সমললৈ যাওক

স্বতন্ত্ৰ মহিলা মঞ্চ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্বতন্ত্ৰ মহিলা মঞ্চ
গঠন ১৯৯২
প্ৰতিষ্ঠাপক Rosalie Silberman, Barbara Olson, Anita K. Blair
প্ৰকাৰ ৫০১ (চি) (৩)[1]
Focus Women's rights, equity feminism, property rights, free markets, democracy, foreign policy,[1] domestic violence, campus issues, health care, labor policy[2]
Location(s)
  • ১৮৭৫ আই ষ্ট্ৰিট এন ডব্লিউ, এছ-৫০০
    ৱাশ্বিংটন ডিচি ২০০৬
Coordinates 38°54′06″N 77°02′34″W / 38.9018°N 77.0428°W / 38.9018; -77.0428স্থানাংক: 38°54′06″N 77°02′34″W / 38.9018°N 77.0428°W / 38.9018; -77.0428
Method Educational programs, awards, grants, political commentary
Key people
ছাব্ৰিনা শ্বেফাৰ, কেৰী লুকাছ, হিথাৰ হিগিন্স, ক্ৰীষ্টিনা হফ ছমাৰ্ছ, লিন ভি চেনি, ৱেণ্ডী লি গ্ৰেম, মিডজ ডেক্টাৰ, কেট অ’বেয়াৰ্নে
Revenue $5,680,509[3] (2013)

স্বতন্ত্ৰ মহিলা মঞ্চ (ইংৰাজী: Independent Women's Forum) হৈছে মহিলাসকলৰ বাবে চিন্তা-উদ্ৰেককাৰী অৰ্থনৈতিক নীতি-জড়িত বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা আমেৰিকাৰ ৰক্ষণশীল, অ-লাভজনক সংস্থা।[4][5] ১৯৯২ চনত ক্লেৰেন্স থমাছৰ বিতৰ্কিত উচ্চতম ন্যায়ালয়ৰ মনোনয়নৰ পিছত "নাৰীবাদী নীতিৰ ৰক্ষণশীল বিকল্প" প্ৰচাৰৰ বাবে কৰ্মী ৰোজালি ছিলবাৰমেনে এই মঞ্চ প্ৰতিষ্ঠা কৰিছিল।[6] স্বতন্ত্ৰ মহিলা মঞ্চৰ ভগ্নী সংগঠন হৈছে ৫০১(গ)(৪)সংস্থা স্বতন্ত্ৰ মহিলা কণ্ঠ (Independent Women's Voice,IWV)।

গোটটোৱে "সমানতা নাৰীবাদ"ৰ ( Equity feminism) পোষকতা কৰে, যিটো শব্দ আই ডব্লিউ এফৰ লেখিকা ক্ৰীষ্টিনা হফ ছমাৰ্ছে প্ৰথমে "পৰম্পৰাগত, ধ্ৰুপদীভাৱে উদাৰ, মানৱতাবাদী নাৰীবাদ"ক "লিংগ নাৰীবাদ"ৰ পৰা পৃথক কৰিবলৈ ব্যৱহাৰ কৰিছিল৷[7] এই বিষয়ে তেওঁ 'Who stole feminism?'ত লিখিছিল৷ ছমাৰ্ছৰ সমানতা নাৰীবাদক সমালোচকসকলে নাৰীবিৰোধী বুলি অভিহিত কৰিছে।[8][9]

উৎপত্তি আৰু ইতিহাস

[সম্পাদনা কৰক]

১৯৯২ চনত ৰোজালি ছিলবাৰমেন, অনিতা কে ব্লেয়াৰ আৰু বাৰ্বাৰা অলচনে স্বতন্ত্ৰ মহিলা মঞ্চ প্ৰতিষ্ঠা কৰিছিল৷ আই ডব্লিউ এফ "জজ থমাছৰ বাবে মহিলা" নামৰ ad hoc গোটৰ পৰা গঢ় লৈ উঠিছিল। যৌন নিৰ্যাতন আৰু অন্যান্য যৌন ভিত্তিক অবৈধ আচৰণৰ অভিযোগৰ বিৰুদ্ধে আৰু ইইঅ'চিৰ অধ্যক্ষ হিচাপে কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আৰু বৈষম্যৰ বিৰুদ্ধে আইন বলবৎ কৰিবলৈ অস্বীকাৰ কৰা ক্লেৰেন্স থমাছক ইয়াক শক্তিশালী কৰিবলৈ ইয়াৰ সৃষ্টি কৰা হৈছিল।[6][10]১৯৯৬ চনলৈকে সংস্থাটোৰ প্ৰায় ৭০০ জন ধন পৰিশোধ কৰা সদস্য আছিল যিয়ে নিয়মিতভাৱে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়ত একত্ৰিত হৈ নানান চিন্তা আৰু ধাৰণাৰ ভাগ-বতোৱাৰা কৰিছিল।[11] ছিলবাৰমেন মঞ্চখনৰ প্ৰথম সভাপতি আছিল৷ পৰৱৰ্তী নেতাসকলৰ ভিতৰত আছে নেন্সি ফ'টেনহাউৰ আৰু অনিতা ব্লেয়াৰ। সংস্থাটোৰ বৰ্তমানৰ সভাপতি কেৰী লুকাছ।[12]আই ডব্লিউ এফক "ৱাশ্বিংটনৰ ৰিপাব্লিকান প্ৰতিষ্ঠানৰ ভাৰ্চুৱেল 'Who's Who'" বুলি অভিহিত কৰা হৈছে।[13] ২০০৬ চনত এই সংস্থাটোৰ সদস্য আছিল ২০,৩৩৭ জন আৰু বাজেট আছিল ১.০৫ মিলিয়ন ডলাৰ।[12][14]

ঘৰুৱা নীতি আৰু কাৰ্যসূচী

[সম্পাদনা কৰক]

আমেৰিকাৰ স্বাস্থ্যসেৱা নীতি

[সম্পাদনা কৰক]

২০০৯ চনত আই ডব্লিউ এফে ইউটিউব আৰু আঠখন ৰাজ্যত চলোৱা এটা ৰাজনৈতিক বিজ্ঞাপন প্ৰস্তুত কৰি যুক্তি দিছিল যে যদিহে আমেৰিকাৰ স্বাস্থ্যসেৱাত চৰকাৰী পুঁজিৰে বিকল্প অন্তৰ্ভুক্ত কৰা হয় তেন্তে "৩ লাখ স্তন কেন্সাৰ ৰোগী আমেৰিকান মহিলাৰ মৃত্যু হ'ব পাৰে"।[15][16] FactCheck.org এ আই ডব্লিউ এফৰ বিজ্ঞাপনটোক "মহিলাৰ ভয়ৰ প্ৰতি ভুৱা আবেদন" বুলি অভিহিত কৰা হৈছিল, য'ত আই ডব্লিউ এফৰ বিজ্ঞাপনটোক পুৰণি পৰিসংখ্যা, ভুল যুক্তি আৰু ভুৱা ইংগিতৰ ওপৰত নিৰ্ভৰশীল" বুলি বিবেচনা কৰা হৈছিল।[17]

আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচী

[সম্পাদনা কৰক]
সংস্থাটোৰ "উইমেন অৱ ভেল'ৰ" বঁটা লাভ কৰাৰ পিছত ২০০৬ চনত আই ডব্লিউ এফৰ দৰ্শকৰ সৈতে কথা পাতি থকা অৱস্থাত কণ্ডোলিজা ৰাইছে

প্ৰতিষ্ঠাৰ কালৰে পৰাই আইডব্লিউএফে আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ মাজত ইয়াৰ বাৰ্তা প্ৰচাৰৰ বাবে প্ৰস্তুত কৰা বহুতো সন্মিলন, পেনেল আৰু অন্যান্য কাৰ্যসূচীৰ পৃষ্ঠপোষকতা কৰি আহিছে। ইয়াৰ ভিতৰত মূলতঃ ইৰাক[18]আৰু আফগানিস্তানৰ দৰে দেশসমূহত আলোচনা কৰা বা সংঘটিত হোৱা কাৰ্যকলাপ আৰু অনুষ্ঠানসমূহ অন্তৰ্ভুক্তি তথা গণতন্ত্ৰত মহিলাৰ অংশগ্ৰহণক প্ৰসাৰিত কৰাত গুৰুত্ব দিয়া হয়।[19]

আন্তঃৰাষ্ট্ৰীয় মহিলা কাৰ্যসূচী আৰু পদক্ষেপতো আই ডব্লিউ এফৰ হাত আছে। উদাহৰণস্বৰূপে, "২০০২ চনৰ বসন্ত কালত আই ডব্লিউ এফৰ সভানেত্ৰী নেন্সি ফ'টেনহাউৰক আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ ডব্লিউ বুছে ৰাষ্ট্ৰসংঘৰ মহিলাৰ অৱস্থা আয়োগৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিয়ে।"[20]

পুঁজিৰ ব্যৱস্থা

[সম্পাদনা কৰক]

স্বতন্ত্ৰ মহিলা মঞ্চলৈ পুঁজি আগবঢ়োৱা দাতাসকলৰ ভিতৰত আছে ড'নাৰ্ছ ট্ৰাষ্ট, জন উইলিয়াম পোপ সংস্থা, লিণ্ড আৰু হেৰী ব্ৰেডলি সংস্থা, স্কাইফ সংস্থা, ৰেণ্ডলফ সংস্থা আৰু জন এম অলিন সংস্থা।[21][22][23] আন এটা প্ৰধান পৃষ্ঠপোষক হৈছে চাৰ্লছ কোচ ইনষ্টিটিউট৷ আনহাতে ফেচবুক, ডিক ডিভ'ছ আৰু ৱালটন ফেমিলি সংস্থাইও সংস্থাটোক ধন দিছে।[24]

পৰিষদৰ সদস্যসকল

[সম্পাদনা কৰক]
বিল মাহেৰৰ সৈতে ৰিয়েল টাইমত উপস্থিত থকা আই ডব্লিউ এফৰ অধ্যক্ষ হিদাৰ হিগিন্স (২০০৬)

পৰিষদৰ অধ্যক্ষসকল হৈছে ব্যৱসায়ী হিদাৰ হিগিন্স আৰু অন্যান্য সদস্য ইভন বয়চ, কেলিয়ান কনৱে (অস্থায়ী ছুটী), জিওভানা কুগনাস্কা, নান হেৱৰ্থ, লেৰী কুডল' আৰু এডেল মালপাছ।[25]সংস্থাটোৰ সঞ্চালক এমেৰিটাসকলৰ ভিতৰত আছে আমেৰিকাৰ প্ৰাক্তন দ্বিতীয় মহিলা লিন ভি চেনী, লেখিকা মিডজ ডেক্টাৰ, কিম্বাৰ্লি অ’ ডেনিছ, অৰ্থনীতিবিদ ৱেণ্ডী লি গ্ৰেম, এলিজাবেথ লুৰী, সাংবাদিক কেট অ’বেয়াৰ্নে, নেন্সি ফ’টেনহাউৰ, চেলি পাইপছ, মাইকেলন ৰাইট, ৰেণ্ডী ছিলবাৰমেন, আৰু লুইজ ভি অলিভাৰ।[25]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Members Give: Independent Women's Forum (GivingExpress Program)". guidestar.org. http://www.guidestar.org/PartnerReport.aspx?partner=amex&ein=54-1670627.
  2. ↑ Staff writer. "The Voices of the Independent Women's Forum". Independent Women's Forumiwf.org. Archived from the original on October 8, 2007. https://web.archive.org/web/20071008052224/http://www.iwf.org/experts/default.asp। আহৰণ কৰা হৈছে: March 23, 2024.
  3. ↑ "Organizational Profile: Independent Women's Forum". ProPublica. https://projects.propublica.org/nonprofits/display_990/541670627/download990pdf_09_2021_prefixes_52-64%2F541670627_202012_990_2021091018846662.
  4. ↑ Schreiber, Ronnee (2008). Righting Feminism: Conservative Women and American Politics. প্ৰকাশক Oxford New York: Oxford University Press. ISBN 9780195331813. https://archive.org/details/rightingfeminism0000schr. Publisher's details. Archived September 14, 2008, at the Wayback Machine
  5. ↑ See also:
  6. 1 2 Holley, Joe (February 21, 2007). "Rosalie Silberman; Created Independent Women's Forum". Washington Post. https://www.washingtonpost.com/wp-dyn/content/article/2007/02/20/AR2007022001458.html.
  7. ↑ Hoff Sommers, Christina (1995), "Women Under Siege", in Hoff Sommers, Christina, Who Stole Feminism?, প্ৰকাশক New York: Touchstone/Simon & Schuster, p. 22, ISBN 9780671794248.
  8. ↑ Chapin, Bernard (February 7, 2007). "Post Super Bowl Feminism". The American Spectator. Archived from the original on May 18, 2015. https://web.archive.org/web/20150518085133/http://spectator.org/articles/45830/post-super-bowl-feminism.
  9. ↑ Pozner, Jennifer (1997), "Female Anti-Feminism for Fame and Profit", in Cowan, Rich, Uncovering the Right on Campus: a Guide to Resisting Conservative Attacks on Equality and Social Justice, প্ৰকাশক Houston, TX Cambridge, MA: Center for Campus Organizing, ISBN 9780945210078. Excerpt. via Internet Archive
  10. ↑ "IWF Celebration Dinner and Woman of Valor Award". Independent Women's Forum. May 27, 2005. Archived from the original on August 28, 2008. https://web.archive.org/web/20080828194143/http://iwf.org/iwfmedia/show/18958.html। আহৰণ কৰা হৈছে: March 23, 2024.
  11. ↑ Spindel, Barbara (2003). "Conservatism as the "Sensible Middle": The Independent Women's Forum, Politics, and the Media". Social Text খণ্ড 21: 99. doi:10.1215/01642472-21-4_77-99.
  12. 1 2 "Independent Women; Independent Women's Forum Members speak out on their views of feminism vs. the traditional". 60 Minutes. August 11, 1996. http://www.lexisnexis.com/uk/nexis/results/docview/docview.do?docLinkInd=true&risb=21_T3788349597&format=GNBFI&sort=RELEVANCE&startDocNo=1&resultsUrlKey=29_T3788328552&cisb=22_T3788328551&treeMax=true&treeWidth=0&csi=166768&docNo=4.
  13. ↑ McVeigh, Karen (January 10, 2012). "Does the GOP have a problem with women?". The Guardian. https://www.theguardian.com/world/2012/jan/10/gop-women-problem.
  14. ↑ Schreiber, Ronnee (2011), "Pro-Women, Pro-Palin, Antifeminist: Conservative Women and Conservative Movement Politics", Crisis of Conservatism? The Republican Party, the Conservative Movement, & American Politics After Bush, প্ৰকাশক Oxford New York: Oxford University Press, pp. 134–135, ISBN 9780199764020.
  15. ↑ Rachel Maddow Show. MSNBC (Microsoft and NBC Universal). Archived from the original on August 6, 2009. Retrieved September 17, 2009. Unknown parameter |url-status= ignored (help)
  16. ↑ Kurokawa, Nicole (August 20, 2009). "IWF in the News: Battling Cancer Under Obamacare". Independent Women's Forum. Archived from the original on September 17, 2009. https://web.archive.org/web/20090917171749/http://www.iwf.org/iwfmedia/show/21946.html.
  17. ↑ "A False Appeal to Women's Fears". FactCheck.org. September 4, 2009. http://www.factcheck.org/2009/09/a-false-appeal-to-womens-fears/। আহৰণ কৰা হৈছে: February 4, 2013.
  18. ↑ "Project: Women in Iraq: The War in Iraq, The War Against Terrorism, and The Fight for Democratic Freedom". Independent Women's Forumiwf.org. Archived from the original on June 21, 2007. https://web.archive.org/web/20070621014646/http://www.iwf.org/iraq/default.asp। আহৰণ কৰা হৈছে: March 23, 2024.
  19. ↑ Lukas, Carrie; Noory, Lida (February 9, 2006). "Afghan Optimism". National Review Online. http://article.nationalreview.com/?q=N2ZiZTg0N2ZhYmUzN2Y1OGVlNTg4NTg3MjhjMDY0ZmQ=.
  20. ↑ Schreiber, Ronnee (2002). "Injecting a Woman's Voice: Conservative Women's Organizations, Gender Consciousness, and the Expression of Women's Policy Preferences" (en ভাষাত). Sex Roles খণ্ড 47 (7–8): 331–342. doi:10.1023/A:1021479030885. ISSN 0360-0025. https://archive.org/details/sim_sex-roles_2002-10_47_7-8/page/331.
  21. ↑ Greenberg, Zoe (January 20, 2015). "Major Conservative Women's Group Hides Anti-Choice Connections". RH Reality Check. http://rhrealitycheck.org/article/2015/01/20/major-conservative-womens-group-hides-anti-choice-connections/.
  22. ↑ Shipps, Joan (November 25, 2014). "Look Who's Funding This Top Conservative Women's Group". Inside Philanthropy. Archived from the original on April 14, 2015. https://web.archive.org/web/20150414210010/http://www.insidephilanthropy.com/girls-women-grants-funding/2014/11/25/look-whos-funding-this-top-conservative-womens-group.html.
  23. ↑ "John M. Olin Foundation". SourceWatch. http://www.sourcewatch.org/index.php/John_M._Olin_Foundation#Conservative_agenda। আহৰণ কৰা হৈছে: April 11, 2017.
  24. ↑ Koch-backed group fuels opposition to school mask mandates, leaked letter shows. The Washington Post, October 1, 2021.
  25. 1 2 "About Us". Independent Women's Forum. http://www.iwf.org/about। আহৰণ কৰা হৈছে: May 9, 2015.