ৰাষ্ট্ৰীয় গণতান্ত্ৰিক গোট

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰাষ্ট্ৰীয় গণতান্ত্ৰিক গোট (ইংৰাজী: Rashtriya Democratic Alliance) ভাৰতঅসম ৰাজ্যৰ ৫টা ৰাজনৈতিক দলেৰে গঠিত এটা গোট আছিল। এই গোটে ২০০১ চনৰ অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ৰাষ্ট্ৰীয় গণতান্ত্ৰিক গোটত অন্তৰ্ভুক্ত দল কেইটা হৈছে, নেছনেলিষ্ট কংগ্ৰেছ পাৰ্টী, অসম জাতীয় সন্মিলন, অসম গণ সংগ্ৰাম পৰিষদ, পূৰ্বাঞ্চলীয় লোক পৰিষদ আৰু জনতা দল (ধৰ্ম নিৰপেক্ষ)। উল্লেখনীয় যে, ৰাষ্ট্ৰীয় গণতান্ত্ৰিক গোট (Rashtriya Democratic Alliance) আৰু ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট (National Democratic Alliance) দুটা পৃথক গোট।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]