সুকীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুকীয়া
XUKIA
প্ৰকাৰ ধৰ্মাৰ্থ ন্যাস (Charitable trust)
প্ৰতিষ্ঠা ২০১৪
স্থান গুৱাহাটী, ভাৰত উত্তৰ-পূব ভাৰত
পৰিবেশনৰ ঠাই উত্তৰ-পূব ভাৰত
লক্ষ্য এলজিবিটি (LGBT)
পদ্ধতি শিক্ষা, উপকক্ষীয় আলোচনা, গৱেষণা, পৰামৰ্শ দান
ৱেবচাইট www.xukia.in

সুকীয়া হৈছে এলজিবিটি (LGBT) অৰ্থাৎ সমকামী নাৰী, সমকামী পুৰুষ, উভকামী আৰু ৰূপান্তৰকামী ব্যক্তিসকলৰ অধিকাৰৰ বাবে কাম কৰা বেচৰকাৰী প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় অসমৰ গুৱাহাটীত অৱস্থিত। ই অসম তথা সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ একমাত্ৰ তথা প্ৰথম এনে ধৰণৰ প্ৰতিষ্ঠান।[1]

ইতিহাস[সম্পাদনা কৰক]

২০১৩ চনৰ ১১ ডিচেম্বৰ তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়ে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৭ ধাৰা পুনৰ বৈধ বুলি ঘোষণা কৰিছিল। এই আইন খনে সমকামৰ ঘটনাক অবৈধ আৰু আইন মতে দণ্ডনীয় অপৰাধ বুলি স্বীকৃতি দিয়ে। সেয়ে এই আইনৰ বিৰোধিতা কৰি গোটেই বিশ্বতে প্ৰতিবাদ কৰা হৈছিল। ১৫ ডিচেম্বৰত গোটেই বিশ্বৰ বিভিন্ন চহৰত এক গোলকীয় অভিবৰ্তনৰ আয়োজন কৰা হৈছিল।[2][3] সেই সময়তে গুৱাহাটীৰ মানুহে, সাধাৰণতে যুৱক-যুৱতীয়ে এই অভিবৰ্তনত আগ ভাগ লৈছিল। গুৱাহাটীত এলজিবিটিৰ অধিকাৰৰ বাবে আয়োজিত ইয়ে আছিল প্ৰতিবাদ।[4]সেই ব্যক্তিসমূহে তাৰপিছত ২০১৪ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত উত্তৰপূৰ্বাঞ্চত পোন প্ৰথম বাৰৰ বাবে এলজিবিটিৰ গৌৰৱ যাত্ৰা আয়োজন কৰিছিল।[5][6] সফলতাৰে এই গৌৰৱ যাত্ৰা আয়োজন কৰাৰ পিছত এলজিবিটিৰ অধিকাৰৰ বাবে সক্ৰিয় ভাবে কাম কৰিবলৈ তেওঁলোকে "সুকীয়া"ৰ জন্ম দিয়ে।[1]

কাৰ্যসমূহ[সম্পাদনা কৰক]

গঠনহোৱাৰ কিছুদিন পিছতেই সুকীয়ায়ে ২০১৪ চনৰ ৮ৰ পৰা ১০ আগষ্টলৈ এলজিবিটি চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰিছিল। প্ৰথমে ই কলকাতাৰ এলজিবিটি চলচ্চিত্ৰ মহোৎসৱৰ ভ্ৰাম্যমাণ ৰূপ আছিল। ইয়াত ১০ খন বোলছবি আৰু দুখন চুটি ছবি প্ৰদৰ্শিত হৈছিল।[1][7]

ইয়াৰ লগতে সুকীয়ায়ে বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়তো জনসচেতনতা মূলক ছবি প্ৰদৰ্শিত কৰে। পিছলৈ সুকীয়াৰ প্ৰতিনিধিত্বকাৰী দল এটা ছুইডেনত অনুষ্ঠিত এক ৰামধেনু নেতৃত্ব প্ৰকল্পত অংশগ্ৰহণ কৰিবলৈ সুবিধা পায়। এলজিবিটি সম্পৰ্কীয় এই প্ৰকল্প ছুইডেন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া সহযোগত অনুষ্ঠিত হৈছিল।[8]

সুকীয়ায়ে ১৫ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখে উত্তৰ পূব গৌৰৱ যাত্ৰা অনুষ্ঠিত কৰিছিল। ইয়াত উত্তৰ পূব ভাৰতৰ ৮ খন ৰাজ্যৰ প্ৰতিনিধি সকলে অংশগ্ৰহণ কৰিছিল।[9]

২০১৫ চনৰ জুলাই মাহৰ পৰা সুকীয়ায়ে "ফৰবিডেন-এক সুকীয়া দৃষ্টান্ত" ("The Forbidden: ek xukia dristanto") নামেৰে প্ৰথম এলজিবিটি সম্পৰ্কীয় বহুভাষিক আলোচনী প্ৰকাশ কৰে। বৰ্তমানলৈকে ইয়াৰ তিনিটা সংখ্যা প্ৰকাশ হৈছে।[10]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Gaurav Das. "NE's First Gay Film Festival to screen 10 movies", The Times of India, 10 August 2014
  2. Daniel Reynolds, "India's Sodomy Ban Incites 'Day of Rage' Among Activists", The Advocate , 13 December 2013
  3. Ishita Bhatia, Soumya Pillai "Protestors mark ‘global day of rage’ against Section 377" Archived 2014-11-02 at the Wayback Machine, The Hindustan Times ,15 December 2013
  4. Gaurav Das "First gay rights rally in city", The Times of India, 16 December 2013
  5. "LGBTs parade for pride in Guwahati", The Times of India, 10 February 2014
  6. Rajiv Konwar "First pride parade in Guwahati- LGBT community marches for life of dignity ", The Telegraph (Calcutta), 10 February 2014
  7. Kumam Davidson "1st LGBT Film and Video Festival of Guwahati to begin on Aug 8", Gaylaxy, 1 August 2014
  8. Natalia "How Young “Rainbow Leaders” around the World Fight for Love", The Local, 3 November 2014
  9. ""India to Witness Historic NorthEast Pride"". Archived from the original on 2015-10-08. https://web.archive.org/web/20151008233932/http://www.soginews.com/india-witness-historic-northeast-pride/। আহৰণ কৰা হৈছে: 2017-08-03. 
  10. "Xukia launches Assam’s first multi-lingual LGBTQI publication", Gaylaxy, 4 July 2015

বাহ্যিক সংযোগ[সম্পাদনা কৰক]