prakash Nath (talk) 13:47, 26 ছেপ্টেম্বৰ 2013 (UTC)

কি ভুল আছে কোৱাচোন। নথিকৰণ পৃষ্ঠাখনতহে দুটামান বানান ভুল দেখি শুধৰালোঁ। — গীতাৰ্থ বৰদলৈ (talk) 19:22, 26 ছেপ্টেম্বৰ 2013 (UTC)
তাত চতুৰ্থ বাক্যটো এনেদৰে আছে "আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখনত এবাৰ চকু ফুৰাব।", কিন্তু এনেদৰে হ'লেহে ভাল হয় নেকি ছোৱাচোন "আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব।" এই আগেয়ে শব্দটো অলপ আগত নবহিবনে বাৰু? Jyoti Prakash Nath (talk) 08:14, 27 ছেপ্টেম্বৰ 2013 (UTC)
ঠিকেই। কৰা হ'ল। — গীতাৰ্থ বৰদলৈ (talk) 14:32, 27 ছেপ্টেম্বৰ 2013 (UTC)