হৰসিদ্ধি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজপিপলাৰ হৰসিদ্ধি দেৱীৰ মূৰ্ত্তি।

দুৰ্গাৰ অন্যতম দিশ হৰসিদ্ধি হৈছে এক আঞ্চলিক হিন্দু দেৱী। ভাৰতমহাৰাষ্ট্ৰ তথা গুজৰাট, মধ্য প্ৰদেশত এইগৰাকী দেৱী জনপ্ৰিয়।

নামসমূহ[সম্পাদনা কৰক]

হৰসিদ্ধি নামটো "হৰ্ষদ অম্বা" - সুখী মাতৃৰ এক চমু ৰূপ। দেৱীৰ এই স্বৰূপটো, অম্বা আৰু কালিকা দেৱীৰ এটা দিশ বুলি গণ্য কৰা হয়। তেওঁক হৰ্ষল, হৰ্ষদ, হৰ্ষত, হৰসিদ্ধ ভবাণী আদি নামেৰেও জনা যায়।[1]

কুলদেৱী[সম্পাদনা কৰক]

তেওঁক বহুতো ক্ষত্ৰিয়, ব্ৰাহ্মণ, ৰাজপুত আৰু বৈশ্য সম্প্ৰদায়ৰ লোকে নিজৰ কুলদেৱী হিচাপে উপাসনা কৰে। লোহানা সকলৰ চন্দৰানা গোত্ৰ, ব্ৰহ্মক্ষত্ৰিয়, গুৰ্জাৰৰ হৰসনা গোত্ৰ, বহুতো জৈন জাতিৰ লগতে পঞ্চৰিয়াৰ দৰে ব্ৰাহ্মণ আৰু আন বহুতো সম্প্ৰদায়ে তেওঁক তেওঁলোকৰ কুলদেৱী হিচাপে উপাসনা কৰে। তেওঁক মাছমৰীয়া আৰু অন্যান্য সাগৰীয় উপত্যকাত বসবাস কৰা জনজাতি আৰু গুজৰাটৰ লোকসকলে ধৰ্মীয়ভাৱে উপাসনা কৰে। এই গৰাকী দেৱীক সাগৰত জাহাজৰ ৰক্ষক বুলি গণ্য কৰা হয়।

হৰসিদ্ধি মন্দিৰ আৰু বিশ্বাস[সম্পাদনা কৰক]

হৰসিদ্ধি মাতা মন্দিৰ দ্বাৰকালৈ যোৱাৰ পথত পোৰবন্দৰৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰৈৰ গান্ধৱী গাঁৱত অৱস্থিত হৰ্ষল মাতা মন্দিৰ বুলিও জনা যায়। মূল মন্দিৰটো মূলতঃ সাগৰৰ ফালে থকা এটা পাহাৰৰ ওপৰত অৱস্থিত আছিল। কোৱা হয় যে কৃষ্ণই তেওঁৰ জীৱনকালত এইগৰাকী দেৱীক উপাসনা কৰিছিল আৰু তেতিয়াৰ পৰাই কয়লা ডুংগৰ নামৰ পাহাৰৰ ওপৰেতে এইগৰাকী দেৱীয়ে বাছ কৰি আহিছে বুলি বিশ্বাস প্ৰচলিত। পাহাৰৰ ওপৰৰ মূল মন্দিৰটো কৃষ্ণই নিজেই নিৰ্মাণ কৰিছিল বুলি কোৱা হয়। কৃষ্ণই অসুৰ সকল আৰু জৰাসন্ধক পৰাজিত কৰিব বিচাৰিছিল সেয়েহে তেওঁ ক্ষমতাৰ বাবে অম্বা মাতাৰ ওচৰত প্ৰাৰ্থনা কৰিছিল। দেৱীৰ আশীৰ্বাদত কৃষ্ণই অসুৰসকলক পৰাজিত কৰিবলৈ সক্ষম হৈছিল। এই সফলতাৰ পিছত, তেওঁ মন্দিৰটো নিৰ্মাণ কৰিছিল। যেতিয়া জৰাসন্ধক হত্যা কৰা হৈছিল, যাদৱ কুলৰ সকলো অতি আনন্দিত হৈছিল আৰু তেওঁলোকে ইয়াত তেওঁলোকৰ সফলতাৰ বাবে উল্লাস প্ৰদৰ্শন কৰিছিল। সেয়েহে হৰ্ষদ মাতা বা হৰসিদ্ধি মাতা নামটো প্ৰচলিত বুলি বিশ্বাস কৰা হয়। তেতিয়াৰ পৰা তেওঁক জাদেজাৰ (যাদৱ) কুলদেৱী হিচাপে উপাসনা কৰা হৈছে।[2][3][4][5][6][1]

আন এটা বিখ্যাত মন্দিৰ উজ্জয়িনীত অৱস্থিত, আৰু এই মন্দিৰটো বিখ্যাত ৰজা বিক্ৰমাদিত্যই নিৰ্মাণ কৰাইছিল বুলি কোৱা হয়। কোৱা হয় যে বিক্ৰমাদিত্যই মিয়ানিৰ কয়লা ডুংগৰ ভ্ৰমণ কৰিছিল, যাক তেতিয়া মিনালপুৰ বুলি জনা গৈছিল, আৰু এইখন চাওদা ৰাজবংশৰ প্ৰভাতসেন চাওদাৰ দ্বাৰা শাসিত এখন বন্দৰ চহৰ। বিক্ৰমাদিত্যই হৰসিদ্ধি মাতাৰ মূৰ্ত্তি উজ্জয়িনীত থকা তেওঁৰ ৰাজ্যত প্ৰতিষ্ঠা কৰিছিল আৰু দেৱীক দৈনিক উপাসনা কৰিছিল।[6][1] এইগৰাকী দেৱীক বাহনৱতী মাতা বুলিও জনা যায়।

আৰু এটা বিখ্যাত মন্দিৰ ৰাজপিপলাত অৱস্থিত, য'ত তেওঁক পূৰ্বৰ ৰাজপিপলা ৰাজ্যৰ দ্বাৰা কুলদেৱী হিচাপে উপাসনা কৰা হৈছিল আৰু তেওঁৰ মূৰ্তিটো উজ্জয়িনীৰ পৰা লৈ অহা হৈছিল আহিছিল।[7][8]

চিত্ৰ বিথিকা[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "શ્રી હરસિદ્ધિ માતા મંદિર નો ઇતિહાસ" (gu ভাষাত). Share in India. 16 July 2017. https://shareinindia.in/history-of-harsidhdhi-mata-temple/। আহৰণ কৰা হৈছে: 15 September 2017. 
  2. "Archived copy". Archived from the original on 2011-03-18. https://web.archive.org/web/20110318083250/http://www.dwarkaonline.co.in/attraction.php। আহৰণ কৰা হৈছে: 2011-06-01. 
  3. Harsidhi Maa, Miyani
  4. [1]
  5. "আৰ্কাইভ কপি". Archived from the original on 2012-03-24. https://web.archive.org/web/20120324055006/http://www.theweatherinindia.com/photos/Gujarat/Miy%C4%81ni। আহৰণ কৰা হৈছে: 2021-09-18. 
  6. 6.0 6.1 "Dwarka of Lord Krishna". http://www.jamnagar.org/dwarka.htm. 
  7. "Rajpipla". Archived from the original on 2011-08-18. https://web.archive.org/web/20110818210515/http://jaymaaharsiddhi.org/english/history.html। আহৰণ কৰা হৈছে: 2021-09-18. 
  8. "Further, Rajpipla State in Gujarat was also founded by the Parmar Rajputs, descendants of Vikramaditya of Ujjain. They are believed to have brought idols of Harsidhhi Mata from Ujjain and worship her as their Kuldevi.". Archived from the original on 2011-05-19. https://web.archive.org/web/20110519214352/http://paramara.co.tv/। আহৰণ কৰা হৈছে: 2021-09-18.