ৰুদ্ৰাক্ষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰুদ্ৰাক্ষ গছ
Tree
Collection of five-faced rudrakshas
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
বিভাগ: Magnoliophyta
শ্ৰেণী: Magnoliopsida
বৰ্গ: Oxalidales
পৰিয়াল: Elaeocarpaceae
গণ: Elaeocarpus
প্ৰজাতি: E. ganitrus
বৈজ্ঞানিক নাম
Elaeocarpus ganitrus
(Roxb.)

ৰুদ্ৰাক্ষ গছৰ বৈজ্ঞানিক নাম - Eleocarus ganitrus,roxb (Family, অৰ্থাৎ গোত্ৰ Tiliaceae), ইয়াত Eleocarus জাতি নাম (Genus) আৰু ganitrus প্ৰজাতি (species) নাম আৰু শেষৰ Roxb.শব্দটোৱে এই গছৰ উদ্ভাৱক Roxburghৰ সংক্ষিপ্ত নাম বুজায়৷ এই নামেৰে ৰুদ্ৰাক্ষ গছ পৃথিৱীৰ সকলো ঠাইতে পৰিচিত।[1]


ৰুদ্ৰাক্ষৰ গছৰ উৎপত্তি[সম্পাদনা কৰক]

হিন্দুসকলৰ তৃতীয় আৰাধ্য দেৱতা শিৱৰ লগত ৰুদ্ৰাক্ষৰ উৎপত্তিৰ কথা জড়িত হৈ আছে বুলি জনা যায়৷ ৰুদ্ৰাক্ষ শিৱৰ বৰ প্ৰিয় গছ আছিল৷ এইটো এটা সংস্কৃত শব্দ৷ ‘ৰুদ্ৰ’ৰ অৰ্থ হৈছে শিৱ আৰু ‘অক্ষি’ মানে চকু,অৰ্থাৎ ৰুদ্ৰাক্ষ মানে শিৱৰ চকু৷ পৌৰাণিক মহাকাব্য শিৱপুৰাণৰ মতে পৃথিৱীৰ মানুহৰ দুখ-দুৰ্দশা দেখি মহাদেৱে ইমানেই সহানুভূতিশীল হৈ পৰিছিল যে তেওঁৰ চকুৰপৰা এটুপি পানী নিৰ্গত হৈ মাটিত পৰিছিল আৰু চকুলো টোপাল বীজলৈ পৰিণত হৈ কালক্ৰমত পৃথিৱীত ৰুদ্ৰাক্ষ গছৰ সৃষ্টি হৈছিল৷

ভৌগোলিক বিস্তৃতি[সম্পাদনা কৰক]

ৰুদ্ৰাক্ষ গছ সাধাৰণতে দক্ষিণ-পূব এছিয়াৰ জাভা, সুমাত্ৰা, বৰ্নিঅ’, বালি, ইৰাণ, ইণ্ডোনেছিয়া, ফিলিপাইন, ম্যানমাৰ, পূব নেপাল আৰু সমগ্ৰ উত্তৰ ভাৰতত পোৱা যায়৷ বৰ্তমান পৃথিৱীৰ শতকৰা প্ৰায় ৭০ ভাগ ৰুদ্ৰাক্ষ গছ ইণ্ডোনেছিয়াত, ২৫ ভাগ নেপালত আৰু প্ৰায় ৫ভাগ ৰুদ্ৰাক্ষ গছ ভাৰতবৰ্ষত বিস্তৃত হৈ আছে।[1]

ৰুদ্ৰাক্ষ গছৰ বিশেষ লক্ষণ[সম্পাদনা কৰক]

বহু বৰ্ষজীৱী ডাঙৰ ঔষধি গছ৷ সমুদ্ৰপৃষ্ঠৰপৰা ২,০০০ মিটাৰ উচ্চাতাত এই গছ দেখা পোৱা যায়৷ গছজোপাৰ উচ্চতা ৫০ৰপৰা ২০০ফুট পৰ্যন্ত হয়৷ এই গছৰ বাকলি ধোঁৱা বৰণীয়া বগা আৰু খহটা৷ পাতবোৰ সৰল আৰু বহল৷ পাতৰ ওপৰপৃষ্ঠ উজ্জল-সেউজীয়া আৰু তলফালটো কম সেউজীয়াআৰু চামৰাৰ দৰে৷ এপ্ৰিল-মে মাহৰ ভিতৰত ৰুদ্ৰাক্ষ গছৰ ফুল ফুলে আৰু জুন মাহত ফল ধৰিবলৈ আৰম্ভ কৰি আগষ্টৰপৰা অক্টোবৰৰ ভিতৰত ফল পকে৷ ফলবোৰ গোলাকাৰ, মঙহাল আৰু বাকলিযুক্ত৷ ‘বেৰি’জাতীয় এই ফলৰ ভিতৰত একোটাকৈ গুটি থাকে৷ ফলবোৰ সম্পূৰ্ণকৈ পকিলে নীলা ৰঙৰ হয়৷ সেইকাৰণে ইয়াক ‘ব্লু-বেৰি’ (Blueberry) বোলে। কিন্তু শুকাই গ’লে এই ফল ক’লা বৰণৰ হয়।

ৰুদ্ৰাক্ষ গছৰ গুটি[সম্পাদনা কৰক]

গুটিৰ ওপৰিভাগ যথেষ্ট কঠিন আৰু খহটা (ভোটা কাঁইটৰ দৰে)৷ এই গুটি ৰচীৰে গাঁথি মালা তৈয়াৰ কৰা হয়৷ ৰুদ্ৰাক্ষ গুটিৰ ওপৰভাগত সৰু সৰু ‘মুখ’ থাকে৷ এই মুখৰ সংখ্যা একোটা গুটিত ১ৰপৰা ৩৮টা পৰ্যন্ত হোৱা দেখা যায়৷ এক আৰু চৈধ্যমুখী ৰুদ্ৰাক্ষৰ অধিপতি ৰুদ্ৰ বা শিৱ বুলি বিশ্বাস কৰা হয়৷ এক আৰু পোন্ধৰৰপৰা আঠত্ৰিছমুখী ৰুদ্ৰাক্ষ বিৰল৷ পঞ্চমুখী ৰুদ্ৰাক্ষ সহজলভ্য৷ সেইকাৰণে সাধু-সন্নাসীসকলে পঞ্চমুখী ৰুদ্ৰাক্ষৰ গুটিৰ মালা ব্যৱহাৰ কৰে৷ এই গছৰ গুটিৰে মালা তৈয়াৰ কৰা হয় কাৰণে ৰুদ্ৰাক্ষ গছক ইংৰাজীত ‘বিড ট্ৰি’(Beed tree)বোলে৷ বৈদিক শাস্ত্ৰত বিশ্বব্ৰক্ষ্মাণ্ডখন ১০৮টা মূল উপাদানেৰে গঠিত বুলি উল্লেখ থকা কাৰণে এডাল মালাত ১০৮টা ৰুদ্ৰাক্ষ গুটি ব্যৱহাৰ কৰা হয়৷

ৰুদ্ৰাক্ষৰ খেতি কৰাটো কষ্টকৰ। কাৰণ এই গছৰ গুটীৰ অংকুৰণ হ’বলৈ বহু সময় লাগে৷ মাটিৰ গুণাগুণ আৰু আৰ্দ্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি এবছৰৰপৰা দুবছৰৰ ভিতৰত এই গুটিৰ অংকুৰণ হয়৷ ২৫°-৩০° দুবছৰৰ ছেণ্টিগ্ৰেড উষ্ণতাৰ উপক্ৰান্তীয় অঞ্চলত ৰুদ্ৰাক্ষৰ খেতি কৰা হয়৷ সাত বছৰ বয়স হোৱাৰ পাছতহে সাধাৰণতে ৰুদ্ৰাক্ষ গছত ফল ধৰে৷ তাপ, পোহৰ আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰি একোজোপা গছতে ভিন্নমুখী ৰুদ্ৰাক্ষ গুটিৰ সৃষ্টি হ’ব পাৰে৷ হিমালয়ৰ নামনি অঞ্চলত হোৱা গুটি সেই ঠাইৰ মাটি,পৰিবেশ আৰু জলবায়ুৰ বাবে আটাইতকৈ গধুৰ আৰু শক্তিশালী হয়৷ হিন্দু,বৌদ্ধ আৰু শিখ ধৰ্মৰ লোকে হাজাৰ হাজাৰ বছৰ ধৰি নিজৰ দেহ,মন আৰু আত্মা পবিত্ৰ কৰাৰ বাবে ৰুদ্ৰাক্ষৰ মালা ‘জপমালা’ হিচাপে ব্যৱহাৰ আৰু পৰিধান কৰি আহিছে৷[1]

ৰুদ্ৰাক্ষৰ ঔষধি গুণ[সম্পাদনা কৰক]

ভাৰতবৰ্ষত কেইবাজনো বিশিষ্ট গৱেষকে ৰুদ্ৰাক্ষৰ গুটিৰ বিষয়ে সময়ে সময়ে গৱেষণা কৰি আহিছে৷ এই গুটিত ‘ষ্টেৰল’(Sterol)আৰু ‘পলিফেনলিক’ৰ( Polyphenolic)ৰাসায়নিক জটিল পদাৰ্থ নিহিত হৈ আছে বুলি গৱেষকসকলে মন্তব্য কৰে৷ বেনজিন(Benzene C6 H6)নামৰ কাৰ্বন আৰু হাইড্ৰ’জেনযুক্ত পদাৰ্থৰ লগত এটা বা ততোধিক হাইড্ৰ’ক্সিল(Hydroxyl,OH)গ্ৰুপযুক্ত হৈ ফেনলিক পদাৰ্থৰ সৃষ্টি হয়৷ এই পদাৰ্থবোৰ উদ্ভিদৰ বিভিন্ন বিপাকীয় কাৰ্যৰ ফলত তৈয়াৰ হয়৷ ‘ষ্টেৰল’বিলাক কাৰ্বন,হাইড্ৰ’জেন আৰু ‘OH’গ্ৰুপ থকা এলকহল জাতীয় পদাৰ্থ৷ উদাহৰণ, ‘কলেষ্টেৰল’(Cholesterol,C27 H45 OH)আয়ুৰ্বেদৰ মতে ৰুদ্ৰাক্ষৰ মালা পৰিধান কৰিলে হৃৎপিণ্ডৰ অস্বাভাৱিক কম্পন,শাসকষ্ট আদি ৰোগ,স্নায়ৱিক দুৰ্বলতা,মানসিক উৎকণ্ঠা,হতাশা আদি হ্ৰাস পায়৷ ফলত শাৰীৰিক আৰু মানসিক দুয়োফালৰপৰা মানুহক সবল আৰু কাৰ্যক্ষম কৰি মনলৈ বাৰ্ধক্য ভাব অহাত বাধা দিয়ে৷ গতিকে ৰুদ্ৰাক্ষ গুটিৰ বাৰ্ধক্য প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে৷ উচ্চ ৰক্তচাপত ভোগা লোকে এই মালা পৰিধান কৰিলে উপকৃত হয়৷ কাৰণ ৰুদ্ৰাক্ষৰ গুটিৰ স্পৰ্শই দেহত বিদ্যুৎ চুম্বকীয় প্ৰবাহৰ সৃষ্টি কৰে বুলি অতীজপৰা বহুতৰ মনত বিশ্বাস আছে৷ বেনাৰসৰ ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱটেকনলজি’ৰ(IIT)ড° সুহাস ৰয়ে প্ৰকাশ কৰা গৱেষণা পত্ৰই এই তত্তৰ সত্যতা প্ৰমাণ কৰে৷ ৰুদ্ৰাক্ষ গুটিৰ গুৰি পানীৰ লগত মিলাই খালেও কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ উচ্চ ৰক্তচাপ নিয়মীয়া হয়(Dr.S.P.Gupta,1985)৷ ভিন্নমুখী(১-৩৮ মুখযুক্ত)ৰুদ্ৰাক্ষৰ গুটি ব্যৱহাৰ কৰি মানুহৰ দেহৰ বিভিন্ন ৰোগাক্ৰান্ত অংগ আদিয়ে আৰোগ্য লাভ কৰাৰ বিষয়ে লগত দিয়া তালিকাত উল্লেখ কৰা হ’ল।[1]

ৰুদ্ৰাক্ষৰ প্ৰকাৰ আৰোগ্য লাভ(অংগ আদি)
১আৰু ১২ মুখী হৃৎপিণ্ড,ৰাজহাড়,ৰক্তবাহী সিৰ আৰু দৃষ্টিশক্তি৷
২মুখী পেটৰ ৰোগ, বক্ষ, ঘাম,লালটি,স্নায়ুতন্ত্ৰ আদি৷
৩ মুখী যৌনগ্ৰন্থি, অধিবৃক্কীয় গ্ৰন্থি(adrenal glands),লোহিত কণা,পেটৰ অসুখ,ৰক্তচাপৰ অস্বাভাৱিকতা৷
৪মুখী হাত,বাহু,হাঁওফাঁও,স্পৰ্শেন্দ্ৰিয় গ্ৰন্থি(sensory organs),থাইৰয়ড গ্ৰন্থি(thyroid gland),মগজুৰ বিজুতি বা বিকলতা(brain disorders)আদি৷
৫ মুখী যকৃৎ(liver),পিত্তথলি(gall bladder),ৰক্তচাপৰ অস্বাভাৱিকতা আদি৷
৬ আৰু ১৩ মুখী গলা বা কণ্ঠ(throat),ডিঙি,বৃক্ক(kidney),যৌনাংগ,থাইৰয়ড গ্ৰন্থি৷
৭ আৰু ১৪ মুখী মানসিক চাপ,হতাশা,ছাল(skin),ভৰিৰ আঁঠুৰপৰা তলৰ অংশ,পিটুইটেৰি গ্ৰন্থি (pituitary gland)৷
৮ মুখী অনিদ্ৰা৷
৯ মুখী ছালৰ সমস্যা আৰু গাৰ বিষ৷
১১ মুখী স্নায়ুতন্ত্ৰৰ ব্যাধি বা বিকলতা(nervous system disorders)৷[1]


সাধাৰণতে পঞ্চমুখী গুটি সহজলভ্য আৰু এইবিধ গুটিৰ ৰক্তচাপ নিয়মীয়া কৰিব পৰা ক্ষমতা আছে৷ দ্বিমুখী গুটিৰ মালা পিন্ধিলে মনলৈ শান্তি আহে বুলি জনা যায়৷ আয়ুৰ্বেদৰ মতে কেইটামান গুটি অলপ গাখীৰত উতলাই লৈ ঠাণ্ডা কৰি সেই গাখীৰ খালেও শৰীৰত দেখা দিয়া হতাশা,বুকুৰ ধপধপনি আদি নিয়মীয়া হয়৷ প্ৰাচীন কালত কেৱল ঋষি-মুনিসকলেহে ৰুদ্ৰাক্ষৰ মালা পিন্ধিছিল আৰু ‘জপমালা’ হিচাপে ব্যৱহাৰ কৰিছিল৷ কিন্তু বৰ্তমান এই মালা আমাৰ দেশৰ বহুতো পুৰুষ-মহিলাই ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে৷ ভাৰতীয় সংস্কৃতি,দৰ্শন আৰু বিদেশী লোকেও ৰুদ্ৰাক্ষৰ মালা পৰিধান কৰা দেখা গৈছে৷ বৰ্তমান বজাৰত পাঁচ টকাৰপৰা আৰম্ভ কৰি ২.৪০লাখ টকা মূল্যৰ ৰুদ্ৰাক্ষ আছে বুলি জনা যায়৷ ৰুদ্ৰাক্ষৰ মালা বৰ্তমান বজাৰত সোণ,ৰূপ আৰু বিবিধ মণিৰ লগত মিলাই গঁথা ‘বিলাসী ধৰণতো’(Fashionable necklace)পোৱা যায়৷ ৰুদ্ৰাক্ষৰ মালা সকলোৱে ব্যৱহাৰ কৰিব পাৰে,মাথোঁ এই ক্ষেত্ৰত নকল ৰুদ্ৰাক্ষৰ পৰা সাৱধান হোৱা উচিত৷ নকল ৰুদ্ৰাক্ষ গছজোপাৰ বৈজ্ঞানিক নাম:(Eleocarus tuberculatus,Roxb.(গোত্ৰ)Tiliaceae)৷ এই গুটি ৰুদ্ৰাক্ষ সদৃশ যদিও একে পৰ্যায়ৰ নহয়৷[1]

প্ৰকৃত ৰুদ্ৰাক্ষ চিনি পোৱাৰ উপায়

ৰুদ্ৰাক্ষৰ প্ৰকৃত গুটি পানীত ছঘণ্টা সময় উতলাই থাকিলেও গুটিৰ কোনো পৰিবৰ্তন নহয়,একেই থাকে৷ কিন্তু নকল ৰুদ্ৰাক্ষ পানীত ভাগি জহি যায়৷ প্ৰকৃত ৰুদ্ৰাক্ষ কোনোমতেই ভাঙিব নোৱাৰি৷ ৰুদ্ৰাক্ষ মালা পৰিধান কৰাসকলে কিছু সাৱধানতা অৱলম্বন কৰে৷ তেওঁলোকৰ মতে এই মালা শোওঁতে আৰু গা ধোৱাৰ সময়ত খুলি থব লাগে৷ কাৰণ চাবোন লাগিলে গুটিত থকা তৈলগুণ হেনো ক্ৰমশ: নোহোৱা হৈ যায়৷ মালাৰ উপৰিভাগত লগা ধূলি-বালি দূৰ কৰিবলৈ মালাধাৰ এৰাতি পানীত তিয়াই থৈ,শুকুৱাই লৈ জলফাইৰ তেল(Olive oil)বা মিঠাতেল সানি পুনৰ ব্যৱহাৰ কৰিব পাৰে৷[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 ড° অপৰ্ণা বুজৰবৰুৱা (১৬ - ৩১ অক্টোবৰ ২০১২). "ৰুদ্ৰাক্ষৰ বিষয়ে". প্ৰান্তিক খণ্ড ৩১শ বছৰ (২২শ সংখ্যা): পৃষ্ঠা ১৬ -১৭.