সুব্ৰমনিয়ম জয়শংকৰ
সুব্ৰমনিয়ম জয়শংকৰ | |
|---|---|
| ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী | |
পদাধিকাৰ | |
| কাৰ্যভাৰ গ্ৰহণ ৩০ মে' ২০১৯ | |
| প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
| পূৰ্বসূৰী | সুষমা স্বৰাজ |
| ভাৰতৰ ৩১তম বিদেশ সচিব | |
| কাৰ্যকাল ২৮ জানুৱাৰী ২০১৫ – ২৮ জানুৱাৰী ২০১৮ | |
| প্ৰধানমন্ত্ৰী | নৰেন্দ্ৰ মোদী |
| পূৰ্বসূৰী | সুজাতা সিং |
| উত্তৰসূৰী | বিজয় কেশৱ গোখলে |
| আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ভাৰতৰ ৰাষ্ট্ৰদূত | |
| কাৰ্যকাল ১ ডিচেম্বৰ ২০১৩ – ২৮ জানুৱাৰী ২০১৫ | |
| পূৰ্বসূৰী | নিৰুপমা ৰাও |
| উত্তৰসূৰী | অৰুণ কুমাৰ সিং |
| চীনলৈ ভাৰতৰ ৰাষ্ট্ৰদূত | |
| কাৰ্যকাল ১ জুন ২০০৯ – ১ ডিচেম্বৰ ২০১৩ | |
| পূৰ্বসূৰী | নিৰুপমা ৰাও |
| উত্তৰসূৰী | অশোক কণ্ঠা |
| চিংগাপুৰলৈ ভাৰতৰ উচ্চায়ুক্ত | |
| কাৰ্যকাল ১ জানুৱাৰী ২০০৭ – ১ জুন ২০০৯ | |
| উত্তৰসূৰী | টি.চি.এ. ৰাঘৱন |
| চেক গণৰাজ্যলৈ ভাৰতৰ ৰাষ্ট্ৰদূত | |
| কাৰ্যকাল ১ জানুৱাৰী ২০০১ – ১ জানুৱাৰী ২০০৪ | |
| উত্তৰসূৰী | পি.এছ. ৰাঘৱন |
| ব্যক্তিগত তথ্য | |
| জন্ম | ৯ জানুৱাৰী, ১৯৫৫ (৭১ বছৰ) নতুন দিল্লী, ভাৰত |
| ৰাজনৈতিক দল | ভাৰতীয় জনতা পাৰ্টি |
| দাম্পত্যসঙ্গী | ক্যক' জয়শংকৰ |
| সন্তান | ৩ |
| শিক্ষানুষ্ঠান | চেইণ্ট ষ্টিফেনছ কলেজ, দিল্লী (বি.এ.) জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (এম.এ., এম.ফিল., পি.এইছ.ডি.) |
| পেচা | কূটনীতিবিদ ৰাজনীতিবিদ |
| পুৰস্কাৰ | পদ্মশ্ৰী (২০১৯) |
সুব্ৰমনিয়ম জয়শংকৰ (ইংৰাজী: Subrahmanyam Jaishankar; জন্ম ৯ জানুৱাৰী ১৯৫৫) এগৰাকী কূটনীতিবিদ আৰু বৰ্তমান ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী। ইয়াৰ আগতে তেওঁ ২০১৫ চনৰ পৰা ২০১৮ চনলৈ ভাৰতৰ বিদেশ সচিব পদত অধিষ্ঠিত আছিল।[1] তেওঁ ১৯৭৭ চনত ভাৰতীয় বৈদেশিক সেৱাত অংশগ্ৰহণ কৰিছিল। ইয়াৰ আগতে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ (২০১৪-২০১৫), চীন (২০০৯-২০১৩) আৰু চেক গণৰাজ্যলৈ (২০০১-০৪) ভাৰতৰ ৰাষ্ট্ৰদূত আৰু চিংগাপুৰলৈ (২০০৭-০৯) ভাৰতৰ উচ্চায়ুক্ত আছিল। তেওঁ ভাৰত-আমেৰিকাৰ অসামৰিক পাৰণৱিক চুক্তি ৰূপায়ণত অহোপুৰুষাৰ্থ কৰিছিল।
বিদেশ সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ টাটা চনছ্তত গ্লোৱেল কৰ্পোৰেট এফেয়াৰৰ অধ্যক্ষ হিচাপে যোগদান কৰে।[2] ২০১৯ চনত তেওঁ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰত চৰকাৰে তেওঁক চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।[3] ২০১৯ চনৰ ৩০ মে' তাৰিখে তেওঁ মোদী দ্বিতীয় মন্ত্ৰীসভাত কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰে।[4] ২০১৯ চনৰ ৩১ মে' তাৰিখে তেওঁক ভাৰতৰ বিদেশ মন্ত্ৰীৰ কাৰ্যভাৰ অৰ্পণ কৰা হয়। ভাৰতৰ বিদেশ মন্ত্ৰী পদ লাভ কৰা জয়শংকৰ প্ৰথম গৰাকী বিদেশ সচিব।[5]
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]১৯৫৫ চনৰ ৯ জানুৱাৰীত জয়শংকৰে [6]নতুন দিল্লীস্থ এটা তামিল হিন্দু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল৷ তেওঁৰ পিতৃ কৃষ্ণস্বামী সুব্ৰমনিয়ম এগৰাকী অসামৰিক বিষয়া৷ মাতৃ সুলোচনা সুব্ৰমনিয়ম[7][8] [9] তেওঁৰ ভগ্নী সুধা সুব্ৰমনিয়ম আৰু ভ্ৰাতৃ যথাক্ৰমে সঞ্জয় সুব্ৰমনিয়ম (ইতিহাসবিদ) আৰু এচ. বিজয় কুমাৰ (অসামৰিক বিষয়া)[10] যিজন ভাৰতৰ প্ৰাক্তন গ্ৰামীন উন্নয়ন সচিবো আছিল[11][12]
জয়শংকৰে দিল্লীৰ 'দ্য এয়াৰ ফৰ্চ স্কুল' আৰু বাংগালোৰৰ বাংগালোৰ মিলিটেৰী বিদ্যালয়ত প্ৰাথমিক শিক্ষাগ্ৰহণ কৰে৷ পৰৱৰ্তী সময়ত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ছেইণ্ট ষ্টিফেন্স কলেজৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী অৰ্জন কৰে৷[13] পৰৱৰ্তী সময়ত তেওঁ দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত এম এ আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কত এমফিল আৰু পি এইচ ডি ডিগ্ৰী লাভ কৰিছে, য’ত তেওঁ পাৰমাণৱিক কূটনীতিত বিশেষজ্ঞ আছিল।[14][15][16]
কূতনৈতিক জীৱন (১৯৭৯–২০১৮)
[সম্পাদনা কৰক]১৯৭৭ চনত ভাৰতীয় বৈদেশিক সেৱাত যোগদান কৰাৰ পাছত,জয়শংকৰে জয়শংকৰে ১৯৭৯ চনৰ পৰা ১৯৮১ চনলৈ মস্কোত ছোভিয়েট ইউনিয়নৰ ভাৰতীয় মিছনত তৃতীয় সচিব আৰু দ্বিতীয় সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰে। নতুন দিল্লীলৈ উভতি আহি তেওঁ কূটনীতিবিদ গোপালস্বামী পাৰ্থসাৰথিৰ বিশেষ সহায়ক হিচাপে আৰু আমেৰিকাৰ সৈতে লেনদেন কৰাৰ সময়ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আমেৰিকা বিভাগত আণ্ডাৰ সচিব হিচাপে কাম কৰে। তেওঁ ভাৰতৰ তাৰাপুৰ বিদ্যুৎ কেন্দ্ৰলৈ আমেৰিকাৰ পাৰমাণৱিক ইন্ধন যোগানৰ বিবাদ নিষ্পত্তি কৰা দলটোৰ অংশ আছিল ।[8] ১৯৮৫ চনৰ পৰা ১৯৮৮ চনলৈকে তেওঁ ৱাশ্বিংটন ডি চিত থকা ভাৰতীয় দূতাবাসৰ প্ৰথম সচিব আছিল।[14]
১৯৮৮ চনৰ পৰা ১৯৯০ চনলৈকে, তেওঁ শ্ৰীলংকাত প্ৰথমগৰাকী সচিব আৰু ভাৰতীয় শান্তিৰক্ষাকাৰী বাহিনীৰ ৰাজনৈতিক উপদেষ্টা হিচাপে কৰ্মনিৰ্বাহ কৰে৷[14][17] ১৯৯০ চনৰ পৰা ১৯৯৩ চনলৈ তেওঁ বুডাপেষ্টত ভাৰতীয় মিছনত পৰামৰ্শদাতা (বাণিজ্যিক) আছিল। নতুন দিল্লীলৈ উভতি আহি তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত পৰিচালক (পূব ইউৰোপ) আৰু ভাৰতৰ তেতিয়াৰ ৰাষ্ট্ৰপতি শংকৰ দয়াল শৰ্মাৰ প্ৰেছ সচিব আৰু ভাষণ লেখক হিচাপে কাৰ্যনিৰ্বাহ কৰে।[18]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "MEA | About MEA : Profiles : Foreign Secretary" (en ভাষাত). www.mea.gov.in. http://www.mea.gov.in/fs.htm। আহৰণ কৰা হৈছে: 7 February 2018.
- ↑ "Tata Sons announces appointment of new president, Global Corporate Affairs". Tata. 23 April 2018. Archived from the original on 25 May 2018. https://web.archive.org/web/20180525204501/http://www.tata.com/article/inside/tata-sons-announces-appointment-of-president-for-global-corporate-affairs। আহৰণ কৰা হৈছে: 25 May 2018.
- ↑ "Former Indian foreign secretary Subrahmanyam Jaishankar to be conferred with Padma Shri" (en-GB ভাষাত). www.timesnownews.com. Archived from the original on 2022-05-03. https://web.archive.org/web/20220503151137/https://www.timesnownews.com/india/article/subrahmanyam-jaishankar-padma-shri-shankar-dayal-sharma-indo-us-civilian-nuclear-agreement-sino-indian-border-dispute-narendra-modi/354167। আহৰণ কৰা হৈছে: 2019-01-29.
- ↑ Roche, Elizabeth (30 May 2019). "S Jaishankar: Modi's 'crisis manager' sworn-in as union minister" (en ভাষাত). Mint. https://www.livemint.com/politics/policy/s-jaishankar-modi-s-crisis-manager-sworn-in-as-union-minister-1559225084445.html। আহৰণ কৰা হৈছে: 30 May 2019.
- ↑ "Narendra Modi Government 2.0: Former foreign secretary S Jaishankar appointed as Minister of External Affairs". cnbctv18.com. https://www.cnbctv18.com/politics/narendra-modi-government-2-0-former-foreign-secretary-s-jaishankar-appointed-as-minister-of-external-affairs-3518011.htm। আহৰণ কৰা হৈছে: 4 June 2019.
- ↑ "S Jaishankar: Latest News, Photos, Videos & Updates". The Indian Express. https://indianexpress.com/about/s-jaishankar/.
- ↑ "Shri S. Jaishankar| National Portal of India". India.gov.in. https://www.india.gov.in/my-government/indian-parliament/shri-s-jaishankar। আহৰণ কৰা হৈছে: 18 August 2022.
- 1 2 Sirohi, Seema (9 August 2013). "Exclusive: S Jaishankar to be India's next envoy to Washington". Firstpost. https://www.firstpost.com/world/exclusive-s-jaishankar-to-be-indias-next-envoy-to-washington-1022463.html.
- ↑ "A gentleman Brahmin". Hindustan Times. 6 February 2011. https://www.hindustantimes.com/india/a-gentleman-brahmin/story-Q3VmCnRKDziamb6xwPdqCN.html। আহৰণ কৰা হৈছে: 7 April 2023. ""he was like all displaced Tamil Brahmins""
- ↑ "Mr S Vijay Kumar". www.teriin.org. https://www.teriin.org/profile/s-vijay-kumar। আহৰণ কৰা হৈছে: 4 June 2019.
- ↑ "S. Vijay Kumar". Resource Panel. 14 March 2017. https://www.resourcepanel.org/the-panel/s-vijay-kumar। আহৰণ কৰা হৈছে: 4 June 2019.
- ↑ Mohan, R. (3 June 2019). "Delhi is north, Tamil Nadu is south, never the twain shall meet". Deccan Chronicle. https://www.deccanchronicle.com/nation/current-affairs/030619/delhi-is-north-tamil-nadu-is-south-never-the-twain-shall-meet.html.
- ↑ "Who is S Jaishankar?". The Times of India. 29 January 2015. https://timesofindia.indiatimes.com/india/Who-is-S-Jaishankar/articleshow/46047847.cms.
- 1 2 3 "Dr. S. Jaishankar, Ambassador of India – Beijing. Embassy of India, Beijing, China". Archived from the original on 16 January 2010. https://web.archive.org/web/20100116160023/http://www.indianembassy.org.cn/DynamicContent.aspx?MenuId=33&SubMenuId=0। আহৰণ কৰা হৈছে: 4 June 2019.
- ↑ C.Raja Mohan and S. Jaishankar, "Nuclear Cartelisation Theory and Practice" Archived 22 September 2013 at the Wayback Machine, Economic and Political Weekly, Vol. 12, No. 20, 14 May 1977.
- ↑ "ANI Podcast with Smitha Prakash". ANI News. 21 February 2023. https://www.youtube.com/watch?v=uXKnm5Gzfjk.
- ↑ Dixit, Jyotindra Nath (4 June 1998). Assignment Colombo. Konark Publishers. ISBN 9788122004991. https://books.google.com/books?id=gThuAAAAMAAJ&q=jaishankar। আহৰণ কৰা হৈছে: 4 June 2019.
- ↑ "S Jaishankar, India's New Foreign Secretary: 10 Things you should know about him". India Today. 30 May 2015. https://www.indiatoday.in/education-today/gk-and-current-affairs/story/subrahmanyam-jaishankar-indias-new-foreign-secretary-10-things-you-should-know-about-him-238016-2015-01-30.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- ৰাষ্ট্ৰদূতৰ জীৱনী
- সাক্ষাৎকাৰ, চীন কেন্দ্ৰীয় টেলিভিছন