ৱিকিপিডিয়া:প্ৰচাৰপত্ৰিকা/ছেপ্টেম্বৰ-২০১৬/ৱিকিপিডিয়া চন্দ্ৰলৈ-- অসমীয়া ভাষা সৌৰ-জগৎ সভালৈ যাব!

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৱিকিপিডিয়া চন্দ্ৰলৈ-- অসমীয়া ভাষা সৌৰ-জগৎ সভালৈ যাব!

ঈশান কাশ্যপ হাজৰিকা


অসমীয়া ভাষা জগৎ সভালৈ যাব

উজ্জ্বল সুউজ্জ্ব কহিনুৰ পিন্ধি

হাঁহি জ্যোতি ৰূপা হ'ব

-- জ্যোতি প্ৰসাদ আগৰৱালা

জ্যোতি প্ৰসাদ আগৰৱালাই কিমান আগ্ৰেহেৰে এই কথা লিখিছিল, নহয় নে? আজিৰ যুগেই বিশ্বায়নৰ যুগ। আজি কোনো বিষয়েই কোনো এক বিশেষ স্থানত সীমাবদ্ধ হৈ থকা নাই। বিশ্বৰ এমূৰৰ সমস্যাই সমস্যাত পেলাইছে বিশ্বৰ আনটো মূৰৰ লোকক। ঠিক তেনেদৰে বিশ্বৰ কোনো ঠাইৰ ভাল খবৰে পুলকিত কৰিছে ভাল ভাল পোৱা বিশ্বৰ সকলো মানুহকে। সংস্কৃতি আজি কোনো ঠাইৰ নিজা সম্পদ নহয়, বিশ্ব সংস্কৃতিৰ এক অংগ। ভাষা--? ভাষাৰ কথাও একেই ক'ব পাৰি। বিশ্ব ভাষা হিচাপে ইংৰাজীৰ গুৰুত্ব হ্ৰাস পাবলৈ ধৰিছে, ভিন ভিন ভাষাই বিশ্বব্যাপী কথনকাৰী সন্ধানিছে। নিজৰ বৈশিষ্ট্য, নিজৰ চিন বিশ্বত অংকিত কৰিবলৈ যত্নপৰ হৈছে।

অসমীয়া ভাষায়ো তেনে প্ৰচেষ্টা হাতত নোলোৱা নহয়। কিন্তু কিমান দূৰ সফল হৈছে, সেয়া চিন্তাৰ বিষয়।

আজিৰ যুগত বিশ্বত প্ৰভাৱ বিস্তাৰৰ সহজ মাধ্যম হৈ পৰিছে আন্তৰ্জাল। যোগ্যই নিজক বিশ্বত জিলিকোৱাটো জিলিকাইছেই, আনকি সন্ত্ৰাসবাদৰ দৰে কাৰ্য-কালাপো আন্তৰ্জালৰ মাধ্যমেৰে সমগ্ৰ বিশ্বতেই বিয়পি পৰিছে! এনে ক্ষেত্ৰত অসমীয়া ভাষা-সংস্কৃতিক যে বিশ্ব দৰবাৰলৈ লৈ যাবলৈ আন্তৰ্জাল এক উৎকৃষ্ট মাধ্যম, তাত কোনো দ্বিমত থাকিব নালাগে। এই কথা অসমীয়াই উপলব্ধিও কৰিছে, আৰু তাৰ পৰিণতিৰ অংশ স্বৰূপেই মই আজি এই অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ এখন মঞ্চ পাইছো। আন আন ৱেবছাইটো আছে, কিছুমান ব্যৱসায়িক, কিছুমান অ-ব্যৱসায়ীক। অসমীয়া ভাষাৰ অস্তিত্ব আন্তৰ্জালত বৃদ্ধি পাইছে। কিন্তু কিমান?

সেই কথা পাছত পাতিম। অসমীয়া ভাষা জগত সভাত কিমান দূৰ স্থাপিত হৈছে, সেয়া এক চৰ্চাৰ বিষয়, কিন্তু সেই চৰ্চাৰ পূৰ্বেই 'জগত'ৰ সীমা চেৰাই গৈ, পৃথিৱীৰ বাহিৰলৈ, অৰ্থাৎ সৌৰ-জগত সভালৈ অসমীয়া ভাষাক প্ৰেৰণ কৰাৰ সুযোগ আহি পৰিছে!! আৰু সেয়াও আন কোনো মাধ্যমৰ জড়িয়তে নহয়, স্বয়ং এই অসমীয়া ৱিকিপিডিয়াৰ জৰিয়তেই!

প্ৰকল্পটোৰ নাম 'ৱিকিপিডিয়া টু দ্য মুন', অসমীয়াত ক'বলৈ গ'লে 'ৱিকিপিডিয়া চন্দ্ৰলৈ'। কি নো, এই ৱিকিপিডিয়া চন্দ্ৰলৈ??

ৱিকিপিডিয়া বিশ্বৰ সৰ্ববৃহৎ বিশ্বকোষ-- পৃথিৱীৰ সকলো জ্ঞানৰ এক প্ৰতীক চিহ্ন বুলি ক'লেও হয়টো কোনোৱেও বেয়া নাপায়। তদুপৰি, ই অ-ব্যৱসায়িক। ই জ্ঞানৰ বেপাৰ নকৰে, বিলায়। ৱিকিপিডিয়াৰ সমল, সদায় পাব্লিক ড'মেইনত। ৱিকিপিডিয়াই যে বিশ্বৰ অনেক দুখীয়া শিক্ষাৰ্থীক সহায় কৰিছে, সেয়া সহজবোধ্য। ই সহায় কৰিছে আন বহুতকো, যিয়ে নিজৰ অধ্যয়নৰ বাবে ৱিকিপিডিয়া ব্যৱহাৰ কৰে। তাৰেই এটি গোট, জাৰ্মানীৰ 'পাৰ্ট টাইম চাইণ্টিষ্টছ', যাৰ কৃতজ্ঞতাৰ স্বৰূপ এই প্ৰকল্প।

আঁচনিখন হ'ল এয়া--

পাৰ্ট টাইম চাইণ্টিষ্টছে চন্দ্ৰলৈ এখন ৰ'ভাৰ প্ৰেৰণ কৰিব। সেই ৰ'ভাৰত আন আন বস্তুৰ লগতে থাকিব এখন ডিস্ক-- আকাৰ ২০ জি বি। এই ডিস্কতেই যাব ৱিকিপিডিয়াৰ বিশেষ কিছু প্ৰবন্ধ। ৱিকিপিডিয়াৰ মানে, প্ৰায় ৩০০ ভিন ভিন ভাষাৰ প্ৰবন্ধ! পিচে, ৱিকিপিডিয়াৰ ৩ কোটি ৯০ লাখ প্ৰবন্ধৰপৰা, প্ৰেৰণ কৰিবলগীয়া প্ৰবন্ধ কেনেকৈ চয়ন কৰা হ'ব?? হৈছিল, এই বিষয়েও দীঘলীয়া আলোচনা কৰা হৈছিল। নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল (ময়ো ভোটদান কৰিছিলো)। আৰু সিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে সকলো ভাষাৰ ৱিকিপিডিয়াৰে সকলো নিৰ্বাচিত প্ৰবন্ধ আৰু তালিকা (ফিচাৰ্ড আৰ্টিকল্স এণ্ড লিষ্টছ) প্ৰেৰণ কৰা হ'ব। অসমীয়া ৱিকিপিডিয়াৰো সকলো বৈশিষ্টপূৰ্ণ সমল প্ৰেৰণ কৰা হ'ব।

পিচে কেইটা যাব অসমীয়া ভাষাৰ প্ৰবন্ধ।? ৮টা। আনহাতে, ১১টা বাংলা, ৮টা গুজৰাটী, ৩৩টা হিন্দী, ১৭টা মৈথিলী, ৪৭টা নেপালী প্ৰবন্ধ আদি প্ৰেৰণ কৰা হ'ব। কেইটা প্ৰেৰণ কৰিব পাৰি? যিমান প্ৰবন্ধ উন্নীত কৰি নিৰ্বাচিত প্ৰবন্ধৰ স্তৰলৈ আনিব পাৰি সিমান! ৪৮১৭টা ইংৰাজী, ১৫৩২টা ফৰাচী, ২৪৪২টা জাৰ্মান প্ৰবন্ধ প্ৰেৰণ কৰা হ'ব।

প্ৰশ্নটো হ'ল, আমি ৩ কোটি ২০ লাখ অসমীয়াই ৮টাহে প্ৰবন্ধ প্ৰেৰণ কৰিম নে? যেতিয়া তাতকৈ শ শ গুণ অধিক প্ৰবন্ধ প্ৰেৰণ কৰাৰ সুযোগ আহি পৰিছে??

হয়, সকলোৰে সেই কথাই হয়টো মনলৈ আহিছে। বৃহৎ সংখ্যক প্ৰবন্ধ প্ৰেৰণ কৰিবলৈ হয়টো মনো গৈছে। কিন্তু যদি সকলোৰে এতিয়া এইখিনি পঢ়ি তেনে কৰিবলৈ মন গৈছেই, কেৱল ৮টাহে প্ৰবন্ধ এতিয়ালৈকে উন্নীত হৈছে কিয়?? কথাটো হ'ল, আমাৰ কৰ্মীৰ সংখ্যা কম, কম মানে, অতিকৈ কম! অনেকে ৱিকিপিডিয়াৰ কথা নাজানেই, অনেকে জানিলেও এই কথা নাজানে যে অসমীয়া ৱিকিপিডিয়াত নিজেই প্ৰবন্ধ লিখিব পাৰি!!

পিচে, সেই বুলি বহি থাকিলে হ'ব জানো? কৰ্মী নাই যদি কৰ্মী গোটাব নোৱাৰো জানো? নোৱাৰিলেও, চেষ্টাটো কৰিব পৰা যাব! এতিয়াতো মানুহক ক'বলৈ এটি আমোদজনক কাৰণো উলাইছে-- অসমীয়া ৱিকিপিডিয়াত লিখক! ভালকৈ লিখিলে আপোনাৰ প্ৰবন্ধ ৰ'ভাৰত উঠাই চন্দ্ৰলৈ প্ৰেৰণ কৰা হ'ব! যি কি নহওক, আহক আমি লাগি থকা ৱিকিপিডিয়ানকেইটাই মিলি মেলিয়েই অন্ততঃ ২০টা প্ৰবন্ধ প্ৰেৰণ কৰিবলৈ যত্ন কৰো। প্ৰবন্ধৰ মান উন্নীত কৰো।

সময় মাথো ৩০ অক্টোবৰলৈ।

আহক, সকলোৱে কাম আৰম্ভ কৰো, অসমীয়া ভাষা সৌৰ-জগৎ সভালৈ যাবলৈ ওলাইছেই যেতিয়া, অলপ সুন্দৰ হৈ, কহিনুৰ নহ'লেও, কিবা এটাটো পিন্ধি যাওক!