সমললৈ যাওক

স্বৰ্গৰথ (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
স্বৰ্গৰথ
পৰিচালক ৰাজেশ ভূঞা
ৰচনা শান্তনু ৰৌমূৰীয়া, ৰাজেশ ভূঞা
প্ৰযোজক অক্ষতা নাৰায়ণ, সঞ্জীৱ নাৰায়ণ
অভিনয়ত সিদ্ধাৰ্থ শৰ্মা
কেনি বসুমতাৰী
কমল লোচন ডেকা
উদ্ভাৱন শইকীয়া
ৰিমঝিম ডেকা
বনি দেউৰী
মাধুৰিমা চৌধুৰী
চিত্ৰগ্ৰহণকাৰী প্ৰদীপ দৈমাৰী
সম্পাদনা প্ৰতিম খাউণ্ড
সংগীত পৰিচালক অনুৰাগ শইকীয়া, অংকুৰ জ্যোতি
মুক্তি
৭ জুন ২০২৪ (2024-06-07)
দৈৰ্ঘ্য
৯৫ মিনিট
দেশ ভাৰত
ভাষা অসমীয়া

স্বৰ্গৰথ (ইংৰাজী: Swargarath) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা ৰাজেশ ভূঞাৰ দ্বাৰা পৰিচালিত এখন হাস্যৰসধৰ্মী অসমীয়া চলচ্চিত্ৰ। ছবিখনত সিদ্ধাৰ্থ শৰ্মা, কেনি বসুমতাৰী, কমল লোচন ডেকা, উদ্ভাৱন শইকীয়া, বনি দেউৰীকে ধৰি ভালেসংখ্যক অভিনয়-শিল্পীয়ে অভিনয় কৰিছে৷ ছবিখনৰ কাহিনীকাৰ হৈছে শান্তনু ৰৌমূৰীয়া আৰু ৰাজেশ ভূঞা৷

২০২৪ চনত, ভাৰতীয় ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মূলসুঁতিৰ চিনেমা শাখাতো প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত হয় এই ছবিখন। সুখবৰটো উদযাপনৰ বাবে “স্বৰ্গৰাথ”, ২০২৪ চনৰ ২৯ নৱেম্বৰত, সমগ্ৰ অসমৰ ছবিগৃহত (গুৱাহাটী, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, মঙলদৈ, আৰু ধেমাজিত) পুনৰ মুক্তি লাভ কৰা হয়।[1]

যদিও দাবী কৰা হৈছিল যে “স্বৰ্গৰাথ” উত্তৰ-পূব ভাৰতৰ প্ৰথমখন চিনেমা যিয়ে আই এফ এফ আইৰ মূলসুঁতিৰ চিনেমা শাখাত আনুষ্ঠানিক বাছনি লাভ কৰিছিল, তথাপিও অঞ্চলটোৰ চলচ্চিত্ৰ সমালোচকসকলে আঙুলিয়াই দিছে যে প্ৰকৃততে ১৯৯৮ চনৰ অসমীয়া হিট ছবি অশোক কুমাৰ বিষয়াৰ “জৌবানে আমোনি কোৰে” হে আছিল উক্ত শিতানত অসম আৰু উত্তৰ-পূব ভাৰতৰ পৰা প্ৰথম বাছনি।[2][3][4]

'স্বৰ্গৰথ'ত শৱদেহ কঢ়িওৱা গাড়ীৰ চালক বৈকুণ্ঠ, ৩ জন কলেজীয়া ছাত্ৰ আৰু ২ জন আৰক্ষীৰ জীৱন-কাহিনী দেখুওৱা হৈছে৷ টকাভৰ্তি এটা বেগক কেন্দ্ৰ কৰিয়েই সমগ্ৰ কাহিনীটো গতিশীল হৈ থাকে৷ ছবিখনৰ বাৰ্তাটো হৈছে-নিজৰ ইচ্ছা পূৰণৰ বাবে মানুহে যি পথেই নলওক কিয়, শেষত তেওঁলোক বিধান অনুসৰিয়েই প্ৰাপ্যখিনি লাভ কৰে৷ [5]

কলা-কুশলী

[সম্পাদনা কৰক]

অভিনয়ত

[সম্পাদনা কৰক]
  • সিদ্ধাৰ্থ শৰ্মা, বৈকুণ্ঠৰ চৰিত্ৰত
  • কেনি বসুমতাৰী, ভাস্কৰৰ চৰিত্ৰত
  • কমল লোচন ডেকা, অভিজিতৰ চৰিত্ৰত
  • উদ্ভাৱন শইকীয়া, ঋষভৰ চৰিত্ৰত
  • ৰিমঝিম ডেকা, মিৰাৰ চৰিত্ৰত
  • পঞ্চী পাটোৱাৰী, উৰ্মিলাৰ চৰিত্ৰত
  • এলিচ শ্বেইখ, ৰিমকিৰ চৰিত্ৰত
  • মাধুৰিমা চৌধুৰী, লিপিকাৰ চৰিত্ৰত
  • আকিজ জামাদ, কুশলৰ চৰিত্ৰত
  • পংকজ মহন্ত, অমৰৰ চৰিত্ৰত
  • হিমাংশু গগৈ, জিতুলৰ চৰিত্ৰত
  • ৰিণ্টু বৰা, ৰাকেশৰ চৰিত্ৰত
  • বনি দেউৰী, ৰবিনছনৰ চৰিত্ৰত

কলা-কুশলী

[সম্পাদনা কৰক]
  • ষ্টিল ফটোগ্ৰাফী -অনুপ বৰুৱা
  • ৰূপযসজ্জা- আকো বথাৰা
  • গ্ৰাফিক্স-ৰাতুল ডেকা
  • সাজ-সজ্জা- ৰাজেশ ভূঞা, বৈশালী ভূঞা
  • কলা-নিৰ্দেশনা- জ্যোতি শংকৰ ভট্টাচাৰ্যাA
  • কৰিঅ'গ্ৰাফাৰ-দীপক দে
  • ধ্বনি-দেৱজিৎ চাংমাই, অমৃত প্ৰীতম [6]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]