সমললৈ যাওক

সোণামতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সোণামতী (ইংৰাজী: Sonamoti) অসম বুৰঞ্জীৰ সততে চৰ্চা নোহোৱা এক নাৰী, যাক গদাপাণি বা গদাধৰ সিংহই আত্মগোপন কালত লগ পাইছিল আৰু তেওঁক পলুৱাই পঠিওৱা বাবে চাওদাঙৰ দ্বাৰা সোণামতী নিৰ্যাতিতা হৈছিল৷ ড° মঞ্জু বৰাই পৰিচালনা কৰা অসমীয়া চলচ্চিত্ৰ জয়মতীত (২০০৬) সোণামতী চৰিত্ৰটি চিত্ৰায়িত কৰা হৈছে৷

সংক্ষিপ্ত জীৱনী

[সম্পাদনা কৰক]

সোণামতী শিৱসাগৰৰ লান্ বকতা গাঁৱৰ ভদামৰ জীয়েক আৰু জয়মল ওৰফে জয়ৰামৰ পুত্ৰ ভলুকাৰ সৈতে বিবাহ ঠিক হৈ আছিল৷ গদাপাণি ল’ৰা ৰজাৰ ভয়ত পলাই ফুৰোঁতে এদিন সোণামতীৰ ঘৰত উপস্থিত হয় আৰু পানী খাবলৈ বিচাৰে৷ তেনেসময়তে চাওদাঙে গদাপাণিক ধৰিবলৈ অহাত সোণামতীয়ে তেওঁক ঘৰৰ পিছদুৱাৰেদি পলুৱাই পঠিয়ায়৷ চাওদাঙে সোণামতীক গদাপাণি পলোৱা পথৰ কথা সোধাত কোনো উত্তৰ নাপাই চমতাৰে কোবাই ধৰি চোঁচৰাই দিৰৈ নৈলৈ লৈ যায়৷[1] চোঁচৰাই নিওঁতে সোণামতীৰ প্ৰাণ যায় আৰু চাওদাঙে মাটিৰ ঢিপ এটা কৰি তাতে পুতি থয়৷ সেই ঢিপটো এতিয়াও সোণামতীৰ টোপ নামে জনাজাত৷ সোণামতীক চমতাৰে কোবাই চান বাচিছিল বাবেই সেই ঠাইখন ’চান বচা’ গাঁও আৰু যিখন মুকলি পথাৰেৰে চোঁচৰাই নিছিল সেইখন “চোচৰাল’’ বা “চৰাল পথাৰ’’ নামে এতিয়াও জনাজাত৷[2] বুৰঞ্জীত সোণামতীৰ বহুল চৰ্চা পোৱা নাযায়৷ গদাপাণি গদাধৰ সিংহ নাম লৈ সিংহাসনত উঠাৰ পিছত আত্মগোপনকালত তেওঁক সহায় কৰা সকলো মানুহকে পুৰস্কৃত কৰি তেওঁলোকৰ সন্মানাৰ্থে আলি, পুখুৰী, দৌল আদি নিৰ্মাণ কৰিছিল৷ গদাধৰ সিংহই আন বহুতো কামৰ লগতে লংকাকত “সোণাদৈ পুখুৰী’’ খন্দোৱাৰ কথা শ্ৰীনাথ দুৱৰা বৰুৱাৰ “তুংখুঙীয়া বুৰঞ্জী’’ আৰু পদ্মানাথ গোহাঞি বৰুৱাৰ বুৰঞ্জীত উল্লেখ আছে৷[3] অৱশ্যে, সোণাদৈ পুখুৰী কাৰ স্মৃতিত খন্দোৱা হৈছিল তাৰ উল্লেখ নাই৷ অসমীয়া বুৰঞ্জীমূলক কাহিনী গীতত সোণামতীৰ কথা পোৱা যায়৷

মাৰে কান্দিলে
বাপৰে কান্দিলে
কান্দিলে ককাই ৰমাই৷
জয়মলৰ পুতেক
ভলুকাই কান্দিলে
দিৰৈৰ কাষতে বিনাই৷
গদা কোঁৱৰে
থতমত হেৰুৱাই
তোকে খুজি খালে পানী৷
পানী দি কোঁৱৰক
পিছফালে পঠালি
চাওদাংহঁত পালেহি বুলি৷[1]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 হাকাচাম, ড° উপেন ৰাভা (২০১৭). সমকালীন অসমীয়া লোকসাহিত্য. অলিম্পিয়া প্ৰকাশন. পৃষ্ঠা. ৪৪৬. 
  2. "সোণামতীৰ মৈদাম আৰু এটা মনোৰম বেলাৰ ছবি". https://xahitya.org/21-jul-feelings-5/। আহৰণ কৰা হৈছে: 8 April 2023. 
  3. গোহাঞি বৰুৱা, পদ্মনাথ (২০১৭). অসমৰ বুৰঞ্জী. এ, বি, টি, পাব্লিকেশ্বনচ্. পৃষ্ঠা. ১০২.