ৰংদা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰংদা

বালিৰ বৰোং নৃত্য নাটিকাত ৰংদা
দেশ ইণ্ডোনেছিয়া
স্থান বালি

বালিৰ পৰম্পৰাগত পৌৰাণিক কাহিনী অনুসৰি বালিৰ লেয়াকসকলৰ দানৱ ৰাণী ৰংদা। দেখাত ভয়ংকৰ, শিশু খোৱা ৰংদাই সজ শক্তিৰ নেতা — বৰঙৰ বিৰুদ্ধে দুষ্ট ডাইনীৰ সৈন্যবাহিনীক নেতৃত্ব দিয়ে। বৰোং আৰু ৰংদাৰ মাজৰ যুদ্ধখন বৰোং নৃত্যত দেখা যায়, যিয়ে ভাল আৰু বেয়াৰ মাজৰ চিৰন্তন যুঁজক প্ৰতিনিধিত্ব কৰে।[1]

ৰংদা পুৰণি জাভানীজ ভাষাত এটা শব্দ, যাৰ অৰ্থ "বিধৱা"।

বৰ্ণনা[সম্পাদনা কৰক]

পৌৰাণিক বৰোং নৃত্যত ৰংদাৰ চিত্ৰণ

বালিন সংস্কৃতিত ৰংদা গুৰুত্বপূৰ্ণ আৰু বৰোং বা এয়াৰলাংগাৰ সৈতে তেওঁৰ সংগ্ৰামক চিত্ৰিত কৰা পৰিৱেশ্য কলাসমূহ পৰ্যটনৰ জনপ্ৰিয় আকৰ্ষণৰ লগতে ই পৰম্পৰাও। দীঘল আৰু অলংকৃত চুলি, ওলমি থকা স্তন আৰু নখৰ সৈতে তেওঁক বেছিভাগতেই নগ্ন বৃদ্ধা হিচাপে চিত্ৰিত কৰা হৈছে। তাইৰ মুখখন পৰম্পৰাগতভাৱে ভয়ংকৰ দাঁতযুক্ত আৰু গোল গোল চকু আৰু মুখত লকলককৈ ওলাই থকা জিভা।

ইতিহাস[সম্পাদনা কৰক]

বালি এটি হিন্দু দ্বীপ আৰু ৰংদা হিন্দুৰ দেৱী দুৰ্গাৰ সৈতেও ঘনিষ্ঠ সম্পৰ্ক থাকিব পাৰে বুলি ধাৰণা কৰা হয়।[2] হিন্দু ধৰ্মৰ ধ্বংস, ৰূপান্তৰ আৰু সুৰক্ষাৰ দেৱী কালীৰ সৈতেও তেওঁৰ সাদৃশ্য থকা বুলি গণ্য কৰা হয়।

কিছুমান ক্ষেত্ৰত ৰংদা দুৰ্গা (বা কালী)ৰ সৈতে মিল থকা হ’লেও উত্তৰ-পূব ভাৰতত বিশেষকৈ অসম আৰু ত্ৰিপুৰাত উৰ্বৰতা আৰু ধ্বংসৰ উপকাৰী মাতৃ দেৱী হিচাপে দেখা দুৰ্গাৰ দৰে নহয়, তেওঁক বহুতে অশুভৰ প্ৰতিমূৰ্তি হিচাপে বেছিভাগ গণ্য কৰে৷[3] ৰংদা কেলন আৰাঙৰ কিংবদন্তিৰ সৈতেও জড়িত আছিল আৰু লগতে বিবাহ বিচ্ছেদ আৰু নিৰ্বাসিত জাভাৰ ৰাণী মহেন্দ্ৰদত্তৰ কিংবদন্তিৰ সৈতেও জড়িত আছিল। পুৰণি জাভা আৰু বালি ভাষাত ৰংদা শব্দৰ অৰ্থ হৈছে "বিধৱা"।

কেলন আৰাং[সম্পাদনা কৰক]

দশম শতিকাৰ শেষৰ ফালে এয়াৰলাংগাৰ ৰাজত্বকালত প্ৰাচীন জাভাত বিধ্বংসী ৰূপ ধাৰণ কৰা কিংবদন্তি ডাইনী কেলন আৰঙৰ অৱতাৰ হিচাপে ৰংদাক লেয়াক ৰাণী হিচাপে জনা যায়। কোৱা হয় যে, কেলন আৰাং এগৰাকী বিধৱা আছিল, যিয়ে ক’লা যাদুৰ কলা আয়ত্ত কৰিছিল আৰু যিয়ে প্ৰায়ে কৃষকৰ শস্যৰ ক্ষতি কৰিছিল আৰু ৰোগৰ সৃষ্টি কৰিছিল। তেওঁৰ ৰত্ন মংগালী নামেৰে এগৰাকী কন্যা সন্তান আছিল, যিগৰাকী ধুনীয়া হ’লেও মাকক মানুহে ভয় কৰা বাবেই স্বামী লাভ কৰিব পৰা নাছিল। কন্যাই সম্মুখীন হোৱা অসুবিধাৰ বাবে কেলন আৰাঙৰ খং উঠিছিল আৰু এগৰাকী কণমানি ছোৱালীক প্ৰতিশোধ লোৱাৰ উদ্দেশ্য অপহৰণ কৰিছিল। তাই ছোৱালীজনীক মৃত্যুৰ মন্দিৰলৈ লৈ আহিছিল দুৰ্গা দেৱীৰ ওচৰত বলি দিবলৈ। পিছদিনা এক প্ৰচণ্ড বানপানীয়ে গাঁওখন আগুৰি ধৰিলে আৰু বহু লোকৰ মৃত্যু হয়। ৰোগৰো আবিৰ্ভাৱ হ’ল।

এই কথা শুনা ৰজা এয়াৰলাংগাই তেতিয়া এই সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁৰ পৰামৰ্শদাতা এম্পু ভৰদাক বিচাৰিলে। ইয়াৰ পিছত এম্পু ভৰদাই তেওঁৰ শিষ্য এম্পু বহুলাক ৰত্নৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ পঠিয়াই দিলে। দুয়োৰে বিয়া হৈছিল, সাত দিন সাত ৰাতিৰ বিশাল ভোজৰ সৈতে আৰু পৰিস্থিতি স্বাভাৱিকলৈ ঘূৰি আহিছিল। কেলন আৰঙৰ এখন কিতাপ আছিল, য’ত আছিল যাদুকৰী মন্ত্ৰ। এদিন এম্পু বাহুলাই এই গ্ৰন্থখন পাই এম্পু ভৰদাক গতাই দিলে। কেলন আৰাঙে কিতাপখন চুৰি হোৱা বুলি গম পোৱাৰ লগে লগে তাইৰ খং উঠিল আৰু এম্পু ভৰদাৰ লগত যুঁজিবলৈ সিদ্ধান্ত ল’লে। দুৰ্গাৰ সহায় অবিহনে কেলন আৰাং পৰাজিত হয়। যিহেতু তাই পৰাজিত হৈছিল, কেলন আৰঙৰ ক’লা যাদুৰ ভাবুকিৰ পৰা গাঁওখন সুৰক্ষিত আছিল।

আন আন ব্যাখ্যাত দাবী কৰা হৈছে যে, ৰংদা ঐতিহাসিক একাদশ শতিকাৰ ৰাণী মহেন্দ্ৰদত্ত বা মাতৰাম ৰাজ্য যুগৰ শেষৰ ফালে পূব জাভানী ঈশানা বংশৰ ধৰ্মৱাংছাৰ এগৰাকী জাভাৰ ৰাজকুমাৰী ভগ্নী গুণপ্ৰিয়াধৰ্মপত্নীৰ পৰা উদ্ভৱ হোৱা বুলি দাবী কৰে। বালিৰ ৰজা উদয়নাৰ পত্নী আৰু এয়াৰলাংগাৰ মাতৃ আছিল। মহেন্দ্ৰদত্ত বালিৰ দুৰ্গা পূজাৰ প্ৰতি ভক্তিৰ বাবে পৰিচিত।

কাহিনীটোত কোৱা হৈছে যে, এয়াৰলাংগাৰ মাতৃ মহেন্দ্ৰদত্তক ডাইনী আৰু ক’লা যাদু কৰা বুলি ৰজা উদয়নাই নিন্দা কৰি নিৰ্বাসিত কৰিছিল। বিধৱা হোৱাৰ পিছত আঘাতপ্ৰাপ্ত আৰু অপমানিত হোৱাৰ পিছত প্ৰাক্তন স্বামীৰ দৰবাৰ আৰু সমগ্ৰ ৰাজ্যৰ পৰা প্ৰতিশোধ বিচাৰিছিল। তাই জংঘলৰ সকলো দুষ্ট আত্মা, লেয়াক আৰু ৰাজ্যত মহামাৰী আৰু মৃত্যুৰ সৃষ্টি কৰা দানৱবোৰক মাতি আনিলে। এগৰাকী পৱিত্ৰ লোকে আহি দমন কৰালৈকে তেওঁ আৰু ধৰ্মোদয়নৰ পুত্ৰ আয়াৰলাংগাৰ আধা ৰাজ্য মহামাৰীৰে শেষ কৰি প্ৰতিশোধ ল'বলৈ আগবাঢ়ি যায় আৰু জয়ী হয়।[1]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 indo.com (2001). "The Barong Dance of Bali". indo.com. http://www.indo.com/culture/barong.html। আহৰণ কৰা হৈছে: 2012-01-17. 
  2. "ৰংদা". https://www.jstor.org/stable/1178726?origin=crossref। আহৰণ কৰা হৈছে: 13 March 2024. 
  3. {Journey of a goddess|cite url=https://researchers.cdu.edu.au/en/studentTheses/the-journey-of-a-goddess%7C}[সংযোগবিহীন উৎস]