ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস
{{{holiday_name}}}
মুহাম্মা গাঁও পঞ্চায়ত কাৰ্যালয়
পালন কৰে ভাৰত
প্ৰকাৰ ৰাষ্ট্ৰীয়
মহত্ব পঞ্চায়ত আৰু স্থানীয় স্বায়ত্ত্ব শাসনৰ বিষয়ে সজাগতা
তাৰিখ ২৪ এপ্ৰিল
অৱধি এদিন
সংঘটন বাৰ্ষিক

ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱস ভাৰতৰ পঞ্চায়ত মন্ত্ৰালয়ে প্ৰতিবছৰে ২৪ এপ্ৰিল তাৰিখে গোটেই ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সজাগতাৰ সৃষ্টিৰ বাবে উদযাপন কৰা দিৱস।[1][2]

২০১০ চনৰ ২৪ এপ্ৰিল তাৰিখে তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে পোন প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসৰ ঘোষণা কৰিছিল।[3]

ইতিহাস[সম্পাদনা কৰক]

১৯৯৩ চনৰ ২৪ এপ্ৰিল তাৰিখে সংবিধানৰ ৭৩তম সংশোধনী আইন কাৰ্যকৰী হৈছিল। ১৯৯৩ চনত পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান সমূহে সাংবিধানিক স্বীকৃতি লাভ কৰিছিল। এই আইন গৃহীত হোৱাৰ দিনটোত ২০১০ চনৰ ২৪ এপ্ৰিল তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী ড॰ মনমোহন সিঙে ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসৰ ঘোষণা কৰিছিল।[3] লগতে তেওঁ উল্লেখ কৰিছিল যে পঞ্চায়তী ৰাজ ব্যৱস্থাৰ সঠিক ৰূপায়ণৰ জৰিয়তে মাওবাদী সকলক ৰোধ কৰিব পাৰি।[3]

২০১৫ চনৰ ২৪ এপ্ৰিল তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্চায়তী ৰাজ ব্যৱস্থাত মহিলাৰ প্ৰতিনিধিত্বক গুৰুত্ব প্ৰদান কৰিছিল। ইয়াৰ লগতে তেওঁ পঞ্চায়তৰ মহিলা সদস্যৰ স্বামীয়ে তেওঁৰ হৈ ক্ষমতাৰ ব্যৱহাৰ কৰা বা প্ৰভাৱ পেলোৱা ব্যৱস্থা নিৰ্মূল কৰিবলৈ জোৰ দিছিল।[4][5][6]

পঞ্চায়ত ব্যৱস্থা[সম্পাদনা কৰক]

ৰাজ্য চৰকাৰে জাননী জাৰি কৰি যিকোনো স্থানীয় অঞ্চল এটাক গাঁও পঞ্চায়ত বুলি ঘোষোণা কৰিব পাৰে। এখন ৰাজহ গাঁও বা কেইবাখনো ৰাজহ গাঁও বা এখন বনগাঁও বা এটি চাহ বাগিচা অঞ্চল নাইবা অইন তেনে প্ৰশাসনীয় গোট বা ইয়াৰ অংশ এটাৰদ্বাৰা গাঁও পঞ্চায়ত বুলি ঘোষণা কৰা অঞ্চলটো গঠিত হ’ব। এখন গাঁও পঞ্চায়তত ৬০০০ তকৈ কম আৰু ১০,০০০ তকৈ বেছি জনসংখ্যা থাকিব নোৱাৰে। এখন গাও পঞ্চায়তে ইয়াৰ প্ৰথম বৈঠক অনুষ্ঠিত হোৱা তাৰিখৰ পৰা ৫ বছৰীয়া কাৰ্যকালৰ বাবে কাৰ্যনিৰ্বাহ কৰে।

উদযাপন[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় পঞ্চায়তী ৰাজ দিৱসৰ দিনা স্থানীয়, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰা হয়। ভাৰত চৰকাৰৰ পঞ্চায়ত মন্ত্ৰণালয় আৰু ৰাজ্যিক চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰণালয়ে এই দিৱসৰ মূল কাৰ্যসূচী নিৰূপণ কৰে। এই দিৱসৰ দিনা গাঁও পঞ্চায়তৰ কাৰ্যালয় সমূহত সভা-সমিতিৰ আদিৰ জৰিয়তে স্থানীয় জনসমাজৰৰ মাজত স্বায়ত্ত্ব শাসনৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়। ইয়াৰ লগতে বিভিন্ন জনকল্যাণমূলক আঁচনিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা হয়।

তথ্য উৎস[সম্পাদনা কৰক]