হালধীয়া ফুটুকী মাইম
হালধীয়া ফুটুকী মাইম (Papilio clytia) | |
---|---|
![]() | |
Papilio clytia form dissimilis | |
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
জগৎ/ৰাজ্য: | Animalia |
পৰ্ব: | Arthropoda |
শ্ৰেণী: | Insecta |
বৰ্গ: | Lepidoptera |
পৰিয়াল: | Papilionidae |
গণ: | Papilio |
উপগণ: | Chilasa |
প্ৰজাতি: | Papilio clytia |
বৈজ্ঞানিক নাম | |
Papilio clytia Linnaeus, 1758 | |
সমাৰ্থক | |
|
হালধীয়া ফুটুকী মাইম (ইংৰাজী: Common Mime, বৈজ্ঞানিক নাম-Papilio clytia) দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত দেখা পোৱা এবিধ চাতকনেজীয়া পখিলা (Swallowtail butterfly)৷ এই প্ৰজাতিটোৱে অনুকৰণধৰ্মিতা (mimicry) দেখুৱায় বুলি জান যায়৷
বিৱৰণ[সম্পাদনা কৰক]
এই পখিলাবিধৰ মতা আৰু মাইকী উভয়ৰে পাখিৰ ওপৰৰ অংশ বেঙুণীয়া ক’লা বা কোমল মটিয়া বৰণৰ হয়৷ আগফালৰ পাখি (Forewing)ত এটা বগা দাগ থাকে৷ তেনেদৰে পিছফালৰ পাখি (Hindwing)তো ত্ৰিভুজাকাৰ এটা বগা দাগ থকা দেখা যায়৷ ইয়াৰ পাখিৰ তলৰ অংশ শেঁতা মটিয়া বা গাঢ় বেঙুণীয়া হ’ব পাৰে৷.[1] অৱশ্যে প্ৰকাৰভেদে ইয়াৰ দেহৰ বৰণো বেলেগ বেলেগ হ’ব পাৰে৷
বিস্তৃতি[সম্পাদনা কৰক]
এই পখিলাবিধ ভাৰতৰ হিমাচল প্ৰদেশৰ পৰা ছিক্কিম আৰু অসম পৰ্যন্ত বিস্তৃত হৈ আছে৷ তাৰোপৰি নেপাল, বাংলাদেশ, আন্দামান দ্বীপপূঞ্জ, শ্ৰীলংকা, থাইলেণ্ড,চীন, হংকং, ভিয়েটনাম, লাওছ, মালয়েছিয়া, ফিলিপাইনছ, ইন্দোনেছিয়া আদিত এই পখিলাবিধ দেখিবলৈ পোৱা যায়৷
বাসস্থান[সম্পাদনা কৰক]
হালধীয়া ফুটুকী মাইম পখিলাক পৰ্বতীয়া অঞ্চলৰ পখিলা বুলি গণ্য কৰা হয় যদিও ইয়াক সাগৰ পৃষ্ঠৰ পৰা কম উচ্চতাতো দেখিবলৈ পোৱা যায়৷ বাৰিষাৰ সময়ত ইয়াক বেছিকৈ দেখা যায়৷
আচৰণ[সম্পাদনা কৰক]
হালধীয়া ফুটুকী মাইম পখিলাৰ উৰাৰ ধৰণ খৰো নহয় বা বেছিল লেহেমো নহয়৷ ই গ্ৰিস্মকালত বোকাত পৰি খাদ্যৰ সন্ধান কৰে (mud-puddle)৷ এই পখিলাবিধে ঘাইকৈ ফুলৰ মৌ খাই জীয়াই থাকে৷
জীৱন-চক্ৰ[সম্পাদনা কৰক]
কণী[সম্পাদনা কৰক]
ঘুৰণীয়া, কমলা-হালধীয়া বৰণীয়া আৰু চিকচিকিয়া হয়৷
পলু[সম্পাদনা কৰক]
ইয়াৰ পলু গাঢ় মটিয়া বৰণীয়া হয়৷
পলুৱে বাস কৰা উদ্ভিদসমূহ[সম্পাদনা কৰক]
এই পখিলাৰ পলুৱে সাধাৰণতে Lauraceae পৰিয়ালৰ উদ্ভিদত বাস কৰে৷ ইয়াৰে কিছুমান উদভিদৰ প্ৰজাতি হ’ল-
- Alseodaphne semicarpifolia
- Cinnamomum camphora
- Cinnamonum macrocarpum
- Litsea chinensis
- Litsea deccansis
- Tetranthera apetala[1]
লেটা[সম্পাদনা কৰক]
এই পখিলাৰ লেটা দেখাত মৰি যোৱা ডালৰ দৰে৷
আলোকচিত্ৰ ভঁৰাল[সম্পাদনা কৰক]
-
Emergence
-
Pupa
-
Caterpillar
-
Caterpillar
-
An illustration from The Fauna of British India, Including Ceylon and Burma. Butterflies
-
Common mime form dissimilis
-
Common mime form clytia
-
Common mime form dissimilis, Upperside
-
Common mime form clytia, Upperside
তথ্যসুত্ৰ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 Bingham, C. T. (1907) The Fauna of British India, Including Ceylon and Burma. Butterflies. Vol 2
- Evans, W.H., (1932) The Identification of Indian Butterflies (2nd Ed), Bombay Natural History Society, Mumbai, India
- Gay, T., Kehimkar, I. & Punetha, J.C., (1992) Common Butterflies of India.WWF-India and Oxford University Press. Mumbai. India.
- Haribal, Meena (1992) The Butterflies of Sikkim Himalaya.Sikkim Nature Conservation Foundation, Gangtok
- Kunte, Krushnamegh (2000) Butterflies of Peninsular India. Universities Press, Hyderabad. ISBN 81-7371-354-5
- Wynter-Blyth, M.A., (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.