সমললৈ যাওক

১ জানুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(০১ জানুৱাৰীৰ পৰা পুনঃনিৰ্দেশিত)
১০
১১১২১৩১৪১৫১৬১৭
১৮১৯২০২১২২২৩২৪
২৫২৬২৭২৮২৯৩০৩১

১ জানুৱাৰী (ইংৰাজী: 1 January) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ প্ৰথম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬৪টা দিন (অধিবৰ্ষত ৩৬৫টা দিন) বাকী থাকে। ১৪৫০ পৰা ১৬০০ চনলৈ মধ্য পশ্চিম ইউৰোপৰ বেছিভাগ দেশেই এই দিনক বছৰৰ প্ৰথম দিন হিচাপে গ্ৰহণ কৰে। এই দিনপঞ্জীৰমাহবোৰ হ’ল জানুৱাৰী পৰা ডিচেম্বৰ। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী

[সম্পাদনা কৰক]
  • ৪৫ - জুলিয়ান কেলেণ্ডাৰৰ সূচনা।
  • ৪০৪ - ৰোমত সৰ্বশেষ গ্লেডিয়েটৰ প্ৰতিযোগিতা অনুষ্ঠিত।
  • ৬৩০ - হজৰত মহম্মদ-এ মক্কালৈ যাত্ৰা আৰম্ভ কৰে।
  • ৯৯০ - কিয়েভীয় ৰুছ জুলিয়ান পঞ্জিকা গ্ৰহণ কৰে।
  • ১৪৩৮ - হেবচ্‌বাৰ্গ বংশৰ দ্বিতীয় এলবাৰ্ট হাঙ্গেৰীৰ ৰজা হিচাপে অধিষ্ঠিত হয়।
  • ১৫০০ - পৰ্তুগীজ অভিযাত্ৰী পেদ্ৰো আলভাৰেছ কাব্ৰালেও ব্ৰাজিলৰ উপকূল(ব্ৰাজিল) আৱিষ্কাৰ কৰিছিল।
  • ১৬০০ - স্কটলেণ্ডত জুলিয়ান পঞ্জিকা প্ৰচলন আৰম্ভ হয়।
  • ১৬৫১ - ইংলেণ্ডৰ দ্বিতীয় চাৰ্লচ স্কটলেণ্ডৰ ৰজা হিচাপে অভিষিক্ত হয়।
  • ১৬৭৩ - নিউয়ৰ্ক আৰু বষ্টন চহৰৰ মাজত নিয়মিত ডাক যোগাযোগ আৰম্ভ হয়।
  • ১৭৮৯ - কলকাতা-লণ্ডনৰ মাজত ডাক যোগাযোগ ব্যৱস্থা আৰম্ভ হয়।
  • ১৮০৯ - কলকতাস্থিত বেংক অফ কেলকাতাৰ নাম পৰিবৰ্তন কৰি নতুন নাম বেঙ্গল বেংক ৰখা হয়।
  • ১৮২৪ - কলকাতাত সংস্কৃত কলেজ স্থাপিত হয়।
  • ১৮৮০ - ভাৰতত মানি অৰ্ডাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয়।
  • ১৯৪৯ - ইণ্ডো-পাকিস্তানী যুদ্ধবিৰতি । (A UN-brokered ceasefire ended the first war between India and Pakistan over Kashmir.)
  • ১৯৫৯ - ফিডেল কাষ্ট্ৰ'ৰ নেতৃত্বত কিউবাত বিপ্লৱ আৰম্ভ হয়।
  • ১৯৬১ - ভাৰতীয় সাৰ নিগম প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৯৫ - শুল্ক আৰু বাণিজ্যৰ সাধাৰণ চুক্তি (GATT) ৰ ঠাইত আনুষ্ঠানিকভাৱে বিশ্ব বাণিজ্য সংস্থা গঠন কৰা হৈছিল।
  • ১৯৯৯ - Euro ৰ পৰিচয় ।
  • ২০১৫ - নীতি আয়োগ গঠন কৰা হৈছিল।
  • ২০২৫ব্ৰাজিলত লুইজ ইনাচিঅ' লুলা ডা ছিলভা তৃতীয় বাৰলৈ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে।[1]
  • ১৮৯২ - মহাদেৱ দেশাই, এগৰাকী ভাৰতীয় স্বাধীনতা কৰ্মী, পণ্ডিত আৰু লেখক। তেওঁক মহাত্মা গান্ধীৰ ব্যক্তিগত সচিব হিচাপে জনাজাত। মহাদেৱ দেশাই গুজৰাটী, বাংলা, ইংৰাজী ভাষাৰ এজন উৎকৃষ্ট লেখক আছিল। ইয়াৰ উপৰি তেওঁক গুজৰাটী ভাষাৰ এজন অনুবাদক হিচাপেও গণ্য কৰা হয়। ১৯৫৫ চনত মহাদেৱভইনী দয়াৰীৰ বাবে তেওঁক মৰণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল। মৃত্যু ১৫ আগষ্ট, ১৯৪২।
  • ১৮৯৪ - সত্যেন্দ্ৰনাথ বসু, এগৰাকী ভাৰতীয় গণিতজ্ঞ আৰু তাত্ত্বিক পদাৰ্থ বিজ্ঞানত বিশেষজ্ঞ পদাৰ্থবিজ্ঞানী আছিল। তেওঁ ১৯২০-ৰ দশকৰ আৰম্ভণিতে কোৱাণ্টাম বলবিজ্ঞানৰ ওপৰত কৰা কাম, বসু পৰিসংখ্যাৰ ভেটি আৰু বসু কণ্ডেন্সেটৰ তত্ত্ব বিকাশৰ বাবে জনাজাত। তেওঁ ৰয়েল চছাইটিৰ এজন ফেলো আছিল। তেওঁক ১৯৫৪ চনত ভাৰত চৰকাৰে ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা পদ্মবিভূষণ বঁটা প্ৰদান কৰিছিল। বসু পৰিসংখ্যা, বছন নামেৰে জনাজাত কণাৰ শ্ৰেণীটো পল ডিৰাকে বসুৰ নামেৰে নামাকৰণ কৰিছিল। পদাৰ্থ বিজ্ঞান, গণিত, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান, খনিজ বিজ্ঞান, দৰ্শন, কলা, সাহিত্য আৰু সংগীতকে ধৰি বিভিন্ন ক্ষেত্ৰত তেওঁৰ বিভিন্ন আগ্ৰহ আছিল। তেওঁ সাৰ্বভৌম ভাৰতৰ বহুতো গৱেষণা আৰু উন্নয়ন সমিতিত সেৱা আগবঢ়াইছিল। মৃত্যু ৪ ফেব্ৰুৱাৰী, ১৯৭৪।
  • ১৯১৩ - পাৰ্বতী কুমাৰ গোস্বামী, এগৰাকী ভাৰতীয় আইনবিদ, অসম আৰু নাগালেণ্ডৰ কাৰ্যকৰী ৰাজ্যপাল আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ আছিল। উল্লেখযোগ্য তেওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া ন্যায়াধীশ আছিল। মৃত্যু ১৯৯২।
  • ১৯১৪ - শৰৎ চন্দ্ৰ সিংহ, এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু অসমৰ পঞ্চমগৰাকী মুখ্যমন্ত্ৰী আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতীয় জাতীয় কংগ্ৰেছ (সমাজতান্ত্ৰিক) আৰু জাতীয়তাবাদী কংগ্ৰেছ দলৰ নেতা আছিল। তেওঁ ৩১ জানুৱাৰী ১৯৭২ৰ পৰা ১২ মাৰ্চ ১৯৭৮লৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ এজন প্ৰকৃত গান্ধীবাদী নেতা আছিল যি সমাজৰ দৰিদ্ৰ আৰু নিষ্পেষিতলোকৰ কল্যাণৰ হকে কাম কৰিছিল। মৃত্যু ২৫ ডিচেম্বৰ, ২০০৫।
  • ১৯১৯ - জে ডি চেলিংগাৰ(J. D. Salinger) “দ্য কেচাৰ ইন দ্য ৰাই” ৰ বিখ্যাত আমেৰিকান লেখক।
  • ১৯২৫ - গোপীৰাম বৰগায়ন বুঢ়াভকত, মাজুলী উত্তৰ কমলাবাৰী সত্ৰৰ বৰগায়ন, বৰ ওজা তথা বুঢ়াভকত।
  • ১৯৩৭ - প্ৰকাশী তোমৰ, ভাৰতীয় শ্বুটিং ক্ৰীড়াবিদ তথা বিশ্বৰ জেষ্ঠ্যতম শ্বাৰ্প শ্বুটাৰ।
  • ১৯৪৩ - কুলেন্দু পাঠক, অসমীয়া অধ্যাপক, গৱেষক, বিজ্ঞানী, শিক্ষাবিদ, নিবন্ধকাৰ, বক্তা আৰু প্ৰশাসক।
  • ১৯৪৫ - য়ুমলেম্বম গম্ভিনী দেৱী, ভাৰতীয় কণ্ঠশিল্পী তথা নৃত্য শিল্পী।
  • ১৯৫০ - ৰাহত ইন্দোৰী, উৰ্দু কবি, শ্বায়েৰ আৰু হিন্দী চলচ্চিত্ৰৰ গীতিকাৰ।
  • ১৯৫০ - দীপা মেহতা, ভাৰতীয় মূলৰ ছবি পৰিচালক।
  • ১৯৫১ - নানা পাটেকৰ, ভাৰতীয় অভিনেতা।
  • ১৯৫৯ - শোভা মোদগল, ভাৰতীয় ধ্ৰুপদী সংগীত শিল্পী।
  • ১৯৫৯ - হিতেন্দ্ৰ নাথ গোস্বামী, ভাৰতীয় ৰাজনৈতিক নেতা আৰু অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ।
  • ১৯৬০ - চাঞ্চুমা খুংগুৰ বিচমূতিয়াৰী, ভাৰতৰ লোকসভাৰ সাংসদ।
  • ১৯৬০ - বিদ্যুৎ চক্ৰৱৰ্তী, অসমীয়া অভিনেতা আৰু চলচিত্ৰ আৰু মঞ্চ নাটকৰ পৰিচালক।
  • ১৯৬০ - নানজিয়াম্মা, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ভাৰতীয় লোকগীতশিল্পী।
  • ১৯৬০ - নৰেন্দ্ৰ চন্দ্ৰ হাজং অল ইণ্ডিয়া ৰেডিঅ’ তুৰা কেন্দ্ৰৰ অনাতাঁৰ শিল্পী।
  • ১৯৬১ - নংথমবাম বিৰেন সিং, ভাৰতীয় ৰাজনীতিবিদ, প্ৰাক্তন ফুটবল খেলুৱৈ, সাংবাদিক তথা মণিপুৰৰ মুখ্যমন্ত্ৰী।
  • ১৯৭৩ - আনন্দ কুমাৰ, ভাৰতীয় গণিতৰ প্ৰশিক্ষক।
  • ১৯৭৫ - সোণালী বেন্দ্ৰে, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৭৮ - বিদ্যা বালান, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৮৮ - গীতাঞ্জলি থাপা, ভাৰতীয় অভিনেত্ৰী।
  • ১৯৯২ - ভাগ্যৱতী কছাৰী, ভাৰতীয় বক্সাৰ।
  • ১৮৮৬ - নাথান ব্ৰাউন, আমেৰিকান বেপ্তিষ্ট মিছনেৰী, আমেৰিকাৰ দাসপ্ৰথা বিৰোধক আৰু অনুবাদক।
  • ২০১৪ - নীলিমকান্ত বৰুৱা, অসমীয়া পৰিসংখ্যাবিদ, লেখক তথা প্ৰাক্তন প্ৰশাসনিক বিষয়া।

অন্যান্য

[সম্পাদনা কৰক]
  • নৱবৰ্ষ (গ্ৰেগৰিয়ান বৰ্ষপঞ্জী)
  • হিন্দু কল্পতৰু উৎসৱ, দক্ষিণেশ্বৰ কালীবাড়ি, বেলুড় মঠ আৰু ৰামকৃষ্ণ মিচন

অন্যান্য শাখাকেন্দ্ৰত উদযাপন কৰা হয়।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

  1. "Lula sworn in as Brazil’s president, vows to rebuild country" (en ভাষাত). Al Jazeera. https://www.aljazeera.com/news/2025/1/1/lula-sworn-in-as-brazils-president-vows-to-rebuild-country আহৰণ কৰা হৈছে: 28 April 2025.[সংযোগবিহীন উৎস]