সৰলা দেৱী চৌধুৰাণী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সৰলা দেৱী চৌধুৰাণী

সৰলা দেৱী চৌধুৰাণী
জন্ম সৰলা ঘোষাল
৯ ছেপ্টেম্বৰ, ১৮৭২
কলকাতা, বেংগল প্ৰেচিডেন্সি, ব্ৰিটিছ ভাৰত
মৃত্যু ১৮ আগষ্ট, ১৯৪৫ (৭২ বছৰ)
কলকাতা, ব্ৰিটিছ ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা শিক্ষাবিদ, ৰাজনৈতিক কৰ্মী
দাম্পত্যসঙ্গী ৰামভূজ দত্ত চৌধুৰী (বি. ১৯০৫; তেওঁৰ মৃত্যু ১৯২৩)
সন্তান দীপক (পুত্ৰ)
আত্মীয়-স্বজন স্বৰ্ণকুমাৰী দেৱী (মাতৃ)
জানকীনাথ ঘোষাল (পিতৃ)
ৰবীন্দ্ৰনাথ ঠাকুৰ (মামা)

সৰলা দেৱী চৌধুৰাণী (ইংৰাজী: Sarala Devi Chaudhurani, জন্ম: সৰলা ঘোষাল, ৯ ছেপ্টেম্বৰ ১৮৭২ – ১৮ আগষ্ট ১৯৪৫)[1] এগৰাকী ভাৰতীয় শিক্ষাবিদ আৰু ৰাজনৈতিক কৰ্মী আছিল। তেওঁ ১৯১০ চনত এলাহাবাদত ভাৰত স্ত্ৰী মহামণ্ডল প্ৰতিষ্ঠা কৰিছিল। এই সংগঠনটো ভাৰতৰ প্ৰথম মহিলা সংগঠন আছিল। ইয়াৰ প্ৰাথমিক লক্ষ্য আছিল স্ত্ৰী শিক্ষাৰ প্ৰচাৰ কৰা। সংগঠনটোৱে সমগ্ৰ ভাৰতত মহিলাৰ পৰিস্থিতি উন্নত কৰাৰ বাবে লাহোৰ, এলাহাবাদ, দিল্লী, কৰাচী, অমৃতসৰ, হায়দৰাবাদ, কানপুৰ, বাংকুৰা, হাজৰিবাগ, মিদনাপুৰ আৰু কলকাতাত কেইবাটাও কাৰ্যালয় মুকলি কৰিছিল।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৮৭২ চনৰ ৯ ছেপ্টেম্বৰত কলকাতাৰ জোড়াসাঁকোৰ এক প্ৰসিদ্ধ বঙালী বুদ্ধিজীৱী পৰিয়ালত সৰলাৰ জন্ম হৈছিল। তেওঁৰ দেউতাক জোনাকীনাথ ঘোষাল বেংগল কংগ্ৰেছৰ প্ৰথম সচিবসকলৰ ভিতৰত অন্যতম আছিল। তেওঁৰ মাতৃ স্বৰ্ণকুমাৰী দেৱী , এগৰাকী প্ৰখ্যাত লেখিকা, এগৰাকী বিশিষ্ট ব্ৰহ্ম নেতা আৰু কবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিতৃ দেৱেন্দ্ৰনাথ ঠাকুৰৰ কন্যা আছিল। তেওঁৰ ডাঙৰ ভগ্নী হিৰণ্যময়ী এগৰাকী লেখিকা আৰু 'বিধৱা ঘৰ'ৰ প্ৰতিষ্ঠাপক আছিল। সৰলা দেৱীৰ পৰিয়াল ব্ৰহ্মধৰ্মৰ অনুগামী আছিল। ব্ৰহ্মধৰ্ম ৰাম মোহন ৰায়ৰ দ্বাৰা প্ৰতিষ্ঠা কৰা ধৰ্ম আৰু পিছলৈ সৰলাৰ ককাদেউতা দেবেন্দ্ৰনাথ ঠাকুৰে ইয়াক বিকশিত কৰিছিল।[2]

সৰলা আৰু তেওঁৰ ভগ্নী হিৰণ্যময়ী দেৱী

১৮৯০ চনত তেওঁ বেথুন কলেজৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে। স্নাতক পৰীক্ষাত শীৰ্ষস্থান লাভ কৰা মহিলা প্ৰাৰ্থী হোৱাৰ বাবে তেওঁক মহাবিদ্যালয়ৰ প্ৰথম পদ্মাৱতী সোণৰ পদক[3] প্ৰদান কৰা হৈছিল।[2] ভাৰতীয় স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰা তেওঁৰ সময়ৰ কেইগৰাকীমান মহিলাৰ ভিতৰত তেওঁ অন্যতম এগৰাকী আছিল। বিভাজন বিৰোধী আন্দোলনৰ সময়ত তেওঁ পঞ্জাৱত জাতীয়তাবাদৰ সুসমাচাৰ প্ৰচাৰ কৰিছিল আৰু গোপন বিপ্লৱী সমাজ বজাই ৰাখিছিল।

কৰ্মজীৱন[সম্পাদনা কৰক]

শিক্ষা সম্পূৰ্ণ কৰাৰ পিছত সৰলাই মহীশূৰ ৰাজ্যলৈ যায় আৰু এগৰাকী শিক্ষয়িত্ৰী হিচাপে মহাৰাণী ছোৱালী বিদ্যালয়ত যোগদান কৰে। এবছৰ পিছত তেওঁ ঘৰলৈ উভতি আহে আৰু ভাৰতী নামৰ এখন বাংলা আলোচনীৰ বাবে লিখিবলৈ আৰম্ভ কৰে আৰু লগতে তেওঁৰ ৰাজনৈতিক কাৰ্যকলাপ আৰম্ভ কৰে।[4]

দেশপ্ৰেম প্ৰচাৰ আৰু আলোচনীখনৰ সাহিত্যিক মানদণ্ড উন্নত কৰাৰ লক্ষ্যৰে ১৮৯৫ চনৰ পৰা ১৮৯৯ চনলৈ তেওঁ নিজৰ মাক আৰু ভগ্নীৰ সৈতে যুটীয়াভাৱে[5] আৰু তাৰ পিছত ১৮৯৯ চনৰ পৰা ১৯০৭ চনলৈ অকলে ভাৰতী সম্পাদনা কৰিছিল। ১৯০৪ চনত তেওঁ মহিলাৰ দ্বাৰা উৎপাদিত স্থানীয় হস্তশিল্প জনপ্ৰিয় কৰিবলৈ কলকাতাত 'লক্ষ্মী ভাণ্ডাৰ' নামেৰে মহিলাৰ দোকান আৰম্ভ কৰিছিল। ১৯১০ চনত তেওঁ 'ভাৰত স্ত্ৰী মহামণ্ডল' নামেৰে সৰ্বভাৰতীয় মহিলা সংগঠন) প্ৰতিষ্ঠা কৰে।[2] এই সংগঠনক বহু ইতিহাসবিদে মহিলাৰ বাবে প্ৰথম সৰ্বভাৰতীয় সংগঠন হিচাপে গণ্য কৰে।[6] দেশজুৰি কেইবাটাও শাখা থকাৰ ফলত ই শ্ৰেণী, জাতি আৰু ধৰ্মৰ কথা বিবেচনা নকৰাকৈ মহিলাসকলৰ বাবে শিক্ষা আৰু বৃত্তিমূলক প্ৰশিক্ষণৰ প্ৰচাৰ কৰিছিল।[2]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯০৫ চনত পৰিয়ালৰ হেঁচাত সৰলা দেৱীয়ে এজন উকীল, সাংবাদিক, জাতীয়তাবাদী নেতা আৰু স্বামী দয়ানন্দ সৰস্বতীৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হিন্দু সংস্কাৰ আন্দোলন আৰ্য সমাজৰ অনুগামী ৰামভূজ দত্ত চৌধুৰীৰ (১৮৬৬-১৯২৩) বিবাহপাশত আৱদ্ধ হয়।[5][2]

বিয়াৰ পিছত তেওঁ পাঞ্জাৱলৈ গুচি যায়। তাত তেওঁ তেওঁৰ স্বামীক জাতীয়তাবাদী উৰ্দু সাপ্তাহিক হিন্দুঃস্থান সম্পাদনা কৰাত সহায় কৰিছিল। পিছলৈ এই পত্ৰিকাখনক ইংৰাজী সাময়িকীলৈ ৰূপান্তৰিত কৰা হৈছিল। যেতিয়া তেওঁৰ স্বামীক অসহযোগ আন্দোলনত জড়িত থকাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল, মহাত্মা গান্ধীয়ে অতিথি হিচাপে লাহোৰত থকা তেওঁৰ ঘৰলৈ গৈছিল। গান্ধী-সৰলাদেৱী তেওঁলোকৰ ঘনিষ্ঠতাৰ বাবে লাহোৰৰ এক আলোচনাৰ চৰ্চাত পৰিণত হৈছিল। গান্ধীয়ে তেওঁৰ কবিতা আৰু লিখনিবোৰ সঘনাই তেওঁৰ ভাষণত, আৰু ইয়ং ইণ্ডিয়া আৰু অন্যান্য আলোচনীত ব্যৱহাৰ কৰিছিল। তেওঁ গান্ধীৰ সৈতে সমগ্ৰ ভাৰতভ্ৰমণ কৰিছিল। তেওঁলোক পৃথক থাকোঁতে সঘনাই চিঠিবিনিময় কৰিছিল।[7] ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক সব্যসাচী বসু ৰায় চৌধুৰীৰ মতে, দুয়োজনৰ মাজৰ সম্পৰ্ক যদিও ঘনিষ্ঠ আছিল সেয়া পাৰস্পৰিক প্ৰশংসাৰ বাহিৰে আন একো নাছিল।[8] তেওঁৰ একমাত্ৰ পুত্ৰ দীপকে গান্ধীৰ নাতিনী ৰাধাক বিয়া কৰায়।[2]

পৰৱৰ্তী জীৱন[সম্পাদনা কৰক]

১৯২৩ চনত স্বামীৰ মৃত্যুৰ পিছত সৰলা দেৱী কলকাতালৈ উভতি আহে আৰু ১৯২৪ চনৰ পৰা ১৯২৬ চনলৈ ভাৰতীৰ বাবে পুনৰ সম্পাদনাৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁ ১৯৩০ চনত কলকাতাত 'শিক্ষা সদন' নামৰ এখন ছোৱালী বিদ্যালয় স্থাপন কৰিছিল। তেওঁ ১৯৩৫ চনত ৰাজহুৱা জীৱনৰ পৰা অৱসৰ লয় আৰু ধৰ্মত লিপ্ত হয় আৰু এগৰাকী গৌড়িয়া বৈষ্ণৱ বিজয় কৃষ্ণ গোস্বামীক তেওঁৰ আধ্যাত্মিক গুৰু হিচাপে গ্ৰহণ কৰে।[2] ১৯৪৫ চনৰ ১৮ আগষ্ট তাৰিখে কলকাতাত তেওঁৰ মৃত্যু হয়।[2]


তেওঁৰ আত্মজীৱনী জীৱনী 'জীৱনেৰ ঝাৰা পাতা' ১৯৪২-১৯৪৩ চনত তেওঁৰ জীৱনৰ শেষৰ সময়ছোৱাত 'দেশ' নামৰ এখন বাংলা সাহিত্য আলোচনীত ধাৰাবাহিকৰূপে প্ৰকাশিত হৈছিল। পিছলৈ ইয়াক শিকাতা বেনাৰ্জীয়ে দ্য স্কেটাৰড লিভছ অৱ মাই লাইফ (২০১১) হিচাপে ইংৰাজীলৈ অনুবাদ কৰে।[9][10]

লগতে পঢ়ক[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. Ray, Bharati (13 September 2012). "Sarala and Rokeya: Brief Biographical Sketches". Early Feminists of Colonial India: Sarala Devi Chaudhurani and Rokeya Sakhawat Hossain. Oxford University Press. পৃষ্ঠা. 2. ISBN 978-0-19-808381-8. http://www.oxfordscholarship.com/view/10.1093/acprof:oso/9780198083818.001.0001/acprof-9780198083818-chapter-1. (গ্ৰাহকভুক্তি প্ৰয়োজনীয়)
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 2.7 সাঁচ:Cite ODNB
  3. "Bethune College - Banglapedia". Banglapedia. http://en.banglapedia.org/index.php?title=Bethune_College। আহৰণ কৰা হৈছে: 13 October 2020. 
  4. Ghosh, Sutanuka (2010). "Expressing the Self in Bengali Women's Autobiographies in the Twentieth Century". South Asia Research খণ্ড 30 (2): 105–23. doi:10.1177/026272801003000201. PMID 20684082. (গ্ৰাহকভুক্তি প্ৰয়োজনীয়)
  5. 5.0 5.1 Neogi, Goutam (1985). "Bengali Women in Politics : The Early Phase (1857-1905)". Proceedings of the Indian History Congress (Indian History Congress) খণ্ড 46: 487. closed access publication – behind paywall
  6. Majumdar, Rochona (2002). ""Self-Sacrifice" versus "Self-Interest": A Non-Historicist Reading of the History of Women's Rights in India". Comparative Studies of South Asia, Africa and the Middle East (Duke University Press) খণ্ড 22 (1–2): 24. doi:10.1215/1089201X-22-1-2-20. https://muse.jhu.edu/article/191247. (গ্ৰাহকভুক্তি প্ৰয়োজনীয়)
  7. Kapoor, Pramod (13 October 2014). "When Gandhi Nearly Slipped". Outlook India. https://magazine.outlookindia.com/story/when-gandhi-nearly-slipped/292132. 
  8. "Sarala Devi: From Tagore's family, a leading light of the swadeshi movement" (en ভাষাত). The Indian Express. 8 March 2020. https://indianexpress.com/article/lifestyle/sarala-devi-tagore-family-swadeshi-movement-bengali-revolutionary-6302759/. 
  9. Mookerjea-Leonard, Debali (2017). Literature, Gender, and the Trauma of Partition: The Paradox of Independence. প্ৰকাশক New York: Taylor & Francis. পৃষ্ঠা. 188. ISBN 978-1-317-29389-7. https://books.google.com/books?id=L0AlDwAAQBAJ&pg=PA188. 
  10. McDermott, Rachel Fell; Gordon, Leonard; Embree, Ainslie et al., eds (2014). "Radical Politics and Cultural Criticism, 1880–1914: The Extremists". Sources of Indian Traditions: Modern India, Pakistan, and Bangladesh. Columbia University Press. পৃষ্ঠা. 283. ISBN 978-0-231-13830-7. https://www.degruyter.com/view/product/464294. (গ্ৰাহকভুক্তি প্ৰয়োজনীয়)

বাহ্যিক সংযোগ[সম্পাদনা কৰক]