সমললৈ যাওক

ৱাইড এংগল (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱাইড এংগল

ছবিখনৰ আনুষ্ঠানিক পোষ্টাৰ
পৰিচালক জয়ন্ত নাথ
ৰচনা নগেন শইকীয়া (মূল কাহিনী), পংকজ জ্যোতি ভূঞা (চিত্ৰনাট্য)
প্ৰযোজক দেৱজ্যোতি বৰা
অভিনয়ত তপন দাস
অপৰ্ণা দত্ত চৌধুৰী
পবিত্ৰ বৰুৱা
জ্বলি লস্কৰ
ধ্যানি মোহন
জুবিন গাৰ্গ
গীতাৱালী ৰাজকুমাৰী
চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰা
সম্পাদনা দেৱজিৎ দত্ত
সংগীত পৰিচালক ৰূপম তালুকদাৰ, শ্যামল ভূঞা
প্ৰযোজনা
কোম্পানী
স্ৱাৱলম্বন মেডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট
মুক্তি
২২ মাৰ্চ, ২০২৪
দৈৰ্ঘ্য
১৪০ মিনিট
দেশ ভাৰত
ভাষা অসমীয়া

ৱাইড এংগল (ইংৰাজী: Wide Angle) হৈছে ২০২৪ চনত মুক্তি লাভ কৰা জীৱন নাথৰ দ্বাৰা পৰিচালিত, অসমৰ সাহিত্যিক-লেখক নগেন শইকীয়াৰ গল্প 'ষ্টাফ ৰিপৰ্টাৰৰ ছবি'ৰ আধাৰত নিৰ্মিত এখন সামাজিক-ড্ৰামা প্ৰকাৰৰ অসমীয়া চলচ্চিত্ৰ। ছবিখনত তপন দাস, অপৰ্ণা দত্ত চৌধুৰী, পবিত্ৰ বৰুৱা, জ্বলি লস্কৰ, ধ্যানি মোহন, জুবিন গাৰ্গকে প্ৰমুখ্য কৰি একাধিক শিল্পীয়ে অভিনয় কৰে৷ ছবিখনৰ পটভূমি অসম আন্দোলন

অসমৰ সাহিত্যিক-লেখক নগেন শইকীয়াৰ গল্প 'ষ্টাফ ৰিপ'ৰ্টাৰৰ ছবি'ৰ আধাৰত ছবিখনৰ কাহিনীটো নিৰ্মাণ কৰা হৈছে৷ কাহিনীৰ পটভূমি অসম আন্দোলন৷ আন্দোলনৰ সময়ত এজন ফটো সাংবাদিক দিলীপ ভাগৱতীয়ে তেওঁ কাম কৰা দৈনিক কাকতখনত আন্দোলনৰ ফটো যোগান ধৰিবলৈ কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল আৰু তাৰেই পৰিণতিত কিদৰে তেওঁৰ ব্যক্তিগত জীৱন আৰু সংসাৰ প্ৰভাৱিত হৈছিল-তাকেই মূলত: দেখুওৱা হয়৷ ইয়াৰ লগতে ছবিৰ কাহিনীটোত আন্দোলনৰ সময়ত অসমৰ ছাত্ৰ সমাজৰ ভূমিকা, সংগীত-শিল্পীৰ অৰিহণা, স্থানীয় ৰাইজৰ সক্ৰিয় অংশগ্ৰহণ, প্ৰেম-প্ৰতাৰণা, আৰক্ষী-প্ৰশাসনৰ কঠোৰ আৱেষ্টনী ইত্যাদি একাধিক দিশত আলোকপাত কৰা হয়৷[1]

কলা-কুশলী

[সম্পাদনা কৰক]

অভিনয়ত

[সম্পাদনা কৰক]
  • দিলীপ ভাগৱতীৰ চৰিত্ৰত তপন দাস
  • অন্তৰা ভাগৱতীৰ চৰিত্ৰত অৰ্পণা দত্ত চৌধুৰী
  • প্ৰদীপ দত্তৰ চৰিত্ৰত পবিত্ৰ বৰুৱা
  • বন্তি দত্তৰ চৰিত্ৰত জ্বলি লস্কৰ
  • গৌতম শৰ্মাৰ চৰিত্ৰত জুবিন গাৰ্গ
  • বাবলুৰ চৰিত্ৰত দীপাংকৰ দত্ত বৰুৱা
  • বৰষা শইকীয়াৰ চৰিত্ৰত ধ্যানি মোহন

আন বিভাগত

[সম্পাদনা কৰক]
  • কলা নিৰ্দেশনা: বিচিত্ৰ বৰা, মানস বৰঠাকুৰ
  • সাজ-সজ্জা : জুৰি ৰাণী নাথ
  • ৰূপ-সজ্জা : বিশ্বজিৎ কলিতা, প্ৰিয়াংশু ৰাজবংশী

ছবিখনে ২০২৪ চনৰ ২২ মাৰ্চত অসমৰ ছবিগৃহত মুক্তি লাভ কৰে৷ [2]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "পূৰ্বভাৰতী"  মৃগেন বৰকটকীজুবিন গাৰ্গ ০২:৫৯
2. "জয় আই অসম"  জেতবন বৰুৱাজুবিন গাৰ্গ ০৪:৩৭
3. "শূন্যতা"  পংকজ জ্যোতি ভূঞাগায়ত্ৰী হাজৰিকা ০৩:০৭

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. মেনা, উৎপল (এপ্ৰিল ২০২৪). "ৱাইড এংগল". ৰূপালী পৰ্দা ডট কম. https://rupaliparda.com/archives/30030। আহৰণ কৰা হৈছে: 8 August 2024. 
  2. "Wide Angle". Times of India. 19 march 2024. https://timesofindia.indiatimes.com/entertainment/assamese/movie-details/wide-angle/movieshow/108618437.cms। আহৰণ কৰা হৈছে: 8 August 2024. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]