সাৱিত্ৰী জিন্দাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাৱিত্ৰী জিন্দাল
জন্ম ২০ মাৰ্চ, ১৯৫০ (৭৩ বছৰ)[1]
তিনিচুকীয়া, অসম, ভাৰত[1]
বাসগৃহ হিচাৰ, হাৰিয়ানা, ভাৰত[1]
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা ডিপ্লোমা
পেচা জিন্দাল গ্ৰুপৰ অধ্যক্ষ
মুঠ আয় বৃদ্ধি ৬.৭ বিলিয়ন আমেৰিকান ডলাৰ[2]
ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ
দাম্পত্যসঙ্গী ঔম প্ৰকাশ জিন্দাল (১৯৭০–২০০৫)
সন্তান পৃথ্বিৰাজ জিন্দাল, সজ্জন জিন্দাল, ৰতন জিন্দাল, নবীন জিন্দাল আৰু আন পাঁচ গৰাকী

সাৱিত্ৰী দেৱী জিন্দাল এগৰাকী ভাৰতীয় মহিলা ব্যৱসায়ী। অসমৰ তিনিচুকীয়াত জন্মগ্ৰহণ কৰা সাৱিত্ৰী জিন্দালে উদ্যোগপতি জিন্দাল গ্ৰুপৰ প্ৰতিষ্ঠাপোক ঔম প্ৰকাশ জিন্দালৰ লগত ১৯৭০ চনত বিবাহপাশত আবদ্ধ হৈছিল। ২০০৫ চনত ঔম প্ৰকাশ জিন্দালৰ মৃত্যুৰ পিছত তেওঁ জিন্দাল গ্ৰুপৰ অধ্যক্ষ পদত অধিষ্ঠিত হয়। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য আৰু হাৰিয়ানাৰ হিচাৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ হাৰিয়ানা বিধানসভালৈ নিৰ্বাচিত হৈছিল। তেওঁ হাৰিয়ানা চৰকাৰৰ মন্ত্ৰী পদো লাভ কৰিছিল।

২০১৯ চনৰ ফৰ্ব আলোচনীৰ মতে তেওঁ ভাৰতৰ আটাইতকৈ বেছি ধনী মহিলা। ফৰ্ব ইণ্ডিয়াৰ তালিকাত তেওঁ ভাৰতৰ ২০তম আটাইতকৈ ধনী ব্যক্তি।

জীৱনী[সম্পাদনা কৰক]

১৯৫০ চনৰ ২০ মাৰ্চ তাৰিখে অসমতিনিচুকীয়াত সাৱিত্ৰী জিন্দালে জন্মগ্ৰহণ কৰিছিল। ১৯৭০ চনত তেওঁ হাৰিয়ানাৰ জিন্দাল গ্ৰুপৰ প্ৰতিষ্ঠাপক বিখ্যাত উদ্যোগপতি ঔম প্ৰকাশ জিন্দালৰ লগত বিবাহপাশত আবদ্ধ হয়। ২০০৫ চনত এক হেলিকপ্টাৰ দুৰ্ঘটনাত তেওঁৰ স্বামীৰ মৃত্যু হয়। ঔম প্ৰকাশ জিন্দালৰ মৃত্যু হোৱাৰ পিছত তেওঁ জিন্দাল গ্ৰুপৰ অধ্যক্ষ পদত অধিষ্ঠিত হয়।[3] তেওঁ বৰ্তমান এমিৰিটাছ, জিন্দাল ষ্টীল এণ্ড পাৱাৰ লিমিটেডৰ চেয়াৰপাৰ্চন। তেওঁ অধ্যক্ষপদ গ্ৰহণ কৰাৰ পিছতেই তেওঁলোকৰ কোম্পানীৰ আয় চাৰিগুণ বৃদ্ধি পায়। তেওঁৰ স্বামী অ.পি. জিন্দাল এজন অভিযন্তা আছিল। তেওঁ ১৯৫২ চনত জিন্দাল গ্ৰুপ প্ৰতিষ্ঠা কৰিছিল। পৰৱৰ্তী সময়ত ই ইস্পাত, শক্তি, খনি, তেল আৰু গেছ ক্ষেত্ৰ খনৰ লগত জড়িত হৈ পৰে। তেওঁলোকৰ ব্যৱসায়ৰ চাৰিটা শাখা তেওঁৰ চাৰিজন পুত্ৰ পৃথ্বিৰাজ জিন্দাল, সজ্জন জিন্দাল, ৰতন জিন্দাল আৰু নবীন জিন্দালৰ দ্বাৰা পৰিচালিত হয়। জিন্দাল ষ্টীল ভাৰতৰ তৃতীয় বৃহত্তম ইস্পাত উৎপাদক।[4]

তেওঁ হাৰিয়ানাৰ হিচাৰ সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ হাৰিয়ানা বিধানসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ লগতে তেওঁ হাৰিয়ানা চৰকাৰৰ মন্ত্ৰীয়ো আছিল। ২০১৪ চনৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনত তেওঁ পৰাজিত হৈছিল।[5] তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য।

ৰাজনৈতিক জীৱন[সম্পাদনা কৰক]

২০০৫ চনত সাৱিত্ৰী জিন্দাল হিচাৰ সমষ্টিৰ পৰা হাৰিয়ানা বিধানসভালৈ নিৰ্বাচিত হৈছিল। ইয়াৰ আগতে এই সমষ্টিৰ পৰা তেওঁৰ স্বামীয়ে কেইবাবাৰো বিধানসভালৈ প্ৰতিনিধিত্ব আগবঢ়াইছিল। ২০০৯ চনত তেওঁ আকৌ একে সমষ্টিৰ পৰা বিধানসভালৈ নিৰ্বাচিত হয় আৰু ২০১৩ চনৰ ২৯ অক্টোবৰত তেওঁ হাৰিয়ানা চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।[6] মন্ত্ৰী হিচাপে তেওঁ কৰ আৰু দুৰ্যোগ ব্যৱস্থাপনা, একীকৰণ, পুনৰ্বাসন আৰু গৃহ নিৰ্মাণ আৰু চহৰীয়া স্থানীয় সংস্থা আৰু গৃহ নিৰ্মাণৰ ৰাজ্যিক মন্ত্ৰীৰ দপ্তৰৰ কাৰ্যভাৰ লাভ কৰিছিল।

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

সাৱিত্ৰী জিন্দাল ভাৰতৰ আটাইতকৈ বেছি ধনী মহিলা। ২০১৬ চনৰ ফৰ্ব আলোচনীৰ মতে তেওঁ প্ৰায় ৪ বিলিয়ন আমেৰিকান ডলাৰ আয়ৰে ভাৰতৰ ১৬তম আটাইতকৈ ধনী ব্যক্তি আছিল।[7] ইয়াৰ লগতে তেওঁ ২০১৬ চনত বিশ্বৰ ৪৫৩তম আটাইতকৈ ধনী ব্যক্তি আছিল। তেওঁ বিশ্বৰ সপ্তম আটাইতকৈ ধনী মাতৃ আৰু তেওঁৰ স্বামীয়ে আৰম্ভ কৰা সামাজিক কাৰ্য সমূহলৈ তেওঁ অৱদান আগবঢ়ায়।[8] ২০১৯ চনৰ ফৰ্ব আলোচনীৰ মতে তেওঁ ভাৰতৰ আটাইতকৈ বেছি ধনী মহিলা। ফৰ্ব ইণ্ডিয়াৰ তালিকাত তেওঁ ভাৰতৰ ২০তম আটাইতকৈ ধনী ব্যক্তি। ২০০৮ চনত অখিল ভাৰতীয় তেৰাপন্থ মহিলা মণ্ডলে তেওঁক আচাৰ্য তুলসী কৃতিত্ব পুৰস্কাৰ আগবঢ়ায়।[9]

তথ্য উৎস[সম্পাদনা কৰক]