ৰমণ প্ৰভাৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search


ৰমণ প্ৰভাৱ বা ৰমণ বিক্ষেপণ (ইংৰাজী: Raman effect বা Raman scattering) হৈছে ফ'টন (Photon) কণাসমূহৰ অস্থিতিস্থাপক বিকিৰণ। ১৯২৮ চনত চি ভি ৰমণ আৰু তেওঁৰ ছাত্ৰ কে এছ কৃষ্ণণে তৰল পদাৰ্থত "ৰমণ প্ৰভাৱ" আৱিষ্কাৰ কৰিছিল।[1] চি ভি ৰমণৰ নামেৰে নামকৰণ কৰা এই পৰিঘটনাটো ১৯২৩ চনত আডল্ফ স্মেকালে তাত্ত্বিকভাৱে পূৰ্বানুমান কৰিছিল।[2]

ৰমন প্ৰভাৱ অনুুসৰি পোহৰ কোনো পাৰদৰ্শী মাধ্যমেৰে পাৰ হ'লে ইয়াৰ প্ৰকৃতি তথা স্বভাৱ সলনি হয়। যেতিয়া ফ'টন কণাসমূহ বিক্ষিপ্ত হয়, তেতিয়া সৰহ সংখ্যক ফ'টন অস্থিতিস্থাপকভাৱে এনেদৰে বিক্ষিপ্ত হয় যে বিক্ষিপ্ত কণাসমূহৰ শক্তি (তৰংগ দৈঘ্য আৰু কম্পনাংক) আপতিত ফ'টন কণাৰ সৈতে সমান হয়। আপতিত ফ'টন কণাৰ কম্পনাংকতকৈ বিক্ষিপ্ত ফ'টন কণাৰ কম্পনাংক বেছি হ'লে অল্প সংখ্যক ফ'টন কণা পুনৰ বিক্ষিপ্ত হয়। গেছৰ ক্ষেত্ৰত শক্তিস্তৰৰ পৰিৱৰ্তনৰ লগে লগেই আণৱিক শক্তিৰো পৰিবৰ্তন ঘটে। ইয়াৰ দৃশ্যমানতা বিক্ষিপ্ত অণু সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Raman, C. V. (1928). "A new radiation". Indian J. Phys. খণ্ড 2: 387–398. 
  2. Smekal, A. (1923). "Zur Quantentheorie der Dispersion". Naturwissenschaften খণ্ড 11 (43): 873–875. doi:10.1007/BF01576902.