ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস
এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব। অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক।
দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে {{সম্পাদনা দ্বন্দ্ব}}ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন। |
ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস | |
---|---|
পালন কৰে | ভাৰত |
প্ৰকাৰ | ৰাষ্ট্ৰীয় |
মহত্ব | ১৯৯৮ চনৰ পোখৰাণ পাৰমাণৱিক পৰীক্ষা বা অপাৰেচন শক্তিৰ বৰ্ষপূৰ্তি |
তাৰিখ | ১১ মে' |
ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস বা ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস (ইংৰাজী: National Technology Day) ভাৰতত প্ৰতি বছৰে ১১ মে' তাৰিখে পালন কৰা হয়। ১৯৯৮ চনৰ পোখৰাণ পাৰমাণৱিক পৰীক্ষা বা অপাৰেচন শক্তিৰ বৰ্ষপূৰ্তি আৰু বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। ১৯৯৮ চনৰ ১১ মে' তাৰিখে পোখৰাণত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মহান বিজ্ঞানী ড° এ পি জে আব্দুল কালামৰ নেতৃত্বত আৰু তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী দেৱৰ তৎপৰতাত বিজ্ঞানীসকলে পাৰমাণৱিক পৰীক্ষা সফলতাৰে সম্পন্ন হৈছিল। ১৯৯৯ চনৰ পৰা ১১ মে’ তাৰিখৰ পৰা বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ লগত জড়িত বিজ্ঞানী, গৱেষক, অভিযন্তা আৰু আন সকলোৰে কৃতিত্বক স্মৰণ কৰিবলৈ ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস পালন কৰি অহা হৈছে।
ইতিহাস
[সম্পাদনা কৰক]১৯৯৮ চনৰ ১১ মে' তাৰিখে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত তিনিটা উল্লেখযোগ্য ঘটনা সংঘটিত হৈছিল। তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ পৃষ্ঠপোষকতাত বিজ্ঞানী এ পি জে আব্দুল কালাম আৰু তেওঁৰ দলে ১১ মে' তাৰিখে ৰাজস্থানৰ পোখৰানত পাৰমাণৱিক মিছাইল "শক্তিৰ" সফল পৰীক্ষা সম্পন্ন কৰে। এই পৰীক্ষাক আধিকাৰীক ভাবে অপাৰেচন শক্তি নামাকৰণ কৰা হয়। ইয়াৰ লগে লগে ভাৰত পৃথিৱীৰ ভিতৰত পাৰমাণৱিক শক্তিৰে সজ্জিত ছয় সংখ্যক দেশ হিচাপে পৰিগণিত হয়। একেদিনা ভাৰতৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংগঠনৰ উদ্যোগত "ত্ৰিশূল মিছাইলৰ সফল প্ৰক্ষেপন কৰা হৈছিল। একেদিনা বেংগালুৰুত সম্পূৰ্ণৰূপে ভাৰতত তৈয়াৰ কৰা প্ৰথম পাতল আকাশীযান হংস-৩ৰ সফলতাৰে উৰণ সম্পন্ন কৰা হয়। ১৯৯৮ চনৰ ১১ মে' তাৰিখে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত এই তিনিটা উল্লেখযোগ্য ঘটনা সংঘটিত হোৱাৰ কাৰণে প্ৰধানমন্ত্ৰী বাজপেয়ীয়ে ১১ মে' দিনটো ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা দিৱস হিচাপে ঘোষণা কৰিছিল। ১৯৯৯ চনত পোনপ্ৰথমবাৰৰ বাবে এই দিৱস উদযাপন কৰা হয়।