সমললৈ যাওক

ৰীতা কোঠাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰীতা কোঠাৰী

২০১৭ চনৰ ডিচেম্বৰ মাহত ৰীতা কোঠাৰী
জন্ম ৩০ জুলাই, ১৯৬৯ (৫৬ বছৰ)
গুজৰাট
পেচা লেখক, তাত্ত্বিক অনুবাদক, অধ্যাপক
ভাষা গুজৰাটী, ইংৰাজী
ৰাষ্ট্ৰীয়তা ভাৰতীয়
শিক্ষা * কলা শাখাৰ স্নাতকোত্তৰ
  • দৰ্শনৰ স্নাতকোত্তৰ
  • দৰ্শনত ডক্টৰেট
মাতৃশিক্ষায়তন * গুজৰাট বিশ্ববিদ্যালয়
  • সাবিত্ৰীবাঈ ফুলে পুনা বিশ্ববিদ্যালয়
উল্লেখনীয় কৰ্মৰাজি * ট্ৰেঞ্চলেটিং ইণ্ডিয়া (২০০৩)
  • দ্য বাৰ্ডেন অৱ ৰেফিউজী: দ্য সিন্ধী হিন্দুজ্‌ অৱ গুজৰাট (২০০৭)
  • আনবৰ্ডাৰড মেম’ৰিজ (২০০৯)
ৱেবছাইট ittgn.academia.edu/RitaKothari

ৰীতা কোঠাৰী (ইংৰাজী: Rita Kothari; জন্ম: ৩০ জুলাই, ১৯৬৯) এগৰাকী গুজৰাটী আৰু ইংৰাজী ভাষাৰ লেখক আৰু অনুবাদক। জন্মসূত্ৰে কোঠাৰী ভাৰতীয় গুজৰাটী। এগৰাকী সিন্ধী ৰূপে নিজা পৰিচয় আৰু স্মৃতি সংৰক্ষণৰ মানসেৰে, কোঠাৰীয়ে ভাৰত বিভাজন আৰু মানুহৰ ওপৰত ইয়াৰ প্ৰভাৱ বিষয়ক বহুকেইখন কিতাপ লিখিছে। তেওঁ কেইবাখনো গুজৰাটী ভাষাৰ কিতাপ ইংৰাজীলৈ অনুবাদ কৰিছে।

সংক্ষিপ্ত জীৱনী

[সম্পাদনা কৰক]

১৯৮৯ চনত, আহমেদাবাদৰ চেইণ্ট জেভিয়াৰ্চ কলেজৰ পৰা কোঠাৰীয়ে কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে আৰু তাৰ ঠিক দুবছৰৰ পাছত পুনা বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লয়। ১৯৯৫ ত তেওঁক দৰ্শনৰ স্নাতকোত্তৰ ডিগ্ৰী আৰু ২০০০ চনত , তেওঁৰ গৱেষণাপত্ৰ দ্য এক্সপিৰিয়েঞ্চ অৱ ট্ৰেন্সলেটিং হিন্দী প্ৰ'জ এণ্ড ট্ৰেন্সলেটিং ইণ্ডিয়া :দ্য কালচাৰেল পলিটিক্স অৱ ইংলিচৰ বাবে গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা তেওঁক ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।[1]

কোঠাৰীয়ে সোনিপটৰ অশোকা বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যাপনা কৰে। তেওঁ ২০০৭ চনৰ পৰা ২০১৭ চনলৈ, গান্ধীনগৰত অৱস্থিত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ মানৱ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিভাগত কৰ্মৰত আছিল।[2] ১৯৯২ চনৰ পৰা ২০০৭ চনলৈ তেওঁ আহমেদাবাদৰ চেইণ্ট জেভিয়াৰ্চ কলেজৰ ইংৰাজী বিভাগত ভাৰতীয় সাহিত্য আৰু অনুবাদ পঢ়াইছিল।[3] ইয়াৰ পিছত কোঠাৰীয়ে ‘এম আই চি এ’(ইনষ্টিটিউট অৱ ষ্ট্ৰেটেজিক মাৰ্কেটিং এণ্ড কম্যুনিকেচন)ৰ সাংস্কৃতিক আৰু যোগাযোগ (কালচাৰ এণ্ড কম্যুনিকেচন) বিভাগত অধ্যাপক ৰূপে যোগদান কৰিছিল।[1]

সাহিত্য, চলচ্চিত্ৰ, নৃতাত্ত্বিক আৰু সাংস্কৃতিক ইতিহাস কোঠাৰীৰ শিক্ষাদানৰ আগ্ৰহৰ অন্তৰ্গত। ভাষা, প্ৰসংগ আৰু সংস্কৃতিৰ অধ্যয়ন হ’ল তেওঁৰ ৰুচি, যি অনুবাদক এক প্ৰিজম ৰূপে গঠন কৰিছে , যাৰ মাজেদি কোঠাৰীয়ে ভাৰতীয় প্ৰেক্ষাপট চায়।[4]

কোঠাৰী আহমেদাবাদত থাকে।[5]

কৰ্মজীৱন

[সম্পাদনা কৰক]

এগৰাকী গুজৰাটী সিন্ধী ৰূপে আত্ম পৰিচয় আৰু স্মৃতি সংৰক্ষণৰ মানসেৰে, কোঠাৰীয়ে ট্ৰেন্সলেটিং ইণ্ডিয়া :দ্য কালচাৰেল পলিটিক্স অৱ ইংলিচ (২০০৩), দ্য বাৰ্ডেন অৱ ৰেফিউজী: দ্য সিন্ধী হিন্দুজ্‌ অৱ গুজৰাট (২০০৭) আৰু মেম'ৰিজ এণ্ড মমেণ্টচ্‌ (২০১৬) আদি কেইবাখনো গ্ৰন্থ লিখিছে।[2]

কোঠাৰীয়ে মডাৰ্ণ গুজৰাটী পয়েট্ৰি এণ্ড ক'ৰেল আইলেণ্ড: দ্য পয়েট্ৰি অৱ নিৰঞ্জন ভগত গ্ৰন্থখন সহ অনুবাদ কৰিছে। তেওঁ জোছেফ মেকৱানৰ গুজৰাটী উপন্যাস অংগলিয়াটদ্য ষ্টেপচাইল্ড নাম দি আৰু ইলা মেহতাৰ কিতাপ ভাড়ফেন্স (২০১৫) নামেৰে ইংৰাজীলৈ অনুবাদ কৰিছে। তেওঁ জুৰী ৱাকাবায়াচী আৰু ৰুপাৰ্ট স্নেলৰ সৈতে দুখন কিতাপ সহ সম্পাদনা কৰিছে। কোঠাৰী স্পীচ এণ্ড চাইলেন্স: লিটাৰেৰি জাৰ্নিচ্‌ বাই গুজৰাটী ৱুমেনৰ সম্পাদক আৰু অনুবাদক।[6][7][8]

তেওঁ তেওঁৰ স্বামী অভিজিৎ কোঠাৰীৰ সৈতে যুটীয়াভাৱে কে এম মুন্সিৰ পটন ত্ৰিলজী -দ্য গ্লৰি অৱ পটন, দ্য লৰ্ড এণ্ড মাষ্টাৰ অৱ গুজৰাট আৰু কিং অৱ কিঙচ্‌ শীৰ্ষকেৰে ক্ৰমে ২০১৭, ২০১৮[9][10] আৰু ২০১৯ চনত অনুবাদ কৰি প্ৰকাশ কৰে।

নিৰ্বাচিত গ্ৰন্থ

[সম্পাদনা কৰক]
  1. ট্ৰেঞ্চলেটিং ইণ্ডিয়া (৮ এপ্ৰিল, ২০১৪)
  2. চাটনেফাইং ইংলিচ:দ্য ফেনোমেনন অৱ হিংলিছ (২০১১, ৰুপাৰ্ট স্নেলৰ সৈতে যুটীয়াভাৱে)
  3. দ্য বাৰ্ডেন অৱ ৰেফিউজী: দ্য সিন্ধী হিন্দুজ্‌ অৱ গুজৰাট (১ ফেব্ৰুৱাৰী, ২০০৭)
  4. ইণ্ডিয়ান লিটাৰেচাৰ ইন ইংলিচ ট্ৰেন্সলেচন দ্য ছ'চিয়েল কন্টেক্স (৩০ ছেপ্টেম্বৰ, ১৯৯৯)
  5. দ্য গ্ৰেটেষ্ট গুজৰাটী ষ্ট'ৰিজ এভাৰ ট'ল্ড (২০২২)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Rita Kothari - Indian Institute of Technology Gandhinagar" (af ভাষাত). Academia.edu. 2015-08-03. https://ittgn.academia.edu/RitaKothari/CurriculumVitae আহৰণ কৰা হৈছে: 2016-11-24.[সংযোগবিহীন উৎস]
  2. 1 2 Adhyaru-Majithia, Priya (3 February 2013). "Dr Rita Kothari explores Idea of border and trauma of Partition". dna. http://www.dnaindia.com/ahmedabad/report-dr-rita-kothari-explores-idea-of-border-and-trauma-of-partition-1795782 আহৰণ কৰা হৈছে: 3 December 2016.
  3. Indian Review of Books. Acme Books Pvt. Limited. 1998. পৃষ্ঠা. 22. https://books.google.com/books?id=BjFuAAAAMAAJ আহৰণ কৰা হৈছে: 2016-12-03.
  4. University, Ashoka. "Faculty/Staff Ashoka University" (en ভাষাত). Ashoka University. https://www.ashoka.edu.in/welcome/faculty#!/rita-kothari-663 আহৰণ কৰা হৈছে: 2018-02-20.
  5. "Rita Kothari - Indian Institute of Technology Gandhinagar". Academia.edu. 2015-08-03. https://ittgn.academia.edu/RitaKothari আহৰণ কৰা হৈছে: 2016-11-24.
  6. "Rita Kothari". The Re:Enlightenment Project. Archived from the original on 2016-11-24. https://web.archive.org/web/20161124160408/http://www.reenlightenment.org/people/kothari আহৰণ কৰা হৈছে: 2016-11-24.
  7. "Is Multilingualism a 'new' discovery?, Rita Kothari – Multilingualism". Multilingualism – Boğaziçi University. 2016-03-02. Archived from the original on 2016-11-24. https://web.archive.org/web/20161124222831/http://multilingualism-translation.boun.edu.tr/index.php/is-multilingualism-a-new-discovery-rita-kothari/ আহৰণ কৰা হৈছে: 2016-11-24.
  8. "Rita Kothari". Jaipur Literature Festival. 2016-11-04. https://jaipurliteraturefestival.org/speaker-post/rita-kothari/ আহৰণ কৰা হৈছে: 2016-11-24.
  9. Deb, Sandipan (11 June 2017). "Freedom fighter KM Munshi's first novel is now available in English". India Today. https://www.indiatoday.in/lifestyle/culture/story/freedom-fighter-km-munshi-first-novel-english-patanni-prabhuta-the-glory-of-patan-lifest-982123-2017-06-11 আহৰণ কৰা হৈছে: 27 May 2019.
  10. Ajay, Lakshmi (9 September 2018). "Immortalising Munshi". Ahmedabad Mirror. https://ahmedabadmirror.indiatimes.com/others/sunday-read/immortalising-munshi/articleshow/65736954.cms আহৰণ কৰা হৈছে: 27 May 2018.