ৰাজীৱ বৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাজীৱ বৰা
জন্ম যোগী গাঁও, মাজুলী, অসম
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ১৯৯৩ চনত সাহিত্য শাখাত অসমীয়া বিভাগৰ স্নাতকোত্তৰ।
বিষয় কবি, সমালোচক

ৰাজীৱ বৰা (১৯৭০-) একাধাৰে কবি, সমালোচক, সম্পাদক আৰু অধ্যাপক। তেওঁ নাজিৰা কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক। তেওঁৰ এতিয়ালৈকে ৪খন কবিতা পুথি প্ৰকাশ হৈছে। ইয়াৰোপৰি তেওঁৰ সম্পাদনাত বহুকেইখন কবিতাপুথি, প্ৰবন্ধ সংকলন প্ৰকাশ পাইছে। ‘অসমীয়া কবিতা: বিন্দুৰপৰা সিন্ধুলৈ’ শীৰ্ষক সম্পাদিত কবিতাৰ পুথিখন তেওঁৰ উল্লেখযোগ্য কৃতি।[1]

জন্ম আৰু বংশ পৰিচয়[সম্পাদনা কৰক]

ৰাজীৱ বৰাৰ জন্ম মাজুলীৰ যোগী গাঁৱত, ১৯৭০ চনত। পিতৃৰ নাম ভুবন বৰা আৰু মাতৃৰ নাম তিলেশ্বৰী বৰা।[2]

শিক্ষাগত অৰ্হতা[সম্পাদনা কৰক]

মাজুলীৰ মেড়াগড় নাৰায়ণদেৱ হাইস্কুলত সপ্তমমান শ্ৰেণীলৈকে অধ্যয়নৰ পাছত মাজুলীগড়মূৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামী হাইস্কুলৰ পৰা ১৯৮৫ চনত মেট্ৰিক, মাজুলী মহাবিদ্যালয়ৰ পৰা ক্ৰমে ১৯৮৭ চন আৰু ১৯৯০ চনত উচ্চতৰ মাধ্যামিক আৰু স্নাতক ডিগ্ৰী লাভ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ১৯৯৩ চনত সাহিত্য শাখাত অসমীয়া বিভাগৰ স্নাতকোত্তৰ।[3]

কৰ্মজীৱন[সম্পাদনা কৰক]

লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়, লখিমপুৰ বাণিজ্য মহাবিদ্যালয়ত দুবছৰ অধ্যাপনা কৰাৰ অন্তত ১৯৯৭ চনৰপৰা নাজিৰা মহাবিদ্যালয়ত যোগদান আৰু বৰ্তমানেও এই মহাবিদ্যালয়তে অসমীয়া বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত।[4]

সাহিত্যৰাজি [5][সম্পাদনা কৰক]

কবিতা পুথি[সম্পাদনা কৰক]

  • তটিনী তীৰৰ খেলা, ২০০৫
  • ঢৌ, ২০০৬
  • পানীভাওনা, ২০১৩
  • এন্ধাৰতো ফুটে ফৰিং, ২০১৭
  • মানুহ চেৰাই বাচি থকা নাযায়, ২০২১
  • মাউৰৰ দিন, ২০২২

সমালোচনামূলক পুথি[সম্পাদনা কৰক]

  • বিৱৰ্তন অনুৱৰ্তন', বনলতা, গুৱাহাটী, ২০১৯
  • তৰুণ প্ৰজন্মৰ অসমীয়া কবিৰ কাব্যভংগী', বনলতা, ডিব্ৰুগড়,২০২০
  • যি বাটে নহ'ল যোৱা', অসম পাব্লিচিং কোম্পানী, গুৱাহাটী,২০২০
  • তৰুণ প্ৰজন্মৰ অসমীয়া কবিৰ কাব্যভংগী, ২০২০

আত্মকথা[সম্পাদনা কৰক]

  • যি বাটে নহ’ল যোৱা, ২০২১

সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]

  • চিন্তা-পৰিক্ৰমা (প্ৰবন্ধ সংকলন,২০০৭)
  • ত্ৰিপ্ৰসাদ (প্ৰবন্ধ সংকলন, ২০০৭)
  • জন গণ মন মুকুতি (প্ৰবন্ধ সংকলন, ২০০৯)
  • অসমীয়া কবিতা আৰু কথা সাহিত্যৰ আভাস (প্ৰবন্ধ সংকলন, ২০১১)
  • বুকু হম হম কৰে (প্ৰবন্ধ সংকলন, ২০১১)
  • অসমীয়া নাট্য-পৰম্পৰা আৰু চাৰিখন অসমীয়া নাটকঃ বিচাৰ আৰু বিশ্লেষণ (প্ৰবন্ধ সংকলন, ২০১৩)
  • সন্ধিক্ষণৰ অসমীয়া কবিতা (নিৰ্বাচিত কবিতাৰ সংকলন, ২০১৭)
  • সাত সমুদ্ৰত শঙ্খ বাজিছেনে নাই (প্ৰবন্ধ সংকলন, আনিছ উজ জামানৰ সৈতে, ২০১৭)
  • অসমীয়া কবিতাঃ বিন্দুৰপৰা সিন্ধুলৈ (উদ্ভৱ কালৰপৰা সাম্প্ৰতিকলৈ অসমীয়া কবিতাৰ সংগ্ৰহ, ২০১৮)
  • বিৱৰ্তন-অনুৱৰ্তন,২০১৯
  • খেল ভঙা খেল' (পাৰ্বতিপ্ৰসাদ বিষয়ক) সদৌ অসম কবি সন্মিলন, ২০১৯
  • প্ৰমথেশ বৰুৱা' (প্ৰমথেশ বৰুৱা বিষয়ক), পাঞ্চজন্য, গুৱাহাটী, ২০১৯

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • সাহিত্য অকাডেমিয়ে কেৰালাৰ কোচিত ০৬-১২-২০১৫ তাৰিখে অনুষ্ঠিত কৰা কবি সন্মিলনত অসমৰ হৈ অংশ গ্ৰহণ।
  • সাহিত্য অকাডেমিয়ে ত্ৰিপুৰাত ২৩-২৯ ডিচেম্বৰ, ২০১৭ তাৰিখে অনুষ্ঠিত কৰা ‘অভিব্যক্তি অনুষ্ঠানত' অসমৰ হৈ অংশ গ্ৰহণ।
  • ৰাজস্থানৰ জয়পুৰত অনুষ্ঠিত হোৱা সমান্তৰণ সাহিত্য উসৱ (PLF) ত ২৭-২৯ জানুৱাৰী, ২০১৯ তাৰিখে অনুষ্ঠিত অনুষ্ঠানত অসমৰ হৈ অংশ গ্ৰহণ।
  • কবিতাৰ ইংৰাজী, হিন্দী আৰু বঙালীলৈ অনুবাদ হৈছে। সাহিত্য অকাডেমিৰ Journal, Indian Literature উপৰি ভাৰতীয় জ্ঞানপীঠ একাডেমীৰ Journalতো কবিতা প্ৰকাশ হৈছে।[6]
  • সাতসৰী সাহিত্য বঁটা, ২০১৮, সাতসৰী সামাজিক-সাংস্কৃতিক উন্নয়ন সংস্থা, গুৱাহাটী
  • ‘মাউৰৰ দিন’ কাব্য সংকলনৰ বাবে ‘অসম কবিচক্ৰ’ৰ দ্বাৰা ‘কাব্যশশী আতৰ আলি চৌধুৰী স্মৃতি বঁটা’ ২০২২ লাভ৷
  • ‘বিৱৰ্তন অনুৱৰ্তন’ গ্ৰন্থৰ বাবে সদৌ অসম কবি সন্মিলনে প্ৰদান কৰা ‘বেণু চিৰিং বঁটা’, ২০১৯-২২
  • ‘এইফালেও কবি আছে’ শীৰ্ষক গ্ৰন্থৰ বাবে কাব্যকাননে প্ৰদান কৰা ‘কাব্যম বঁটা-২০২২’[7]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. সন্ধিক্ষণৰ অসমীয়া কবিতা, সদৌ অসম কবি সন্মিলন, ২০১৭
  2. অসমীয়া কবিতা বিন্দুৰপৰা সিন্ধুলৈ, পাঞ্চজন্য পাব্লিচাৰ্ছ, ২০১৮
  3. সন্ধিক্ষণৰ অসমীয়া কবিতা, সদৌ অসম কবি সন্মিলন, ২০১৭
  4. BHASKARJNATH.BLOGPOST.COM
  5. সন্ধিক্ষণৰ অসমীয়া কবিতা, সদৌ অসম কবি সন্মিলন, ২০১৭
  6. Indian Literature, Sahitya Akademies Bi-Monthly Journal, September/October, 2016, Vol-295
  7. দৈনিক জনমভূমি, তৃতীয় পৃষ্ঠা, ১৭, অক্টোবৰ, ২০২২