হুমায়ুন কবীৰ
হুমায়ুন কবীৰ | |
---|---|
ভাৰতৰ শিক্ষামন্ত্ৰী | |
কাৰ্যকাল ১ ছেপ্তেম্বৰ ১৯৬৩ – ২১ নৱেম্বৰ, ১৯৬৩ | |
প্ৰধানমন্ত্ৰী | জৱাহৰলাল নেহৰু |
পূৰ্বসূৰী | কে এল শ্ৰীমালি |
উত্তৰসূৰী | এম চি চাংলা |
ব্যক্তিগত তথ্য | |
জন্ম | ২২ ফেব্ৰুৱাৰী, ১৯০৬ Komarpur, Bengal, British India |
মৃত্যু | ১৮ আগষ্ট, ১৯৬৯ (৬৩ বছৰ) কলকাতা, পশ্চিমবংগ, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
শিক্ষানুষ্ঠান | কলকাতা প্ৰেছিডেন্সী বিশ্ববিদ্যালয়, কলকাতা বিশ্ববিদ্যালয়, এক্সেটাৰ কলেজ, অক্সফোৰ্ড |
হুমায়ুন কবীৰ(ইংৰাজী: Humayun Kabir, ১৯০৬-১৯৬৯) এজন ভাৰতীয় শিক্ষাবিদ আৰু ৰাজনীতিবিদ। তেওঁ বাংলা-ভাষাৰ কবি, নিবন্ধকাৰ আৰু ঔপন্যাসিকো আছিল। তেওঁ আছিল এজন নামথকা ৰাজনৈতিক চিন্তাবিদ। অক্সফৰ্ডৰ এক্সেটাৰ কলেজত শিক্ষা গ্ৰহণ কৰি ১৯৩১ চনত স্নাতক ডিগ্ৰী লাভ কৰা কবীৰ ছাত্ৰাৱস্থাতে অক্সফৰ্ড ইউনিয়নৰ সৈতে যথেষ্ট জড়িত আছিল, ১৯৩০ চনত সম্পাদক আৰু ১৯৩১ চনত লাইব্ৰেৰিয়ান নিৰ্বাচিত হৈছিল। ‘এই সদনে মহামহিম চৰকাৰৰ ভাৰতীয় নীতিক গৰিহণা দিয়ে’- এই প্ৰস্তাৱৰ ওপৰত তেওঁ বিদায়ী ভাষণ দিয়ে। কবীৰ ছাত্ৰ বাতৰি কাকত আইছিছ আৰু চেৰৱেল আৰু অক্সফৰ্ড মাজলিছৰ আলোচনী ভাৰতৰ সৈতেও জড়িত আছিল। ভাৰতলৈ উভতি অহাৰ পিছতেই কবীৰে কেইবাখনো বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। ট্ৰেড ইউনিয়নৰ ৰাজনীতিতো জড়িত হৈ ১৯৩৭ চনত বংগ বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৪৭ চনৰ পিছত শিক্ষামন্ত্ৰীকে ধৰি কেইবাটাও চৰকাৰী পদ গ্ৰহণ কৰে।
১৯৩২ চনত অক্সফৰ্ডত কবীৰে কবিতাৰ পুথি প্ৰকাশ কৰিছিল আৰু ভাৰতলৈ উভতি অহাৰ পিছতো তেওঁ কবিতা, চুটিগল্প আৰু উপন্যাস ৰচনা কৰি আছিল। তেওঁ প্ৰবন্ধও লিখিছিল আৰু এজন সুসন্মানিত বক্তা আছিল। ১৯৬৯ চনত কলকাতাত তেওঁৰ মৃত্যু হয়।[1]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]কবীৰৰ জন্ম হৈছিল ১৯০৬ চনৰ ২২ ফেব্ৰুৱাৰীত ব্ৰিটিছ ভাৰতৰ বংগ প্ৰভিন্সৰ কোমাৰপুৰত। তেওঁৰ পিতৃ খান বাহাদুৰ খবিৰুদ্দিন আহমেদ বংগৰ ডেপুটি মেজিষ্ট্ৰেট আছিল। ১৯২২ চনত নাওগাঁও কে ডি চৰকাৰী হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত ষ্টাৰ নম্বৰ লৈ তেওঁ প্ৰথম স্থান লাভ কৰিছিল। কলিকতাৰ প্ৰেচিডেন্সি কলেজত ইংৰাজীত ইণ্টাৰমিডিয়েট ইন আৰ্টছ (আই.এ.) প্ৰথম শ্ৰেণীৰ তৃতীয় আৰু কলিকতা বিশ্ববিদ্যালয়ত বি.এ. (অনাৰ্ছ) আৰু ইংৰাজীত এম.এ.। তেওঁ অক্সফৰ্ডৰ এক্সেটাৰ কলেজলৈ বৃত্তি লাভ কৰে আৰু ১৯৩১ চনত তেওঁ 'মডাৰ্ণ গ্ৰেটছ' অৰ্থাৎ দৰ্শন, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতিত প্ৰথম শ্ৰেণীৰ ডিগ্ৰী সম্পূৰ্ণ কৰে।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]১৯৩২ চনত সৰ্বেপল্লী ৰাধাকৃষ্ণনে তেওঁক নতুনকৈ প্ৰতিষ্ঠা হোৱা অন্ধ্ৰ বিশ্ববিদ্যালয়ত প্ৰবক্তা হিচাপে যোগদান কৰিবলৈ আমন্ত্ৰণ জনায়। পিছলৈ তেওঁ যুটীয়া শিক্ষা উপদেষ্টা, শিক্ষা সচিব আৰু তাৰ পিছত দিল্লীত বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ হৈছিল। জৱাহৰলাল নেহৰু আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ প্ৰধানমন্ত্ৰী পদত থকা সময়ত তেওঁ অসামৰিক বিমান পৰিবহণৰ ৰাজ্যিক মন্ত্ৰী, ভাৰতৰ শিক্ষামন্ত্ৰী হিচাপে দুবাৰকৈ কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ বৈজ্ঞানিক গৱেষণা আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰীও আছিল। ১৯৬৫ চনত ইন্দিৰা গান্ধীয়ে তেওঁক মাদ্ৰাজৰ গৱৰ্ণৰ পদৰ প্ৰস্তাৱ দিছিল, যিটো তেওঁ নাকচ কৰিছিল। ১৯৫৬ চনৰ পৰা ১৯৬২ চনলৈকে তেওঁ ৰাজ্যসভাৰ সদস্য আৰু ১৯৬২ চনৰ পৰা ১৯৬৯ চনলৈকে পশ্চিম বংগৰ বাছিৰহাট সমষ্টিক প্ৰতিনিধিত্ব কৰি লোকসভাৰ সদস্য আছিল।[2]
মৌলানা আব্দুল কালাম আজাদৰ জীৱনী ‘ইণ্ডিয়া উইন্স ফ্ৰিডম’ৰ সম্পাদক আছিল কবীৰ। আজাদে তেওঁৰ জীৱনীখন তেওঁক উৰ্দু ভাষাত ডিক্টেট কৰিছিল, যিখন কবীৰে ইংৰাজীলৈ অনুবাদ কৰিছিল। ১৯৫০ চনত ইউনেস্কোৰ দ্য ৰেচ কুৱেচন শীৰ্ষক বিবৃতিৰ সহ-খচৰা প্ৰস্তুত কৰাসকলৰ ভিতৰত তেওঁ অন্যতম আছিল।[2]
১৯৬৭ চনৰ ৯ এপ্ৰিলত কবীৰে দিল্লীত অকংগ্ৰেছী ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু অন্যান্য গুৰুত্বপূৰ্ণ নেতাৰ এখন বৈঠকৰ আয়োজন কৰে। এই বৈঠকত মহামায়া প্ৰসাদ সিনহাক প্ৰথম অধ্যক্ষ হিচাপে লৈ ভাৰতীয় ক্ৰান্তি দল গঠন কৰা হয়।[3]
পৰিয়াল
[সম্পাদনা কৰক]তেওঁৰ কন্যা লেইলা কবীৰ ভাৰতীয় ৰাজনীতিবিদ জৰ্জ ফাৰ্নাণ্ডেজৰ বিধৱা পত্নী। তেওঁৰ কনিষ্ঠ ভাতৃ জাহাংগীৰ কবীৰ ভাৰতৰ পশ্চিম বংগৰ ৰাজনীতিবিদ আছিল।[2] তেওঁৰ ভতিজা আলতামাছ কবীৰ ভাৰতৰ ৩৯ সংখ্যক মুখ্য ন্যায়াধীশ আৰু ভতিজী শুক্লা কবীৰ সিনহা কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল।
গ্ৰন্থতালিকা
[সম্পাদনা কৰক]তেওঁ ৰচনা কৰা কিতাপৰ তালিকা:
- ইমানুৱেল কান্ট (১৯৩৬)
- শৰৎ সাহিত্যৰ মূলতত্ত্ব (শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ সাহিত্যৰ মূল তত্ত্ব) (১৯৪২)
- বাংলাৰ কাব্য (বংগৰ কবিতা) (১৯৪৫)
- মাৰ্ক্সবাদ (১৯৫১)
- মিৰ্জা আবু তালিব খান (১৯৬১)
- কবিতা, মনাড আৰু সমাজ (১৯৪১)
- বংগত মুছলমান ৰাজনীতি (১৯৪৩)
- ৰবীন্দ্ৰনাথ ঠাকুৰ (১৯৪৫)
- পুৰুষ আৰু নদী
- ভাৰতীয় সংস্কৃতিৰ ঐক্য
- স্বপ্নাসধ
- সতী
- অষ্টদশী
- নদী ও নাৰী
মৃত্যু
[সম্পাদনা কৰক]হুমায়ুন কবীৰে জীৱনৰ কিছু অংশ ওড়িশাৰ বেৰহামপুৰ চহৰৰ সমীপৰ গোপালপুৰ-অন-ছিতো আছিল। জৰুৰীকালীন ঘোষণাৰ ঠিক আগতেই জৰ্জ ফাৰ্নাণ্ডেজ বেৰহামপুৰ চহৰৰ সমীপৰ একেটা গোপালপুৰ-অন-ছি বিচ হাউচত থকা শহুৰেক হুমায়ুন কবীৰৰ ঘৰত থাকিছিল। ফাৰ্নাণ্ডেজৰ নামত ৱাৰেণ্ট জাৰি কৰা হয় আৰু তাৰ পিছত তেওঁ গ্ৰেপ্তাৰ আৰু বিচাৰৰ পৰা হাত সাৰিবলৈ আত্মগোপন কৰি এই ঘৰতে লুকাই থাকে। কিন্তু ১৯৬৯ চনৰ ১৮ আগষ্টত ভাৰতৰ পশ্চিম বংগৰ কলকাতাত হুমায়ুন কবীৰৰ মৃত্যু হয়।[2]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "Humayun Kabir | Making Britain". www.open.ac.uk. http://www.open.ac.uk/researchprojects/makingbritain/content/humayun-kabir.
- ↑ 2.0 2.1 2.2 2.3 2.4 "Kabir, Humayun" (en ভাষাত). Banglapedia. http://en.banglapedia.org/index.php?title=Kabir,_Humayun। আহৰণ কৰা হৈছে: 2017-09-27.
- ↑ Brass, Paul R. (2014) (en ভাষাত). An Indian Political Life: Charan Singh and Congress Politics, 1967 to 1987 - Vol.3 (The Politics of Northern India). Sage India. পৃষ্ঠা. 37. ISBN 978-9351500322.