সমললৈ যাওক

ৰাজশ্ৰী বিৰলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজশ্ৰী বিৰলা
জন্ম ০১ জানুৱাৰী, ১৯৪৮ (৭৮ বছৰ)
মাদুৰাই, তামিলনাডু, ভাৰত
শিক্ষানুষ্ঠান এলায়েন্স বিশ্ববিদ্যালয়, (সন্মানীয় ডক্টৰেট)[1]
পেচা ব্যৱসায়
দাম্পত্যসঙ্গী আদিত্য বিক্ৰম বিৰলা
সন্তান কুমাৰ মংগলম বিৰলা (পুত্ৰ),
বাসৱাদত্ত বাজাজ (কন্যা)(daughter)
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মভূষণ (২০১১)
ৱুমেন এছিভাৰ এৱাৰ্ড
কৰ্পোৰেট চিটিজেন অফ দ্য ইয়েৰ
সেৱা শিৰোমণি বঁটা
চিটিজেন বোম্বে এৱাৰ্ড (২০০৩)
দ্য প্ৰাইড অফ ইণ্ডিয়া এৱাৰ্ড
ৱেবছাইট
Official web page

ৰাজশ্ৰী বিৰলা (ইংৰাজী: Rajashree Birla)এগৰাকী ভাৰতীয় সমাজসেৱী। বিজনেচ মেগনেটৰ বিৰলা পৰিয়ালৰ বংশধৰ আদিত্য বিৰলাৰ সৈতে তেওঁৰ বিবাহ হৈছিল। ১৯৯৫ চনত স্বামীৰ মৃত্যুৰ পিছত ৰাজশ্ৰীয়ে CSR আৰু দাতব্য খণ্ডত কাম কৰিবলৈ আৰম্ভ কৰে। পৰিয়ালৰ পুঁজিৰে এটা বৃহৎ জনহিতকৰ সংস্থা গঢ়ি তোলে। ২০১১ চনত ভাৰত চৰকাৰে তেওঁক সমাজৰ প্ৰতি কৰা সেৱাৰ বাবে তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মভূষণেৰে সন্মানিত কৰে।[2]

১৯৪৮ চনত তামিলনাডুৰ মাদুৰাইত মূলতঃ উত্তৰ-পশ্চিম ভাৰতৰ ৰাজস্থানৰ পৰা অহা এটা পৰিয়ালত ৰাজশ্ৰীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ৰাধাকিশেন ফ'মৰাৰ[3] বাৰ্মা শ্বেলৰ এটা ডিলাৰশ্বিপ এজেন্সী আছিল।[4] তেওঁৰ মাক পাৰ্বতী দেৱী ফ’মৰা আছিল এগৰাকী গৃহিণী। পৰিয়ালটো মাৰোৱাৰী বৈশ্য আৰু মহেশ্বৰী কুলৰ আছিল।

ৰাজশ্ৰী আৰু তেওঁৰ ভগ্নীসকলে মাদুৰাইৰ ছেইণ্ট জোচেফ কনভেণ্ট স্কুলত অধ্যয়ন কৰিছিল।[5] সাধাৰণ ভাৰতীয় প্ৰথা অনুসৰণ কৰি ৰাজশ্ৰীৰ বিবাহ পিতৃ-মাতৃয়ে তেওঁলোকৰ নিৰ্দিষ্ট মহেশ্বৰী কুলৰ পৰিয়ালত আয়োজন কৰিছিল। মাৰোৱাৰী পৰম্পৰা অনুসৰি তিনিটা পৰ্যায়ত এই বিবাহ উদযাপন কৰা হৈছিল। প্ৰথম পৰ্যায় ‘বাগদান’, ৰাজশ্ৰীৰ প্ৰায় ১০ বছৰ বয়সত অনুষ্ঠিত হৈছিল। বিৰলা পৰিয়ালৰ বংশধৰ আৰু কিংবদন্তি বিজনেচ মেগনেট ঘনশ্যাম দাস বিৰলাৰ নাতি আদিত্য বিক্ৰম বিৰলা আছিল ৰাজশ্ৰীৰ বাকদাতা। দ্বিতীয় পৰ্যায়ৰ বিবাহৰ প্ৰাৰম্ভিক অনুষ্ঠান ৰাজশ্ৰীৰ ১৪ বছৰ বয়সত আৰু চূড়ান্ত অনুষ্ঠান ‘গওনা’ আৰু ‘বিদায়’ ১৯৬৫ চনত তেওঁৰ বয়স ১৭ বছৰ বয়সত সম্পন্ন হৈছিল। তাৰপিছত তেওঁ মাদুৰাইৰ মাক-দেউতাকৰ ঘৰ এৰি কলকাতাৰ শহুৰেকৰ ঘৰলৈ আহে। [6]

সামাজিক কৰ্ম

[সম্পাদনা কৰক]

আদিত্য বিৰলা চেণ্টাৰ ফৰ কমিউনিটি ইনিচিয়েটিভছ এণ্ড ৰুৰেল ডেভেলপমেণ্ট

[সম্পাদনা কৰক]

আদিত্য বিৰলা চেণ্টাৰ ফৰ কমিউনিটি ইনিচিয়েটিভছ এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ (ABCCIR) অধ্যক্ষ হিচাপে ৰাজশ্ৰীয়ে আদিত্য বিৰলা গ্ৰুপৰ দাতব্য প্ৰয়াস, উন্নয়নমূলক কাম-কাজ আৰু সামূহিক পদক্ষেপৰ তদাৰক কৰে। আদিত্য বিৰলা গ্ৰুপে CSR-ৰ কামকাজৰ বাবে ১.৬ বিলিয়ন ভাৰতীয় টকা ব্যয় কৰে আৰু ইয়াৰে ৪০ কোটি টকা কেবল শিক্ষা খণ্ডৰ বাবে। শিক্ষা, নিয়োগ, খোৱাপানী আৰু মহিলা সৱলীকৰণ ক্ষেত্ৰত মূলতঃ গুৰুত্ব দিয়া হয়। গাঁৱলীয়া দৰিদ্ৰ লোক আৰু শাৰীৰিকভাৱে অক্ষমসকলক সাহায্য প্ৰদান, বিধৱাৰ পুনৰ বিবাহ আৰু যৌতুক বিৰোধী অভিযান আদি কাম-কাজতো জড়িত হৈ আছে। ABCCIR-য়ে ৪২খন বিদ্যালয় আৰু ১৮খন চিকিৎসালয় চলোৱাত সহায় কৰে আৰু প্ৰায় ১৮,০০০ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বাবে ধন আগবঢ়ায়। [4]

স্বাস্থ্যসেৱা

[সম্পাদনা কৰক]

ৰাজশ্ৰী বিৰলাই প্ৰয়াত স্বামীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি স্বৰূপে ২০০৬ চনত পুনেত ৩ কোটি মাৰ্কিন ডলাৰ ব্যয় সাপেক্ষে ৩২৫খন বিছনাযুক্ত আদিত্য বিৰলা মেম’ৰিয়েল হাস্পাতাল স্থাপন কৰিছিল। এই হাস্পাতালখন আদিত্য বিৰলা চেণ্টাৰ ফৰ কমিউনিটি ইনিচিয়েটিভছ এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ দ্বাৰা পৰিচালিত আৰু আদিত্য বিৰলা ফাউণ্ডেচনৰ দ্বাৰা পুঁজিৰে চলি থাকে। [6] [7]

অন্য সামাজিক কৰ্ম

[সম্পাদনা কৰক]

ৰাজশ্ৰী বিৰলাই কন্যা ভ্ৰুণহত্যা ৰোধৰ বাবে উৎসৰ্গিত বেচৰকাৰী সংস্থা পপুলেচন ফাৰ্ষ্টৰ সৈতে সক্ৰিয়ভাৱে জড়িত। তেওঁ হেবিটেট ফৰ হিউমেনিটিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক বজাই ৰাখিছে। এই সংস্থাটোৰ এছিয়া পেচিফিক আৰু গ্ল'বেল কমিটীৰ ব'ৰ্ডত অংশ লয়। ২০১২ চনত ফিলিপাইনছৰ মেনিলাত অনুষ্ঠিত হোৱা হেবিটেট কনফাৰেন্সত অংশগ্ৰহণ কৰিছিল। একে বছৰতে তেওঁ হেবিটেট ফৰ হিউমেনিটিৰ ২০ লাখ মাৰ্কিন ডলাৰ সংগ্ৰহ কৰিছিল আৰু ব্যক্তিগতভাবে তেওঁ ১০ কোটি ভাৰতীয় টকা বৰঙণি আগবঢ়াইছিল।[4]

তথ্যউৎস

[সম্পাদনা কৰক]