সোমা সেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সোমা সেন (ইংৰাজী: Shoma Sen) এগৰাকী মহিলা অধিকাৰ কৰ্মী আৰু নাগপুৰ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা তথা ইংৰাজী সাহিত্য বিভাগৰ প্ৰাক্তন মুৰব্বী।[1] ২০১৮ চনৰ ৮ জুনত ভীমা কোৰেগাঁও কাণ্ডত জড়িত থকাৰ অভিযোগত পুনে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

মুম্বাইৰ বান্দ্ৰা চহৰৰ এক উচ্চ মধ্যবিত্ত বঙালী পৰিয়ালত সোমা সেনৰ জন্ম হৈছিল। ছেইণ্ট জোচেফ কনভেণ্টৰ (St. Joseph's Convent) পৰা তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰিছিল। মুম্বাইৰ এলফিনষ্টোন মহাবিদ্যালয়ৰ (Elphinstone College) পৰা স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰাৰ পিছত নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা এম.ফিল. আৰু পি.এইচ.ডি. ডিগ্ৰী অৰ্জন কৰিছিল। সাহিত্যিক আৰু অনুবাদক তুষাৰ কান্তি ভট্টাচাৰ্যৰ সৈতে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ কন্যা কোৱেল এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা। বৰ্তমান সোমা সেন নাগপুৰত বাস কৰে।[1][2]

সমাজকৰ্ম[সম্পাদনা কৰক]

সোমা সেনে মানৱ অধিকাৰ সংগঠন কমিটি ফৰ দ্য প্ৰটেকচন অৱ ডেম’ক্ৰেটিক ৰাইটছৰ (Committee for the Protection of Democratic Rights) হৈ কাম কৰে। সোমা বৰ্তমাৱ নাগপুৰ বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ সভানেত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৮ চনৰ ৬ জুনত পুনে আৰক্ষীয়ে তেওঁক ভীমা কোৰেগাঁও কাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল, আৰু পিছত নাগপুৰ বিশ্ববিদ্যালয়ৰ পদৰ পৰা নিলম্বিত কৰিছিল। এতিয়ালৈকে বিচাৰ বিভাগে সেই অভিযোগৰ কোনো প্ৰমাণ দাখিল কৰা নাই আৰু সেই বাবে বম্বে উচ্চ ন্যায়ালয়ত গোচৰ প্ৰক্ৰিয়া চলি আছে। ইতিমধ্যে সোমাই ৫২৮ দিনতকৈ অধিক সময় (প্ৰায় ডেৰ বছৰ) কাৰাগাৰত কটাবলগীয়া হৈছে। সোমা নাগপুৰৰ মহিলাৰ ওপৰত হোৱা হিংসা আৰু যৌতুকৰ বাবে হোৱা মৃত্যুৰ দৰে বিষয়ৰ ওপৰত কাম কৰা স্ত্ৰী চেতনা নামৰ এটা নাৰী সংগঠনৰ সৈতেও জড়িত আছিল।[3]

গ্ৰেপ্তাৰ[সম্পাদনা কৰক]

২০১৮ চনৰ ৮ জুন তাৰিখে সুধীৰ ধাৱালে, মহেশ ৰাউত, সুৰেন্দ্ৰ গাডলিং আৰু ৰোনা উইলছনৰ সৈতে সোমা সেনক পুনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ভীমা কোৰেগাঁও হিংসাৰ লগত জড়িত থকাৰ অভিযোগত “অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন”ৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছিল। গ্ৰেপ্তাৰৰ সময়ত তেওঁ নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ লোৱাৰ সময় ওচৰ চাপিছিল।[1][2] ৪৮ ঘণ্টাৰো অধিক সময় আৰক্ষীৰ জিম্মাত থকাৰ দোষত ১৫ জুনত তেওঁক নাগপুৰ বিশ্ববিদ্যালয়ৰ সকলো পদৰ পৰা তেওঁক নিলম্বন কৰা হয়।[4]

ভীমা কোৰেগাঁৱ হিংসা[সম্পাদনা কৰক]

১৮১৮ চনৰ ১ জানুৱাৰীত মহাৰাষ্ট্ৰ কোৰেগাঁৱত সংঘটিত এখন যুদ্ধত ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধিকতৰ মাহাৰ জনগোষ্ঠীৰ লোকেৰে গঠিত বম্বে প্ৰেচিডেন্সি আৰ্মীৰ ৮০০ সৈন্যই “মাৰাঠা পেছুৱা বাজী ৰাও”ৰ (দ্বিতীয়) উচ্চ বৰ্ণৰ লোকেৰে গঠিত সৈন্য বাহিনীক (প্ৰায় ২৮,০০০ সৈন্য) পৰাস্ত কৰিছিল। কোৰেগাঁৱত ইংৰাজসকলে মৃত সৈনিকৰ স্মৃতিত বিজয় স্তম্ভ স্থাপন কৰিছিল। ১৯২৮ চনত বি. আৰ. আম্বেদকাৰৰ নেতৃত্বত ইয়াত প্ৰথমখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈছিল। তেতিয়াৰ পৰাই প্ৰতি বছৰে ১ জানুৱাৰীত আম্বেদকাৰৰ অনুগামী মাহাৰাসকলে ভীমা কোৰেগাঁৱত সমবেত হৈ মাৰাঠা সাম্ৰাজ্যৰ অত্যাচাৰী উচ্চ বৰ্ণ শাসন ব্যৱস্থাৰ বিৰুদ্ধে কৰা জয়ৰ স্মৃতি উদযাপন কৰে। এই “কোৰেগাঁৱ যুদ্ধৰ ২০০ বছৰীয়া জয়ন্তী” ২০১৮ চনৰ ১ জানুৱাৰীত অনুষ্ঠিত হৈছিল। সেইবাৰ অনুষ্ঠান উদযাপনৰ সময়ত এক হিংসাত্মক ঘটনা সংঘটিত হৈছিল।[5] এই ঘটনাই ভীমা কোৰেগাঁৱ হিংসা নামে জনাজাত হৈ পৰে।এই সমাৱেশত সংঘটিত হোৱা হিংসা আৰু শিলগুটি নিক্ষেপৰ ফলত এজন ২৮ বছৰীয়া যুৱকৰ মৃত্যু হৈছিল আৰু অন্য পাঁচজন লোক আহত হৈছিল।[6]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "The People's Fighters: Meet the Five Arrested in the Bhima Koregaon Case". The Wire. https://thewire.in/caste/meet-the-five-arrested-in-the-bhima-koregaon-case। আহৰণ কৰা হৈছে: 2018-08-29. 
  2. 2.0 2.1 Johari, Aarefa. "A poet, a lawyer, a professor: These are the five activists held for sparking Bhima Koregaon clashes" (en-US ভাষাত). Scroll.in. https://scroll.in/article/881849/a-poet-a-lawyer-a-professor-these-are-the-five-activists-held-for-sparking-bhima-koregaon-clashes. 
  3. Sen, Koel (28 August 2018). "Arrested professor Shoma Sen's daughter Koel says: My mother's been tagged a Maoist after lifetime of working for others". Firstpost. https://www.firstpost.com/india/arrested-professor-shoma-sens-daughter-koel-says-my-mothers-been-tagged-a-maoist-after-lifetime-of-working-for-others-4533031.html. 
  4. "Nagpur varsity suspends Prof Shoma Sen held for alleged Maoist links" (en ভাষাত). Hindustan Times. 2018-06-15. https://www.hindustantimes.com/india-news/nagpur-varsity-suspends-prof-shoma-sen-held-for-alleged-maoist-links/story-G9yqkGojI8a2uw6nWT9DhM.html. 
  5. Pol, Prabodhan (2018-01-04). "Understanding Bhima Koregaon" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/opinion/op-ed/understanding-bhima-koregaon/article22361017.ece. 
  6. "Dalits protest death of 28-year-old in Bhima Koregaon clashes" (en-IN ভাষাত). Hindustantimes. 2018-01-02. ISSN 0971-751X. https://www.hindustantimes.com/india-news/violence-in-maharashtra-as-dalits-protest-death-of-28-year-old-in-bhima-koregaon-clashes/story-zerVWqrSjLjF2x53oHMVXL.html.