সমললৈ যাওক

ৰামন প্ৰভাৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰামন প্ৰভাৱ বা ৰামন বিক্ষেপণ (ইংৰাজী: Raman effect বা Raman scattering) হৈছে ফ'টন (Photon) কণাসমূহৰ অস্থিতিস্থাপক বিকিৰণ। ১৯২৮ চনত চি ভি ৰামন আৰু তেওঁৰ ছাত্ৰ কে এছ কৃষ্ণণে তৰল পদাৰ্থত "ৰামন প্ৰভাৱ" আৱিষ্কাৰ কৰিছিল।[1] চি ভি ৰামনৰ নামেৰে নামকৰণ কৰা এই পৰিঘটনাটো ১৯২৩ চনত আডল্ফ স্মেকালে তাত্ত্বিকভাৱে পূৰ্বানুমান কৰিছিল।[2]

ৰামন প্ৰভাৱ অনুুসৰি পোহৰ কোনো পাৰদৰ্শী মাধ্যমেৰে পাৰ হ'লে ইয়াৰ প্ৰকৃতি তথা স্বভাৱ সলনি হয়। যেতিয়া ফ'টন কণাসমূহ বিক্ষিপ্ত হয়, তেতিয়া সৰহ সংখ্যক ফ'টন অস্থিতিস্থাপকভাৱে এনেদৰে বিক্ষিপ্ত হয় যে বিক্ষিপ্ত কণাসমূহৰ শক্তি (তৰংগ দৈঘ্য আৰু কম্পনাংক) আপতিত ফ'টন কণাৰ সৈতে সমান হয়। আপতিত ফ'টন কণাৰ কম্পনাংকতকৈ বিক্ষিপ্ত ফ'টন কণাৰ কম্পনাংক বেছি হ'লে অল্প সংখ্যক ফ'টন কণা পুনৰ বিক্ষিপ্ত হয়। গেছৰ ক্ষেত্ৰত শক্তিস্তৰৰ পৰিৱৰ্তনৰ লগে লগেই আণৱিক শক্তিৰো পৰিবৰ্তন ঘটে। ইয়াৰ দৃশ্যমানতা বিক্ষিপ্ত অণু সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে।

ৰামনে প্ৰথমবাৰৰ বাবে ১৯২১ চনত ইউৰোপ ভ্ৰমণৰ সময়ত ঘটনাটো লক্ষ্য কৰিছিল। ভূমধ্য সাগৰ আৰু আইচবাৰ্গৰ নীলা ৰং লক্ষ্য কৰি তেওঁ এই আকৰ্ষণীয় ঘটনাটোৰ কাৰণ বুজিব বিচাৰিছিল। তেওঁ স্বচ্ছ বৰফৰ খণ্ড আৰু পাৰাৰ আৰ্ক লেম্পৰ পোহৰৰ সৈতে পৰীক্ষা-নিৰীক্ষা আৰম্ভ কৰিছিল। তেওঁ বৰফৰ টুকুৰাৰ জৰিয়তে পোহৰ জ্বলোৱাৰ পিছত তৰংগদৈৰ্ঘ্যৰ পৰিৱৰ্তন নথিভুক্ত কৰিছিল।

যদিও ঘটনাটো পৰ্যবেক্ষণ কৰা প্ৰথম ব্যক্তি নহয়, ৰামনে প্ৰথমে ১৯২৮ চনত পৰ্যৱেক্ষণবোৰ প্ৰকাশ কৰিছিল। ৰাছিয়াৰ পদাৰ্থবিজ্ঞানী গ্ৰিগোৰী লেণ্ডচবাৰ্গ আৰু লিওনিড মেণ্ডেলষ্টামে প্ৰথমে ৰমনৰ মাত্ৰ এসপ্তাহ আগতে প্ৰভাৱটো লক্ষ্য কৰিছিল। অৱশ্যে, তেওঁলোকে ৰমনৰ কেইমাহমান পিছত তেওঁলোকৰ ফলাফল প্ৰকাশ কৰিছিল।

এইটো এটা গুৰুত্বপূৰ্ণ আৱিষ্কাৰ আছিল যিয়ে ভৱিষ্যতৰ কেইবাটাও বৈজ্ঞানিক বিকাশৰ পথ প্ৰশস্ত কৰিছিল। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসত প্ৰতিষ্ঠিত পদাৰ্থবিজ্ঞানীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় আৰু ভাৰতীয় যুৱক-যুৱতীসকলক তেওঁৰ পদাংক অনুসৰণ কৰিবলৈ আহ্বান জনোৱা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Raman, C. V. (1928). "A new radiation". Indian J. Phys. খণ্ড 2: 387–398. 
  2. Smekal, A. (1923). "Zur Quantentheorie der Dispersion". Naturwissenschaften খণ্ড 11 (43): 873–875. doi:10.1007/BF01576902.