ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ
সংস্থাৰ ৰূপৰেখা | |
---|---|
গঠন | ২০১০ |
ক্ষেত্ৰাধিকাৰ | ভাৰত |
মুখ্য কাৰ্যালয় | নতুন দিল্লী |
সংস্থাৰ কাৰ্যবাহী | ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেল, অধ্যক্ষ |
পিতৃ সংস্থা | আইন আৰু ন্যায় মন্ত্ৰালয়, ভাৰত চৰকাৰ |
ৱেবছাইট | www |
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ (ইংৰাজী: National Green Tribunal) ভাৰতত পৰিৱেশ সম্পৰ্কীয় গোচৰসমূহ মোকাবিলা আৰু ইয়াৰ সৈতে জড়িত সিদ্ধান্তসমূহ ক্ষিপ্ৰ ৰূপায়ণৰ বাবে গঠিত বিধিগত সংস্থা। ২০১০ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আইনৰ অধীনত ইয়াক স্থাপন কৰা হৈছিল। পৰিৱেশ সম্পৰ্কীয় গোচৰসমূহ মোকাবিলা কৰিবলৈ এনে সংস্থা গঠন কৰা অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ পিছতে ভাৰত বিশ্বৰ তৃতীয়খন দেশ। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ প্ৰধান বিচাৰপীঠখন নতুন দিল্লীত অৱস্থিত। ইয়াৰ মাণ্ডলিক বিচাৰপীঠসমূহ ভুপাল, পুনে, কলকাতা আৰু চেন্নাইত অৱস্থিত।[1]
ইতিহাস
[সম্পাদনা কৰক]ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আইনৰ অধীনত ২০১০ চনত পৰিৱেশ বিষয়ৰ সৈতে জড়িত গোচৰসমূহ[2] আৰু ইয়াৰ সৈতে জড়িত সিদ্ধান্তসমূহ ক্ষিপ্ৰ ৰূপায়ণৰ বাবে বিধিগত সংস্থা হিচাপে ইয়াক গঠন কৰা হয়। ছমাহৰ ভিতৰত আবেদন আৰু গোচৰ নিষ্পত্তি কৰাৰ দায়িত্ব ন্যায়াধিকৰণৰ ওপৰত ন্যস্ত কৰা হৈছে।
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে বহু বিশিষ্ট সিদ্ধান্ত দিয়াৰ বাবে দায়বদ্ধ, যেনে বায়ু প্ৰদূষণ ৰোধৰ প্ৰচেষ্টাত দিল্লীৰ পথত পোন্ধৰ বছৰৰ ওপৰৰ ডিজেল বাহন চলাচল কৰাটো অবৈধ বুলি ঘোষণা কৰা। ন্যায়াধিকৰণে এক সুকীয়া আদেশত ছত্তীশগড় ৰাজ্যত অৱস্থিত হাছদেও-আৰাণ্ডৰ বনাঞ্চলত কয়লাৰ নিষ্কাশন বাতিল কৰে।
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ কলকাতা বিচাৰপীঠে ২০১৬ চনৰ নৱেম্বৰ মাহত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে পৰিৱেশ সংবেদনশীল অঞ্চল হিচাপে সুন্দৰবন অঞ্চলত নিৰ্মাণ কাৰ্যকলাপ আৰু গোটা আৱৰ্জনা আৰু শব্দ প্ৰদূষণ নিষিদ্ধ কৰিছিল।
গঠন
[সম্পাদনা কৰক]ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত।[3] উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এগৰাকীক ইয়াৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। ন্যায়াধিকৰণৰ ন্যায়িক সদস্যসকল উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ বিচাৰপীঠত দহজন ন্যায়িক সদস্য আৰু দহজন বিশেষজ্ঞ সদস্য থাকে।[4] বন সংৰক্ষণ, পৰিৱেশ আৰু অনুৰূপ ক্ষেত্ৰত ১৫ বছৰৰ ন্যূনতম অভিজ্ঞতা থকা বা পেছাদাৰী অৰ্হতা থকা যিকোনো ব্যক্তিয়ে বিশেষজ্ঞ সদস্যৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰে।
ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেল ২০১৮ চনৰ ৬ জুলাইৰ পৰা ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ অধ্যক্ষৰ পদত অধিষ্ঠিত।[5]
ক্ষমতা
[সম্পাদনা কৰক]ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ আইনখনৰ প্ৰথম অনুসূচীত তালিকাভুক্ত আইনসমূহ বলবৎ কৰাৰ বাবে সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰা হৈছে। লগতে দেৱানী প্ৰকৃতিৰ আৰু পৰিৱেশ বিষয়ৰ সৈতে জড়িত সকলো বিষয়ৰ শুনানি গ্ৰহণ কৰাৰ ক্ষমতা ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণক প্ৰদান কৰা হৈছে। সেউজ ন্যায়াধিকৰণ আওঁতাত থকা আইন সমূহ হৈছে:[6]
- পানী (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৭৪;
- পানী (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) চেছ আইন, ১৯৭৭;
- বন (সংৰক্ষণ) আইন, ১৯৮০;
- বায়ু (প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৮১;
- পৰিৱেশ (সুৰক্ষা) আইন, ১৯৮৬;
- ৰাজহুৱা দায়বদ্ধতা বীমা আইন, ১৯৯১;
- জৈৱ বৈচিত্ৰ্য আইন, ২০০২
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে ওপৰৰ আইনসমূহৰ সৈতে জড়িত বিষয়সমূহৰ উলংঘা বা আইনসমূহৰ অধীনত সামৰি লোৱা যিকোনো চৰকাৰী সিদ্ধান্ত বা আদেশ চম্ভালে। কিন্তু ভাৰতীয় বন আইন, ১৯২৭, বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ আৰু ৰাজ্যসমূহে প্ৰস্তুত কৰা আন যিকোনো আইন যি গছ, বনাঞ্চল আদিৰ সুৰক্ষাৰ সৈতে জড়িত, সেইবোৰৰ অধীনত ন্যায়াধিকৰণে শুনানি গ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।
ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ বিধিৰ ২২ নং নিয়ম অনুসৰি ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ আদেশ পুনৰীক্ষণ কৰিব পাৰি। ন্যায়াধিকৰণৰ যিকোনো আদেশক উচ্চতম ন্যায়ালয়ত নব্বৈ দিনৰ ভিতৰত প্ৰত্যাহ্বান জনাব পাৰি, যদিহে ন্যায়াধিকৰণত পৰ্যালোচনা আবেদন গ্ৰহণ কৰা নহয়।[7]
আবেদন দাখিল কৰাৰ পদ্ধতি
[সম্পাদনা কৰক]চৰকাৰৰ আদেশ বা সিদ্ধান্তৰ বিৰুদ্ধে আপীল বা পৰিৱেশৰ ক্ষতিৰ ক্ষতিপূৰণ বিচৰা আবেদনৰ সৈতে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ কাষ চাপিব পাৰি। এই আবেদন ইংৰাজী ভাষাত দাখিল কৰিব লাগিব। ক্ষতিপূৰণৰ বাবে যিকোনো দাবী দাখিল কৰা প্ৰতিটো আবেদন / আপীলৰ বাবে ১০০০ টকা মাচুল দিব লাগে। কিন্তু ক্ষতিপূৰণ দাবী কৰাৰ বাবে ক্ষতিপূৰণৰ পৰিমাণৰ এক শতাংশ মাচুল হ’ল ন্যূনতম ১০০০ টকা হ'ব লাগিব।
তলত উল্লিখিত বিষয়ত ক্ষতিপূৰণৰ দাবী দাখিল কৰিব পাৰি:[7]
- প্ৰদূষণৰ বলি হোৱা লোকসকলক দিয়া ক্ষতিপূৰণ বা সকাহ, পৰিৱেশৰ ক্ষতি আৰু বিপজ্জনক পদাৰ্থৰ সৈতে জড়িত অন্যান্য ক্ষতিপূৰণ; [8]
- ক্ষতিগ্ৰস্ত সম্পত্তি পুনৰুদ্ধাৰ কৰা;
- পৰিৱেশ পুনৰুদ্ধাৰৰ প্ৰয়োজন হোৱা ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণৰ যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত লাভ কৰা ক্ষতিপূৰণ।
ক্ষতিপূৰণ, সকাহ, সম্পত্তি বা পৰিৱেশ পুনৰুদ্ধাৰৰ বাবে আবেদন গ্ৰহণ কৰিব পাৰিব যদিহে এনে ক্ষতিপূৰণ বা সকাহৰ সৈতে জড়িত কাণ্ড সংঘটিত হোৱাৰ তাৰিখৰ পৰা পাঁচ বছৰৰ ভিতৰত দাখিল কৰা হয়।
ন্যায়ৰ নীতি
[সম্পাদনা কৰক]ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ প্ৰাকৃতিক ন্যায়ৰ নীতিৰ দ্বাৰা পৰিচালিত আৰু দেৱানী প্ৰক্ৰিয়া সংহিতা, ১৯০৮ত কৰা পদ্ধতি অনুসৰণ কৰাৰ প্ৰয়োজন নাই। ভাৰতীয় প্ৰমাণ আইন, ১৮৭২ অনুসৰি খচৰা প্ৰস্তুত কৰা প্ৰমাণৰ নিয়ম ন্যায়াধিকৰণৰ ওপৰত প্ৰযোজ্য নহয়। ইয়াৰ ফলত সংৰক্ষণ গোটসমূহে নিজৰ বিষয়সমূহ উপস্থাপন কৰা সহজ হৈ পৰে। কাৰিকৰী ডিজাইনৰ সৈতে জড়িত বিষয়সমূহ উত্থাপন কৰা বা পৰিকল্পনা বিন্যাসত বিবেচনা নকৰা প্ৰকৃতি সুৰক্ষাৰ বিকল্প পৰিকল্পনাৰ পৰামৰ্শ দিয়া আদি বিষয়সমূহ অন্তৰ্ভুক্ত হয়।
যিকোনো বঁটা/সিদ্ধান্ত/ৰায়দান কৰাৰ সময়ত ন্যায়াধিকৰণে বহনক্ষম উন্নয়নৰ নীতি, সতৰ্কতাৰ বাবে নীতি আৰু প্ৰদূষক সম্পৰ্কীয় নীতিসমূহ প্ৰয়োগ কৰিব লাগে। ন্যায়াধিকৰণে যিকোনো অন্তৱৰ্তীকালীন নিষেধাজ্ঞাৰ বাবে ভুৱা আবেদনৰ ওপৰত জৰিমনা বিহাৰ অধিকাৰ আছে।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ Shekhar, Laasya (10 September 2016). "National Green Tribunal gets second bench in South" (en ভাষাত). Deccan Chronicle. https://www.deccanchronicle.com/nation/current-affairs/100916/national-green-tribunal-gets-second-bench-in-south.html.
- ↑ "National Green tribunal does not have suo motu powers: Centre to Supreme Court" (en ভাষাত). Hindustan Times. 2 September 2021. https://www.hindustantimes.com/india-news/ngt-can-act-on-letters-communication-but-not-on-news-reports-centre-tells-sc-101630596253070.html.
- ↑ "NGT to resume physical hearing with hybrid option from March 21 onwards". Business Standard India. 18 March 2022. https://www.business-standard.com/article/current-affairs/ngt-to-resume-physical-hearing-with-hybrid-option-from-march-21-onwards-122031800444_1.html.
- ↑ Ramesh, M. (16 October 2020). "Turning a decade-old, NGT faces some tough questions" (en ভাষাত). thehindubusinessline.com. https://www.thehindubusinessline.com/news/national/turning-a-decade-old-ngt-faces-some-tough-questions/article62194300.ece.
- ↑ "National Green Tribunal Allows Construction of Delhi-Dehradun Expressway". NDTV.com. 14 December 2021. https://www.ndtv.com/india-news/ngt-allows-delhi-dehradun-expressway-forms-12-member-panel-to-ensure-no-damage-is-caused-to-environment-2648458.
- ↑ "National Green Tribunal (NGT) - Chronicleindia" (english ভাষাত). chronicleindia.in. https://www.chronicleindia.in/current-affairs/103-national-green-tribunal-ngt.
- ↑ 7.0 7.1 "National Green Tribunal (NGT)". Jagranjosh.com. 7 September 2015. https://www.jagranjosh.com/general-knowledge/national-green-tribunal-ngt-1441620645-1.
- ↑ "National Green Tribunal imposes more than Rs 25 crore fine on two bottling plants in UP" (en ভাষাত). Business Today. 7 March 2022. https://www.businesstoday.in/latest/corporate/story/national-green-tribunal-imposes-more-than-rs-25-crore-fine-on-two-bottling-plants-in-up-325044-2022-03-07.