সুমেইৰা আব্দুলআলি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুমেইৰা আব্দুলআলি

জন্ম ২২ মে', ১৯৬১ (৬২ বছৰ)
মুম্বাই, ভাৰত
ক্ষেত্ৰ পৰিৱেশবিদ, বন্যপ্ৰাণী সংৰক্ষণ, শব্দ প্ৰদূষণ, বালি খনন
কৰ্মস্থান বম্বে নেচাৰেল হিষ্ট্ৰি চ’ছাইটি
জনা যায় ‘আৱাজ ফাউণ্ডেচন’
‘মিত্ৰ’, এক্টিভিষ্টসকলৰ প্ৰতি প্ৰদৰ্শিত ভীতি , ভাবুকি আৰু প্ৰতিশোধৰ বিৰুদ্ধে আন্দোলন
উল্লেখনীয় বঁটা মাদাৰ টেৰেছা এৱাৰ্ড
অশোকা ফেল’

সুমেইৰা আব্দুলআলি (ইংৰাজী: Sumaira Abdulali; জন্ম: ২২ মে’, ১৯৬১) মুম্বাই নিবাসী এগৰাকী ভাৰতীয় পৰিৱেশবিদ, বেচৰকাৰী সংস্থা আৱাজ ফাউণ্ডেচনৰ প্ৰতিষ্ঠাতা আৰু এক্টিভিষ্টসকলৰ প্ৰতি সততে প্ৰদৰ্শিত ভীতি , ভাবুকি আৰু প্ৰতিশোধৰ বিৰুদ্ধে সংঘবদ্ধ আন্দোলন ‘মিত্ৰ’ৰ আহ্বায়ক। তেওঁ সংৰক্ষণ উপ সমিতিৰ সহ-অধ্যক্ষ আৰু এছিয়াৰ আটাইতকৈ পুৰণি আৰু সৰ্ববৃহৎ বেচৰকাৰী পৰিৱেশ সংস্থা ‘বম্বে নেচাৰেল হিষ্ট্ৰি চ’ছাইটি’ৰ সন্মানীয় সচিব তথা ২০০৮ আৰু ২০২১ চনৰ ভিতৰত পৰিচালনা পৰিষদৰ সদস্য আছিল।[1][2][3]

আইনী হস্তক্ষেপ, ওকালতি আৰু ৰাজহুৱা প্ৰচাৰ তথা তথ্যচিত্ৰলৈ অৱদান, দূৰদৰ্শনৰ মুকলি আলোচনা আৰু প্ৰকাশিত প্ৰবন্ধৰ জৰিয়তে সুমেইৰা আব্দুলআলিয়ে পূৰ্বতে অজ্ঞাত পাৰিপাৰ্শ্বিক বিপদ, বিশেষকৈ শব্দ প্ৰদূষণ[4] আৰু বালি খননক[5][6] সফলতাৰে মূলসুঁতিৰ প্ৰচাৰ মাধ্যমলৈ আনিছে আৰু মানুহৰ মাজত এই বিষয়ে এক সজাগতা গঢ়ি তোলাত বিশেষ ভূমিকা লৈছে। তেওঁৰ কামৰ বাবে তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হৈছে। ২০০৪ চনত, বালি মাফিয়াৰ দ্বাৰা তেওঁক কৰা আক্ৰমণৰ পিছতেই সুমেৰাই ভাৰতীয় এক্টিভিষ্টসকলৰ সুৰক্ষাৰ বাবে প্ৰথমটো নেটৱৰ্ক ‘মিত্ৰ’ স্থাপন কৰিছিল।[7]

তেওঁক ভাৰতৰ এগৰাকী আগশাৰীৰ পৰিৱেশ কৰ্মী বুলি কোৱা হৈছে।[8]

তথ্য উৎস[সম্পাদনা কৰক]