সাৰদা বেজবৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাৰদা বেজবৰুৱা
জন্ম সাৰদা নায়াৰ
কেৰালা
মৃত্যু ৮ ডিচেম্বৰ, ২০১৩
কলকাতা, পশ্চিমবংগ
বাসগৃহ তৰাজান, যোৰহাট জিলা
ৰাষ্ট্ৰীয়তা  ভাৰত
পেচা শিক্ষকতা
জনা যায় শিক্ষাবিদ
পদবী যোৰহাট মহাবিদ্যালয় (একত্ৰিত)ৰ অধ্যক্ষা
সংজ্ঞা ১৯৭১ - ১৯৮৫ চন
দাম্পত্যসঙ্গী ডাঃ নীলকমল বেজবৰুৱা
সন্তান দুজন পুত্ৰ


সাৰদা বেজবৰুৱা যোৰহাট মহাবিদ্যালয় (একত্ৰিত)ৰ অধ্যক্ষা আৰু যোৰহাটৰ এগৰাকী বিশিষ্টা শিক্ষাবিদ আছিল। তেওঁ যোৰহাট জিলাৰ তৰাজানৰ নিৱাসী আছিল। তেওঁৰ প্ৰকৃত নাম আছিল সাৰদা নায়াৰ[1]

জীৱনী[সম্পাদনা কৰক]

সাৰদা নায়াৰৰ জন্ম হৈছিল কেৰালাত। তেওঁ মাদ্ৰাজৰ প্ৰেচিডেন্সি কলেজৰ পৰা ইংৰাজী সাহিত্যত সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল। তাৰ পাছতেই মাদ্ৰাজতেই শিক্ষকতা আৰম্ভ কৰিছিল। সেই সময়ত ডাঃ নীলকমল বেজবৰুৱাৰ সৈতে পৰিচয় হোৱাত বিবাহপাশত আৱদ্ধ হৈছিল। বিবাহসূত্ৰে তেওঁ সাৰদা নায়াৰৰ পৰা সাৰদা বেজবৰুৱা হ’ল। বেজবৰুৱা পৰিয়ালৰ বোৱাৰীৰূপে আহি সাৰদা বেজবৰুৱাই যোৰহাটত নিউ যোৰহাট কলেজ প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী কালত নিউ যোৰহাট কলেজ আৰু যোৰহাট কলেজ একত্ৰিত হৈ যোৰহাট কলেজ (একত্ৰিত) হৈছিল। ১৯৭১ চনৰ পৰা ১৯৮৫ চনলৈ সুদীৰ্ঘ ১৪ বছৰ কাল যোৰহাট মহাবিদ্যালয় (একত্ৰিত) অধ্যক্ষাৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।[1] যোৰহাট কলেজৰ পৰা অৱসৰ লোৱাৰ পাছতো তেওঁ যোৰহাটৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰিচালনা সমিতিৰ সৈতে জড়িত আছিল।

মৃত্যু[সম্পাদনা কৰক]

সাৰদা বেজবৰুৱাৰ ২০১৩ চনৰ ৮ ডিচেম্বৰৰ নিশা ১১-৫৫ বজাত ৮৮ বছৰ বয়সত কলকাতাত মৃত্যু হয়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "প্ৰাক্তন অধ্যক্ষা শিক্ষাবিদ সাৰদা বেজবৰুৱাৰ মৃত্যু". দৈনিক জনমভূমি: ১, ১০ পৃষ্ঠা. ১১ ডিচেম্বৰ ২০১৩.