সুৰভিন চাওলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সুৰভিন চাওলা
Surveen Chawla

২০১৬ চনত চাওলা
জন্ম ১ আগষ্ট, ১৯৮৪ (৩৯ বছৰ)[1]
চণ্ডীগড়, ভাৰত
শিক্ষা চণ্ডীগড় কলেজ ফৰ ৱমেন, চণ্ডীগড়
পেচা অভিনেত্ৰী, মডেল
সক্ৰিয় হৈ থকা সময় ২০০৩ – বৰ্তমান

সুৰভিন চাওলা (ইংৰাজী: Surveen Chawla, জন্ম ১ আগষ্ট ১৯৮৪) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু মডেল[2] সুৰভিনে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল কহি ট' হোগা আৰু কাজ্জল নামৰ জনপ্ৰিয় আৰু সফল টেলিভিছন অনুষ্ঠানৰ জৰিয়তে৷ হেইট ষ্টৰি (২০১৪), আগলি (২০১৩), পাৰ্চড (২০১৫), ২৪ (ভাৰতীয় টিভি চিৰিজ,২০১৬) আদিত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে সুৰভিন চাওলা ভাৰতীয় দৰ্শক সমাজৰ ওচৰত পৰিচিত৷ ২০১৮ চনত সুৰভিনে হিন্দী ভাষাৰ ৱেব চিৰিজ হক চেত অভিনয় কৰিছিল৷ সুৰভিনে অভিনয় কৰা শেহতীয়া ৱেব চিৰিজ ডিকাপলড-এ দৰ্শক সমাজৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ তেখেতৰ বিপৰীতে অভিনয় কৰিছিল মাধৱনে৷

দূৰদৰ্শনত অভিষেক[সম্পাদনা কৰক]

কহি টো হোগি নামৰ ভাৰতীয় ধাৰাবাহিকখনৰ জৰিয়তে টেলিভিছনৰ জগতত পদাৰ্পণ কৰে৷ ২০০৮ চনত নাচৰ এটি ৰিয়েলিটি শ্ব' এক খিলাড়ি এক হাছিনাত তেওঁক দেখিবলৈ পোৱা যায়৷ ইয়াত সুৰভিনে ভাৰতীয় ক্ৰিকেটাৰ এছ. শ্ৰীশান্তৰ লগত একেলগে কাম কৰে৷ [3] ইয়াৰ আগতে সুৰভিনে ২০০৪ চনত কছৌটি জিন্দেগী কেত অভিনয় কৰিছিল৷ ২০০৬ চনৰ পৰা ২০০৭ চনলৈকে কাজ্জল নামৰ ধাৰাবাহিকখনত কেন্দ্ৰীয় চৰিত্ৰত তেওঁ অভিনয় কৰে৷ কমেডি চাৰ্কাচ কে চুপাৰষ্টাৰচ নামৰ অনুষ্ঠানটো তেওঁ সূত্ৰধাৰ হিচাপে কাম কৰে৷[4][5] ইয়াৰ পিছত তেওঁ কানাড়া ভাষাৰ ছবি পৰমেশ পাণৱালাৰ জৰিয়তে ছবিৰ জগতত অভিষেক কৰে৷ ২০১১ চনত পাঞ্জাবী ভাষাৰ ছবি ধৰতীত অভিনয় কৰে৷ ইয়াৰ পিছত সুৰভিনে তৌৰ মিত্ৰন দি, শাদী লাভ ষ্টৰী, সিং ভাৰ্ছেছ কৌৰ আৰু ডিস্কো সিংৰ দৰে কেইবাখনো পাঞ্জাবী ছবিত চৰিত্ৰ ৰূপায়ন কৰে৷ ২০১৩ চনত মুক্তি লাভ কৰা ছাজিদ খানৰ দ্বাৰা পৰিচালিত হিন্দী ভাষাৰ কথাছবি হিম্মতৱালাধোকা ধোকা নামৰ আইটেম গীতটিত সুৰভিনক দেখা যায়৷ এইটো আছিল তেওঁৰ প্ৰথমটো আইটেম গীত৷ [6] ২০১৩ চনত সুৰভিনক দেখা যায় তামিল ভাষাৰ কথাছবি মনদ্ৰু পেৰ মন্দদ্ৰু কড়াল, পুথিয়া থিৰুপাংগাত অভিনয় কৰে৷ ইয়াৰ পিছত অনুৰাগ কাশ্যপৰ থ্ৰিলাৰ ছবি আগলিত সুৰভিনে অভিনয় কৰে৷

২০১৪-বৰ্তমান[সম্পাদনা কৰক]

Jay and Surveen poses for the camera
সতীৰ্থ অভিনেতা জয় ভানুশালীৰ সৈতে ২০১৪ চনত, হেইট ষ্টৰী ২ৰ প্ৰচাৰ অনুষ্ঠান এটাত ভাগ লোৱাৰ মুহূৰ্তত

২০১৪ চনৰ অক্টোবৰ মাহত সুৰভিন চাওলাক জেজি বিৰ সৈতে মিটৰন ডে বুট নামৰ পাঞ্জাবী গীত এটিত দেখিবলৈ পোৱা যায়৷[7] ২০১৪ চনতেই বিশাল পাণ্ড্যাৰ প্ৰতিশোধমূলক থ্ৰিলাৰ হেইট ষ্ট'ৰি ২ মূল চৰিত্ৰ এটাত অভিনয় কৰে৷ পোনপ্ৰথমবাৰৰ বাবে এখনি নাৰীকেন্দ্ৰিক ছবিত অভিনয় কৰা এইখন ছবি বাণিজ্যিকভাৱে সফল হোৱাৰ উপৰি সমালোচকৰ দৃষ্টিতো যোগাত্মক হিচাপে ধৰা দিয়ে৷ [8] তেওঁৰ শেহতীয়া তামিল ভাষাৰ ছবি হৈছে জয় হিন্দ ২[9][10] ২০১৫ চনত লীনা যাদৱৰ পৰিচালনাত মুক্তিলাভ কৰা পাৰ্চদ নামৰ বহুসমাদৃত ছবিখনত সুৰভিনে গুৰুত্বপূৰ্ণ চৰিত্ৰ এটাত অভিনয় কৰে৷ ২০১৬ চনত ঝলক দিখলা যাৰ নৱম সংস্কৰণত সুৰভিনে অংশগ্ৰহণ কৰে৷ অৱশ্যে পাছলৈ তেওঁ প্ৰতিযোগিতাৰ পৰা ভোটা আউট হৈ বাহিৰ হয়৷[11]

২০১৮-১৯ চনৰ সময়ছোৱাত সুৰভিনে নেটফ্লিক্সৰ জনপ্ৰিয় ছিৰিজ ছেক্ৰেড গেমছত জ'জ' মাছকাৰেনহাছ নামৰ চৰিত্ৰটি ৰূপায়ন কৰে৷ [12] ২০২১ চনত সুৰভিন চাওলাই নেটফ্লিক্সৰ কমেডি-ড্ৰামা ছিৰিজ ডিকাপলডৰ আৰ. মাধৱনৰ সৈতে কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰে৷ আঠটা খণ্ডৰ চিৰিজটোত তেওঁ শ্ৰুতি শৰ্মা আয়াৰ নামৰ চৰিত্ৰটি ৰূপায়ন কৰে৷ চিৰিজটোৰ নিৰ্মাতা আছিল মনু জোছেফ৷ [13]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

২০১৫ চনত ইটালীত সুৰভিনে অক্ষয় থাক্কৰৰ লগত বৈবাহিক বান্ধোনত বান্ধ খায়৷ অৱশ্যে বিবাহৰ খবৰ তেওঁ দুবছৰৰ পাছতহে (২৭ ডিচেম্বৰ ২০১৭) টুইটাৰযোগে ৰাজহুৱাকৈ সদৰী কৰে৷ [14]

বঁটা আৰু মনোনয়ন[সম্পাদনা কৰক]

বৰ্ষ ছবি বঁটা শিতান ফলাফল টোকা উৎস
২০১১ ধৰতী (২০১১) পিটিচি পাঞ্জাবী ছবি বঁটা শ্ৰেষ্ঠ নৱাগতা বিজয়ী [15]
২০১৫ ডিস্কো সিং শ্ৰেষ্ঠ অভিনেত্ৰী বিজয়ী
২০১৬ পাৰ্ছড গ্ৰেণ্ড জুৰী বঁটাৰ বাবে ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ, লছ এঞ্জেলছ শ্ৰেষ্ঠ অভিনেত্ৰী বিজয়ী ৰাধিকা আপ্টে, টনিষ্ঠা চেটাৰ্জী আৰু লেহাৰ খানৰ লগত [16]
২০১৭ ষ্টাৰ স্ক্ৰীণ বঁটা শ্ৰেষ্ঠ সহ-অভিনেত্ৰী মনোনীত [17]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Surveen Chawla's Andaman-Nicobar beach pictures will give you vacation goals - Times of India ►". https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/surveen-chawlas-andaman-nicobar-beach-pictures-will-give-you-vacation-goals/articleshow/65335903.cms. 
  2. "Surveen Chawla's Andaman-Nicobar beach pictures will give you vacation goals - Times of India ►". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/surveen-chawlas-andaman-nicobar-beach-pictures-will-give-you-vacation-goals/articleshow/65335903.cms. 
  3. "Colors launches 'Ek Khiladi Ek Hasina'". Business Standard. 21 September 2008. http://www.business-standard.com/article/beyond-business/colors-launches-ek-khiladi-ek-hasina-108092100009_1.html. 
  4. "I always look out for beauty and benefit in a role: Surveen Chawla - Times of India". http://timesofindia.indiatimes.com/entertainment/punjabi/movies/news-interviews/I-always-look-out-for-beauty-and-benefit-in-a-role-Surveen-Chawla/articleshow/33598993.cms. 
  5. "Comfortable in my skin, not showing it off: Surveen Chawla". Archived from the original on 19 October 2014. https://web.archive.org/web/20141019121810/http://www.hindustantimes.com/entertainment/bollywood/comfortable-in-my-skin-not-showing-it-off-surveen-chawla/article1-1227008.aspx। আহৰণ কৰা হৈছে: 31 March 2022. 
  6. "Meet Ajay Devgn's five item girls in Himmatwala - NDTV Movies". NDTVMovies.com. https://movies.ndtv.com/bollywood/meet-ajay-devgns-five-item-girls-in-himmatwala-610983. 
  7. "Mitran De Boot is a Jazzy B, Dr Zeus and Kaur B hit ft. Surveen Chawla". desiblits.com. http://www.desiblitz.com/content/mitran-de-boot-jazzy-b-dr-zeus-and-kaur-b-smash। আহৰণ কৰা হৈছে: 13 October 2014. 
  8. "Jay and Suvreen's scuba diving experience - Times of India". http://timesofindia.indiatimes.com/entertainment/hindi/tv/news-interviews/Jay-and-Suvreens-scuba-diving-experience/articleshow/19693103.cms. 
  9. Hungama, Bollywood (17 November 2014). "Surveen Chawla to do item number in Welcome Back? - Bollywood Hungama". http://www.bollywoodhungama.com/news/2703148/Surveen-Chawla-to-do-item-number-in-Welcome-Back. 
  10. "Jimmy Shergill & Surveen Chawla in latest 'Hero Naam Yaad Rakhi' - Times of India". The Times of India. https://timesofindia.indiatimes.com/entertainment/punjabi/movies/news/Jimmy-Shergill-Surveen-Chawla-in-latest-Hero-Naam-Yaad-Rakhi/articleshow/45849699.cms. 
  11. "Jhalak Dikhhla Jaa 9: Arjun Bijlani & Surveen Chawla both eliminated! Nora Fatehi enters Top 5 finalists!". India.com. http://www.india.com/showbiz/jhalak-dikhhla-jaa-9-arjun-bijlani-surveen-chawla-both-eliminated-nora-fatehi-enters-top-5-finalists-1528973/। আহৰণ কৰা হৈছে: 2 October 2016. 
  12. https://www.imdb.com/title/tt6077448/?ref_=nm_flmg_act_2
  13. https://www.imdb.com/name/nm4015689/
  14. "Actor Surveen Chawla opens up about her Italian wedding which had Punjabi Bollywood songs too". 27 December 2017. https://indianexpress.com/article/entertainment/television/surveen-chawla-married-see-photos-5000591/. 
  15. "PTC Punjabi Film Awards". Cine Punjab.com. Archived from the original on 2013-08-28. https://web.archive.org/web/20130828133403/http://www.cinepunjab.com/2013/02/ptc-punjabi-film-awards.html। আহৰণ কৰা হৈছে: 2013-08-30. 
  16. "2016 Indian Film Festival Of Los Angeles Announces Award Winners". http://www.indianfilmfestival.org/2016-indian-film-festival-of-losangeles-announces-award-winners-april-11-2016/। আহৰণ কৰা হৈছে: 2016-04-11. [সংযোগবিহীন উৎস]
  17. "Dear Sonam Kapoor, you deserved to win your first award for Neerja at Star Screen". 5 December 2016. http://indianexpress.com/article/entertainment/opinion-entertainment/dear-sonam-kapoor-you-deserved-to-win-your-first-award-for-neerja-at-star-screen-4411478/.