সমললৈ যাওক

ৰূপহী কনিষ্ঠ মহাবিদ্যালয় (বাক্সা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰূপহী কনিষ্ঠ মহাবিদ্যালয়
লেটিন: Rupahi Jr College
স্থাপিত ২০১৫
অধ্যক্ষ শ্ৰীযতীন বডো
স্থান বাক্সা[1], অসম, ভাৰত
ভুক্তি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ

ৰূপহী কনিষ্ঠ মহাবিদ্যালয় (ইংৰাজী: Rupahi Jr. College) হৈছে বাক্সাৰ ৰূপহীত অৱস্থিত এখন উচ্চতৰ মাধ্যমিক শিক্ষা প্ৰতিষ্ঠান। ২০১৫ চনত স্থাপিত মহাবিদ্যালয়খন অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ ৰ সৈতে সুন্দৰ সংযুক্ত আৰু সেউজীয়া পথাৰৰ পৰিৱেশেৰে আবেষ্টিত।

২০১৫ চনত বাক্সাৰ ৰূপহী অঞ্চলক শিক্ষাৰ জ্যোতিৰে আলোকিত কৰিবলৈ ৰূপহী কনিষ্ঠ মহাবিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল। ভৌগোলিকভাৱে অন্য অঞ্চলৰপৰা পৃথকী কৰণ আৰু সেই অঞ্চলৰ লোকৰ শিক্ষাৰ অনগ্ৰসৰতাৰ বাবে এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আৰম্ভ কৰাটো জৰুৰী হৈ পৰিছিল। বৰ্তমান সময়ত মূলসূঁতিৰ সৈতে সংলগ্ন হৈ আগবাঢ়ি যোৱাটো এক প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছিল। এচাম সচেতন লোক আৰু সমাজ সেৱকে উপলব্ধি কৰিছিল যে কেৱল শিক্ষাৰদ্বাৰা হে ই সম্ভৱ।[2][3]

পাঠ্যক্ৰম

[সম্পাদনা কৰক]

মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক(কলা) পাঠ্যক্ৰম আগবঢ়ায়। তদুপৰি সময়ে সময়ে কেৰিয়াৰ কাউন্সেলিং, আলোচনাচক্ৰ,অনুপ্ৰেৰণামূলক আলোচনা আয়োজন কৰে আৰু শিক্ষাৰ্থীসকলক কেৰিয়াৰ গঢ়াত সহায় কৰাৰ বাবে প্ৰস্তুত কৰা পাঠ্যক্ৰম আৰম্ভ কৰিছে।

পুথিভঁৰাল

[সম্পাদনা কৰক]

মহাবিদ্যালয়খনে বিভিন্ন পদ্ধতিৰ শিক্ষাদানৰ লগতে পুথিভঁৰালৰ সুবিধাও আগবঢ়ায়।

মহাবিদ্যালয় পত্ৰিকা

[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Rupahi Jr College 2". mappls.com. https://www.mappls.com/ptzw2p আহৰণ কৰা হৈছে: 10 September 2024.
  2. "Rupahi Junior College 1". schools.org.in. https://schools.org.in/baksa/18240412206/rupahi-junior-college.html আহৰণ কৰা হৈছে: 10 September 2024.
  3. "Rupahi junior college 3". stackschools.com. https://stackschools.com/schools/18240412206/rupahi-junior-college আহৰণ কৰা হৈছে: 10 September 2024.