সমললৈ যাওক

ৰাসায়নিক অভিযান্ত্ৰিকী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাসায়নিক অভিযন্তাসকলে কাৰখানাসমূহ ডিজাইন, নিৰ্মাণ আৰু পৰিচালিত কৰে

ৰাসায়নিক অভিযান্ত্ৰিকী (ইংৰাজী: Chemical Engineering, কেমিকেল ইঞ্জিনিয়াৰিং) হ'ল প্ৰকৃতি অথবা ব্যৱহাৰিক বিজ্ঞান (ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান), জৈৱ বিজ্ঞান (জীৱবিজ্ঞান, অণুজীৱবিজ্ঞান, জৈৱ ৰসায়ন)ৰ সতে গণিতবিদ্যা আৰু অৰ্থনীতিৰ সমন্বয়ত গঢ় লোৱা অভিযান্ৰিক বিষয়ৰ এটা শাখা য'ত বিভিন্ন ৰাসায়নিক পদাৰ্থ আৰু শক্তিৰ উৎপাদন, পৰিৱৰ্তন, পৰিবহণ আৰু সঠিক প্ৰয়োগৰ বিষয়ে শিকোৱা হয়। এই বিভাগত ঘাইকৈ বিভিন্ন ৰাসায়নিক পদাৰ্থ, শক্তি আৰু উৎপাদন পদ্ধতিৰ বিষয়ে আলোচনা কৰা হয়। আধুনিক ৰাসায়নিক অভিযন্তাসকল ন ন প্ৰায়োগিক পদ্ধতি আৰু পদাৰ্থৰ সতে জড়িত যিবোৰ নেন'প্ৰযুক্তি, ইন্ধন কোষ আৰু জৈৱ অভিযান্ত্ৰিকী বিষয়সমূহৰ বাবে অতীৱ প্ৰয়োজনীয়।

বুৎপত্তি

[সম্পাদনা কৰক]
জৰ্জ ই.ডেভিচ্‌

১৯৯৬ৰ ব্ৰিটিছ জাৰ্ণেল ফ'ৰ হিষ্টৰী অৱ ছায়ন্সত প্ৰকাশিত এটি প্ৰবন্ধত জেমচ এফ ডনেলীয়ে ১৮৩৯ চনত ছালফিউৰিক এচিড[1] উৎপাদন সম্পৰ্কত ৰাসায়নিক অভিযান্ত্ৰিকীৰ প্ৰসংগ উত্থাপন কৰিছিল বুলি উল্লেখ কৰা হৈছিল। সেই একেটা প্ৰবন্ধতে জৰ্জ ই. ডেভিছ, এজন ইংৰাজ পৰামৰ্শদাতাক উক্ত অভিধাৰ জনক বুলি কোৱা হয়।[2][3] দা হিষ্ট'ৰী অৱ ছায়ন্স ইন ইউনাইটেড ষ্টেটছ্: এন্ এনচাইক্লোপিডিয়াত ১৮৯০ চনত[4] উক্ত বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছিল। 'ৰাসায়নিক অভিযান্ত্ৰিকী', য'ত ৰাসায়নিক উদ্যোগত যান্ত্ৰিক সজুঁলি ব্যৱহাৰ কৰাৰ কথা ব্যাখ্যা কৰা হয়, শব্দটো ১৮৫০ ৰ পিছত ইংলেণ্ডত এক গতানুগতিক শব্দ হৈ পৰিছিল।[5] ১৯১০লৈকে ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত 'ৰাসায়নিক অভিযন্তা'ৰ পেছা ইতিমধ্যে সাধাৰণ হৈ পৰিছিল।[6]

ৰাসায়নিক অভিযান্ত্ৰিকীৰ এক প্ৰাথমিক ধাৰণা 'ইউনিট অপাৰেচন'ৰ বিকাশৰ দ্বাৰা এই বিভাগটোৱে মূৰ দাঙি উঠিছিল। প্ৰায় সকলো লিখকেই ডেভিছে 'ইউনিট অপাৰেচন' ধাৰণা আৱিষ্কাৰ কৰা বিষয়টোত একমত। ১৮৮৭ চনত তেখেতে মানচেষ্টাৰ টেকনিকেল স্কুলত (বৰ্তমানৰ মানচেষ্টাৰ বিশ্ববিদ্যালয় ) 'ইউনিট অপাৰেচন'ৰ ওপৰত দিয়া এক বক্তৃতা শৃংখল ৰাসায়নিক অভিযান্ত্ৰিকীৰ বাট মুকলি কৰা প্ৰচেষ্টাবোৰৰ ভিতৰত অন্যতম আছিল। ডেভিছৰ বক্তৃতাৰ তিনিবছৰ আগতে হেনৰী এডৱাৰ্ড আৰ্মষ্ট্ৰ্ঙে 'চিটী এণ্ড গিল্ডচ অৱ লণ্ডন ইনষ্টিটিউট'ত ৰাসায়নিক অভিযান্ত্ৰিকীৰ এক পাঠ্যক্ৰ্ম প্ৰ্ৱৰ্তন কৰিছিল কিন্ত এই পাঠ্যক্ৰ্মে নিয়োগকৰ্তাক আৰ্কষিত কৰিব নোৱাৰা বাবে এই পাঠ্যক্ৰ্ম বিফল হয়। কিয়নো সেই সময়ৰ নিয়োগকৰ্তাই ৰসায়নবিদ তথা যান্ত্ৰিক অভিযন্তাকহে বেছি অগ্ৰাধিকাৰ দিছিল। এই পাঠ্যক্ৰ্ম যচা মাছাছুছেটচ্ ইনষ্টিটিউটত অৱ টেক্‌ন'ল'জী (এম্.আই.টি), মানচেষ্টাৰৰ অৱেন কলেজ, ইংলেণ্ড আৰু ইউনিভাৰচিটী কলেজ লণ্ডনটো ৰাসায়নিক অভিযান্ত্ৰিকীৰ একে দশা হৈছিল।

এম্.আই.টি.-ৰ ঔদ্যোগিক ৰসায়ন পৰীক্ষাগাৰৰত বিদ্যাৰ্থীসকল

১৮৮৮ চনৰ পৰা লেৱিছ এম্. নৰ্টনে আমেৰিকা যুক্তৰাষ্টৰ এ.আই.টিত সৰ্বপ্ৰথমে ৰাসায়নিক অভিযান্ত্ৰিকীৰ পাঠ্যক্ৰমৰ শিক্ষা আৰম্ভ কৰে। নৰ্টনৰ পাঠ্যক্ৰম আৰু আৰ্মষ্ট্ৰঙৰ সৈতে সমসাময়িক আৰু উল্লেখযোগ্যভাৱে সদৃশ আছিল। দুয়োটা পাঠ্যক্ৰমেই সাধাৰণভাৱে ৰসায়ন আৰু অভিযন্ত্ৰণৰ বিষয়বস্তু অন্তৰ্ভুক্ত কৰিছিল। "এই বিষয়ৰ শিক্ষাৰ্থীসকলে অভিযন্তাসকলক তেওঁলোক যে অভিযন্তা আৰু ৰসায়নবিদসকলক তেওঁলোক যে সাধাৰণ ৰসায়নবিদ নহয় সেয়া পতিয়ন নিয়াব পৰা নাছিল। ইউনিট অপাৰেচন বিষয়টো ১৯০৫ চনত উইলিয়াম হাল্টজ ৱাকাৰে অন্তৰ্ভুক্ত কৰে। ১৯২০ চনলৈকে ইউনিট অপাৰেচন বিষয়টো এম.আই.টি আৰু আন আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিশ্ববিদ্যালয় তথা লণ্ডনৰ ইম্পেৰিয়েল কলেজৰ ৰাসায়নিক অভিযান্ত্ৰিকীৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈ পৰে। ১৯০৮ চনত প্ৰতিস্থিত আমেৰিকান ইনষ্টিটিউট অৱ কেমিকেল ইঞ্জিনিয়াৰে ৰাসায়নিক অভিযান্ত্ৰিকীক বিজ্ঞানৰ এক স্বাধীন বিষয় হিচাপে প্ৰতিষ্ঠা কৰাত আৰু ইউনিট অপাৰেচনক এই বিষয়ৰ মূল হিচাপে প্ৰতিষ্ঠা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই প্ৰতিষ্ঠানে ১৯২২ চনৰ এক ৰিপৰ্টত ৰাসায়নিক অভিযান্ত্ৰিকীক এক স্বাধীন বিজ্ঞান হিচাপে কয় যাৰ ভেটি হয় ইউনিট অপাৰেচন আৰু এই ভিত্তিত ৰাসায়নিক অভিযান্ত্ৰিকীৰ সন্তোষজনক পাঠ্যক্ৰম থকা শিক্ষানুষ্ঠানৰ তালিকা প্ৰস্তুত কৰে। একেসময়তে ১৯২২ চনত ৰাসায়নিক অভিযান্ত্ৰিকীক ব্ৰিটেইনত এক নিৰ্দিষ্ট বিজ্ঞান হিচাপে প্ৰতিষ্ঠা কৰাত ইনষ্টিটিউট অৱ কেমিকেল ইঞ্জিনিয়াৰয়ে ভূমিকা লয়। এই প্ৰতিষ্ঠানেও ইউনিট অপাৰেচনক এই বিষয়ৰ বাবে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Cohen 1996, পৃষ্ঠা. 172.
  2. Swindin, N. (1953). "George E. Davis memorial lecture". Transactions of the Institution of Chemical Engineers খণ্ড 31. 
  3. Flavell-While, Claudia (2012). "Chemical Engineers Who Changed the World: Meet the Daddy". The Chemical Engineer. 52-54. Archived from the original on 28 October 2016. https://web.archive.org/web/20161028085216/http://www.thechemicalengineer.com/~/media/Documents/TCE/Articles/2012/849/849cewctw.pdf. 
  4. Reynolds 2001, পৃষ্ঠা. 176.
  5. Cohen 1996, পৃষ্ঠা. 186.
  6. Perkins 2003, পৃষ্ঠা. 20.

গ্ৰন্থপঞ্জী

[সম্পাদনা কৰক]