সুব্ৰমনিয়ম জয়শংকৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুব্ৰমনিয়ম জয়শংকৰ
Minister Jaishankar (48823162971) (cropped).jpg
ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৩০ মে' ২০১৯
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী সুষমা স্বৰাজ
ভাৰতৰ ৩১তম বিদেশ সচিব
কাৰ্যকাল
২৮ জানুৱাৰী ২০১৫ – ২৮ জানুৱাৰী ২০১৮
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
পূৰ্বসূৰী সুজাতা সিং
উত্তৰসূৰী বিজয় কেশৱ গোখলে
আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ভাৰতৰ ৰাষ্ট্ৰদূত
কাৰ্যকাল
১ ডিচেম্বৰ ২০১৩ – ২৮ জানুৱাৰী ২০১৫
পূৰ্বসূৰী নিৰুপমা ৰাও
উত্তৰসূৰী অৰুণ কুমাৰ সিং
চীনলৈ ভাৰতৰ ৰাষ্ট্ৰদূত
কাৰ্যকাল
১ জুন ২০০৯ – ১ ডিচেম্বৰ ২০১৩
পূৰ্বসূৰী নিৰুপমা ৰাও
উত্তৰসূৰী অশোক কণ্ঠা
চিংগাপুৰলৈ ভাৰতৰ উচ্চায়ুক্ত
কাৰ্যকাল
১ জানুৱাৰী ২০০৭ – ১ জুন ২০০৯
উত্তৰসূৰী টি.চি.এ. ৰাঘৱন
চেক গণৰাজ্যলৈ ভাৰতৰ ৰাষ্ট্ৰদূত
কাৰ্যকাল
১ জানুৱাৰী ২০০১ – ১ জানুৱাৰী ২০০৪
উত্তৰসূৰী পি.এছ. ৰাঘৱন
ব্যক্তিগত তথ্য
জন্ম ৯ জানুৱাৰী, ১৯৫৫ (৬৮ বছৰ)
নতুন দিল্লী, ভাৰত
ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টি
দাম্পত্যসঙ্গী ক্যক' জয়শংকৰ
সন্তান
শিক্ষানুষ্ঠান চেইণ্ট ষ্টিফেনছ কলেজ, দিল্লী (বি.এ.)
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (এম.এ., এম.ফিল., পি.এইছ.ডি.)
পেচা কূটনীতিবিদ
ৰাজনীতিবিদ
পুৰস্কাৰ পদ্মশ্ৰী (২০১৯)

সুব্ৰমনিয়ম জয়শংকৰ (ইংৰাজী: Subrahmanyam Jaishankar; জন্ম ৯ জানুৱাৰী ১৯৫৫) এগৰাকী কূটনীতিবিদ আৰু বৰ্তমান ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী। ইয়াৰ আগতে তেওঁ ২০১৫ চনৰ পৰা ২০১৮ চনলৈ ভাৰতৰ বিদেশ সচিব পদত অধিষ্ঠিত আছিল।[1] তেওঁ ১৯৭৭ চনত ভাৰতীয় বৈদেশিক সেৱাত অংশগ্ৰহণ কৰিছিল। ইয়াৰ আগতে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ (২০১৪-২০১৫), চীন (২০০৯-২০১৩) আৰু চেক গণৰাজ্যলৈ (২০০১-০৪) ভাৰতৰ ৰাষ্ট্ৰদূত আৰু চিংগাপুৰলৈ (২০০৭-০৯) ভাৰতৰ উচ্চায়ুক্ত আছিল। তেওঁ ভাৰত-আমেৰিকাৰ অসামৰিক পাৰণৱিক চুক্তি ৰূপায়ণত অহোপুৰুষাৰ্থ কৰিছিল।

বিদেশ সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ টাটা চনছ্তত গ্লোৱেল কৰ্পোৰেট এফেয়াৰৰ অধ্যক্ষ হিচাপে যোগদান কৰে।[2] ২০১৯ চনত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[3] ২০১৯ চনৰ ৩০ মে' তাৰিখে তেওঁ মোদী দ্বিতীয় মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰে।[4] ২০১৯ চনৰ ৩১ মে' তাৰিখে তেওঁক ভাৰতৰ বিদেশ মন্ত্ৰীৰ কাৰ্যভাৰ অৰ্পণ কৰা হয়। ভাৰতৰ বিদেশ মন্ত্ৰী পদ লাভ কৰা জয়শংকৰ প্ৰথম গৰাকী বিদেশ সচিব।[5]

তথ্য উৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]